Seminar on Assam Film Policy: গুৱাহাটীত ৰাজ্যিক চলচ্চিত্ৰ নীতিৰ সন্দৰ্ভত আলোচনা চক্ৰ

author img

By

Published : Jan 23, 2023, 9:51 PM IST

Seminar on Assam Film Policy held at AASC in Guwahati

খানাপাৰাৰ প্ৰসাশনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম ৰাজ্যিক চলচ্চিত্ৰ আৰু বিত্ত উন্নয়ন নিগমৰ উদ্যোগত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় (Seminar on Assam Film Policy) ৷ অসম ৰাজ্যিক চলচ্চিত্ৰ নীতি ২০১৯ক গতিশীল কৰি তোলা আৰু এই ক্ষেত্ৰত বৰ্তমানৰ চলচ্চিত্ৰ নীতিৰ সংশোধনী অনাৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত অনুষ্ঠিত হয় এই বৈঠক ৷

গুৱাহাটী, 23 জানুৱাৰী: অসম ৰাজ্যিক চলচ্চিত্ৰ নীতি ২০১৯ ক গতিশীল কৰি তোলা আৰু এই ক্ষেত্ৰত বৰ্তমানৰ চলচ্চিত্ৰ নীতিৰ সংশোধনী অনাৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত গুৱাহাটীৰ খানাপাৰাৰ প্ৰসাশনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম ৰাজ্যিক চলচ্চিত্ৰ আৰু বিত্ত উন্নয়ন নিগমৰ উদ্যোগত সোমবাৰে এক আলোচনা চক্ৰ অনুষ্ঠিত হয় (Assam Administrative Staff College) ।

ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ আদি বিভাগৰ মন্ত্ৰী বিমল বড়াৰ অধ্যক্ষতাত (Minister Bimal Borah) অনুষ্ঠিত এই আলোচনা চক্ৰত চলচ্চিত্ৰৰ সৈতে জড়িত ভালেসংখ্যক পৰিচালক, প্ৰযোজক, কলা-কুশলী তথা সাংবাদিকে অংশগ্ৰহণ কৰি বৰ্তমানৰ চলচ্চিত্ৰ নীতিৰ সন্দৰ্ভত আৰু ইয়াৰ সংশোধনী সন্দৰ্ভত মতামত তথা বিভিন্ন পৰামৰ্শ আগবঢ়ায় । আলোচনা চক্ৰখনত মন্ত্ৰী বিমল বড়াই অসমীয়া চলচ্চিত্ৰৰ বিকাশৰ বাবে এখন ফলপ্ৰসূ চলচ্চিত্ৰ নীতি কাৰ্যকৰী কৰাৰ দিশত চৰকাৰৰ সদিচ্ছাৰ কথা দোহাৰে (Seminar on Assam Film Policy held at AASC) ।

অসমত ছবিগৃহৰ সমস্যাৰ কথা উল্লেখ কৰি আলোচনাত অংশগ্ৰহণ কৰা সৰহভাগ বক্তাই চৰকাৰী আৰু ব্যক্তিগত যৌথ উদ্যোগত ছবি গৃহ নিৰ্মাণৰ পোষকতা কৰে । প্ৰযোজক পৰামৰ্শদাতা দীপক দত্তই চৰকাৰী পৃষ্ঠ পোষকতাত অহৰহ অসমীয়া তথা আঞ্চলিক চলচ্চিত্ৰ চলি থাকিব পৰাকৈ দুখন পৰ্দা থকা মিনি ছবি গৃহ নিৰ্মাণৰ বাবে মত প্ৰকাশ কৰে ।

বিদ্যালয় পৰ্যায়ত কমেও ১০ নম্বৰৰ চলচ্চিত্ৰ বিষয়ৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তিকৰণ, ড৹ ভূপেন হাজৰিকা চলচ্চিত্ৰ আৰু টেলিভিশন প্ৰতিষ্ঠানত চিত্ৰ নাট্য লিখা পাঠ্যক্ৰম তথা তথ্য চিত্ৰ নিৰ্মাণৰ বিষয় অন্তর্ভুক্ত কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায় । অভিনেতা তৌফিক ৰহমানে সম্প্ৰতি অসমত অসমীয়া ছবি চলাবলৈ মাত্ৰ ২৫ টা চেন্টাৰ থকাৰ কথা উল্লেখ কৰি ছবিগৃহ নিৰ্মাণৰ বিষয়টোত গুৰুত্ব দিয়ে । বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ যোৱা অসমীয়া চলচ্চিত্ৰৰ প্ৰযোজকক আৰ্থিক অনুদান চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱাৰ বিষয়ে মত প্ৰকাশ কৰে পৰিচালক জয় সিং জয় দহোতিয়াই ।

ছবি গৃহৰ স্বত্বাধিকাৰী চিন্ময় শৰ্মাই চলচ্চিত্ৰক এক উদ্যোগ হিচাবে ঘোষণা কৰাৰ সপক্ষে মত প্ৰকাশ কৰাৰ লগতে প্ৰতিটো টিকটৰ ওপৰত থকা ৰাজ্যিক জিএছ টিৰ অংশৰ ৯ শতাংশ প্ৰযোজকক ওভতাই দিয়াৰ বাবে পৰামৰ্শ আগবঢ়ায় । বৰ্তমানৰ চলচ্চিত্ৰ নীতিৰ প্ৰয়োজনীয় সংশোধনৰ বাবে এখন উপ সমিতি গঠনৰো আলোচনা চক্ৰখনত পোষকতা কৰা হয় । ইয়াত চলচ্চিত্ৰ নিৰ্মাতা চন্দ্ৰ মুদৈ, ৰাজেন দাস, সাংবাদিক বিতোপন বৰবৰা, পৰিচালিকা ববী শৰ্মা বৰুৱা, প্ৰযোজক সঞ্জীব নাৰায়ণ আদিয়েও চলচ্চিত্ৰ নিৰ্মাণৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা আগবঢ়ায় ।

শেষত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই এই দিশত অধিক আলোচনাৰ পোষকতা কৰি পৰবৰ্তী পৰ্যায়ত চলচ্চিত্ৰৰ সৈতে জড়িত বিভিন্ন সংস্থাৰ সৈতে পৃথকে পৃথকে আলোচনা কৰাৰ কথা ব্যক্ত কৰে । আলোচনা চক্ৰখনৰ আৰম্ভণিতে অসম ৰাজ্যিক চলচ্চিত্ৰ আৰু বিত্ত উন্নয়ন নিগমৰ পৰিচালন সঞ্চালিকা মণিদিপা বৰকটকী য়ে চৰকাৰৰ বৰ্তমানৰ চলচ্চিত্ৰ নীতি সন্দৰ্ভত বক্তব্য দাঙি ধৰে । আলোচনা চক্ৰখনিত অসম ৰাজ্যিক চলচ্চিত্ৰ আৰু বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ, সাংস্কৃতিক বিভাগৰ সচিব লয়া মাদুৰীও উপস্থিত আছিল ৷

লগতে পঢ়ক: Pathan Film Controversy: পাঠান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.