ETV Bharat / state

Sahitya Akademi Award 2023: ৰথীন্দ্ৰ নাথ গোস্বামীলৈ শিশু সাহিত্য অকাদেমী বঁটা

author img

By

Published : Jun 23, 2023, 5:09 PM IST

Updated : Jun 23, 2023, 7:45 PM IST

Sahitya Akademi Award 2023
ঘোষণা হ'ল সাহিত্য অকাদেমী বঁটা

"পোৱালমণি আৰু চিচিঙৰ দু:সাহসিক অভিযান" উপন্যাসখনৰ বাবে ৰথীন্দ্ৰ নাথ গোস্বামীলৈ শিশু সাহিত্য অকাদেমী বঁটা । "মন মৰা তৰা" নামৰ চুটিগল্পৰ কিতাপখনৰ বাবে জিন্তু গীতাৰ্থলৈ যুৱ সাহিত্য অকাদেমী বঁটা ।

গুৱাহাটী,২৩ জুন: অসমীয়া শিশু সাহিত্যৰ জনপ্ৰিয় চৰিত্ৰ “চিচিং”ৰ স্ৰষ্টা আৰু শিশুৰ বাবে প্ৰথম ভ্ৰমণ কাহিনী “বিদেশী বন্ধুৰ দেশত” গ্ৰন্থৰ লেখক ৰথীন্দ্ৰ নাথ গোস্বামীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাদেমী শিশু সাহিত্য বঁটা । চলিত বৰ্ষৰ বাবে ৰথীন্দ্ৰ নাথ গোস্বামীলৈ শিশু সাহিত্য অকাদেমী বঁটা আগবঢ়োৱা হৈছে । "পোৱালমণি আৰু চিচিঙৰ দু:সাহসিক অভিযান" উপন্যাসখনৰ বাবে গোস্বামীলৈ এই বঁটা আগবঢ়োৱা হয় ।

উল্লেখ্য যে শান্তনু তামুলীৰ দ্বাৰা সম্পাদিত জনপ্ৰিয় মাহেকীয়া শিশু আলোচনী 'মৌচাক'ৰ যোগেদি চিচিং নামৰ চৰিত্ৰটিয়ে পাঠকৰ মনত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল । লগতে শুকুৰবাৰে ঘোষণা কৰা হয় সাহিত্য অকাদেমীৰ যুৱ সাহিত্য অকাডেমী (অসমীয়া) ২০২৩ বঁটা । তৰুণ গল্পকাৰ জিন্তু গীতাৰ্থলৈ আগবঢ়োৱা হয় যুৱ সাহিত্য অকাদেমী বঁটা ।

"মন মৰা তৰা" নামৰ চুটিগল্পৰ কিতাপখনৰ বাবে জিন্তু গীতাৰ্থলৈ এই বঁটা আগবঢ়োৱা হয় । উল্লেখ্য যে অসমীয়া শিশু সাহিত্যলৈ উল্লেখযোগ্য বৰঙনি আগবঢ়োৱা ৰথীন্দ্ৰ নাথ গোস্বামীয়ে সাহিত্য জগতখনত খোজ দিয়াত মৌচাকৰ বিশেষ অৱদান আছে । ৰথীন্দ্ৰনাথ গোস্বামীৰ সৃষ্ট শিশুসকলৰ অতি প্ৰিয় চৰিত্ৰ “চিচিং”ক লৈ বিগত তিনিটা দশকজুৰি শদিয়াৰ পৰা ধুবুৰীলৈ ভালেকেইটা প্ৰজন্মৰ অকণিয়ে অলেখ কাহিনী লিখি আহিছে ।

উল্লেখ্য যে চিচিং, হ’বি, পোৱালমণি আৰু চিচিঙৰ দুঃসাহসিক অভিযান, বিদেশী বন্ধুৰ দেশত, কিংকিনীৰ বিদ্ৰোহ, বিজ্ঞানে আনিব জোৱাৰ, অংক জংক পংক', ৰথীন মামাৰ অংকৰ মজা, চলন্ত মহাদেশ গতিশীল পৃথিৱী আদি বহুকেইখন তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ । লেখক হিচাপে শান্তনু তামূলীৰ সম্পাদিত জনপ্ৰিয় শিশু আলোচনী “মৌচাক”ৰ যোগেদি আত্মপ্ৰকাশ ঘটা ৰথীন্দ্ৰ নাথ গোস্বামীয়ে বিজ্ঞান, সাহিত্য, কল্পবিজ্ঞান, ভ্রমণ কাহিনী, শিশু সাহিত্যকে আদি কৰি বিবিধ প্ৰবন্ধেৰে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই আহিছে ।

যোৰহাটত জন্ম গ্ৰহণ কৰা ৰথীন্দ্ৰ নাথ গোস্বামীৰ পিতৃ সাহিত্যাচার্য যতীন্দ্রনাথ গোস্বামী । ৰথীন্দ্ৰ নাথ গোস্বামীয়ে ১৯৮৭ চনত ভূতত্ব বিষয়ত স্নাতক ডিগ্রী লাভ কৰাৰ পাছত ১৯৯২ চনত অসম প্রশাসনিক সেৱাৰ বিষয়া হিচাপে যোগদান কৰে যদিও পৰৱৰ্তী কালত এই পদৰ পৰা ইস্তফা দি তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ ভূতত্ত্ববিদ হিচাপে যোগদান কৰে । সৃষ্টিৰ বিশালতাৰে শিশু সাহিত্যলৈ উল্লেখযোগ্য বৰঙনি আগবঢ়োৱা ৰথীন্দ্ৰনাথ গোস্বামীৰ দ্বাৰা ৰচিত 'পাৰস্যত এভুমুকি' নামৰ ভ্ৰমণ কাহিনীটো ইতিমধ্যে অসমৰ চৰকাৰৰ পাঠ্যপুথি প্ৰনয়ন বিভাগে দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিত সন্নিৱিষ্ট কৰিছে ।

এই ভ্ৰমণ কাহিনীটোৱে ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক আৰু বৌদ্ধিক বিকাশত বহুখিনি সহায় কৰিছে । বিজ্ঞান চৰ্চাক জনপ্ৰিয় কৰাত অগ্ৰণী ভূমিকা লোৱা গোস্বামীয়ে কৰ্মব্যস্ততাৰ মাজতে সাংবাদিকতা আৰু সম্পাদনাৰ কামো নিৰলসভাৱে কৰি আহিছে । ইফালে তৰুণ প্ৰজন্মৰ গল্পকাৰ জিন্তু গীতাৰ্থই সাহিত্যৰ ক্ষেত্রখনত নিজৰ সৃষ্টিশীলতাৰে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

আনহাতে বড়ো ভাষাত ২০২৩ বৰ্ষৰ সাহিত্য অকাদেমী যুৱ পুৰস্কাৰ মাইনাওশ্রী দৈমাৰীলৈ আগবঢ়োৱা হৈছে । সেইদৰে বড়ো ভাষাত শিশু সাহিত্য অকাদেমী বঁটা প্রতিমা নন্দী নাৰ্জাৰীলৈ আগবঢ়োৱা হৈছে । তদুপৰি নেপালী ভাষাত সাহিত্য অকাদেমী যুৱ পুৰস্কাৰ নেইনা অধিকাৰীলৈ আগবঢ়োৱা হৈছে । অসমৰ পাঁচগৰাকী সাহিত্যিকলৈ আগবঢ়োৱা হৈছে অকাদেমী বঁটা ।

লগতে পঢ়ক: AJYCP hold protest in Dhemaji:অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট

Last Updated :Jun 23, 2023, 7:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.