সলনি হ'ল সৰ্বানন্দ সোণোৱালৰ ঠিকনা

author img

By

Published : May 21, 2022, 5:20 PM IST

Former chief minister Sarbananda Sonowals address changed in Guwahati

গুৱাহাটী মহানগৰীৰ জ্যোতিকুছি অঞ্চলৰ এক নং কাৰ্বি পথৰ বাসিন্দা হ'ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । এটা সময়ত পৰিয়ালৰ লোক থকা এই ঘৰটো এতিয়া সোণোৱালৰ গুৱাহাটীৰ ঠিকনা । নতুনকৈ মেৰামতি কৰি আটকধুনীয়াকৈ সজাই তোলা হৈছে দুমহলীয়া ঘৰটো (Sarbananda Sonowal address changed in Guwahati) । ৰাজ্য চৰকাৰক গতাই দিলে অ'তদিনে ব্যৱহাৰ কৰি অহা ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাৰ বাসভৱন ।

গুৱাহাটী,২১ মে': প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সলনি কৰিলে ঠিকনা (Sarbananda Sonowal address changed in Guwahati) । মুখ্যমন্ত্ৰী হৈ থকা সময়ৰে পৰা গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত বাহৰ পতা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অৱশেষত সলনি কৰিলে তেওঁৰ গুৱাহাটীৰ ঠিকনা । আনুষ্ঠানিকভাৱে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালা ত্যাগ কৰি তেওঁ গুৱাহাটীত থকা নিজ গৃহলৈ গ'ল ।

মুখ্যমন্ত্ৰী হিচাপে ৫ বছৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী হিচাপে প্ৰায় এবছৰ তেওঁ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাৰ আৱাসী আছিল । কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পিছতো বিগত এবছৰকাল ধৰি বসবাস কৰি থকা খাৰখুলিৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাটো শুকুৰবাৰে তেওঁ ৰাজ্য চৰকাৰক গতাই দিয়ে । ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগলৈ এক পত্ৰ প্ৰেৰণ কৰি সোণোৱালে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাৰ এটা মহলাত থকা তেওঁৰ বাসভৱনটো এৰি দিছে ।

Former chief minister Sarbananda Sonowals address changed in Guwahati
গুৱাহাটীত সলনি হ'ল সৰ্বানন্দ সোণোৱালৰ ঠিকনা

এতিয়াৰে পৰা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ গুৱাহাটীৰ ঠিকনা হ'ল জ্যোতিকুছিৰ ১ নং কাৰ্বি পথত থকা তেওঁৰ ঘৰটো (Sarbananda Sonowals new address is Jyotikuchi Karbi Path) । উল্লেখ্য যে ২০১৬ চনত ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত সোণোৱালে নিজৰ চৰকাৰী বাসভৱন হিচাপে বাচি লৈছিল ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাটোক (Brahmaputra State Guest House)। সুদীর্ঘ পাঁচ বছৰ তাত থাকিয়েই তেওঁ মুখ্যমন্ত্ৰীৰ দায়িত্ব সম্পাদন কৰে ।

২০২১ চনত কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত ৰাজ্য চৰকাৰে সেই অতিথিশালাৰ এটা মহলা সোণোৱালৰ বাসভৱন হিচাপে আবণ্টন দিছিল যদিও শেহতীয়াকৈ সোণোৱালে জ্যোতিকুছিৰ ১ নং কাৰ্বি পথত থকা তেওঁৰ ঘৰটোতে থাকিবলৈ সিদ্ধান্ত লয় আৰু ঘৰটোৰ প্ৰয়োজনীয় মেৰামতিৰ কাম আৰম্ভ কৰে ।

Former chief minister Sarbananda Sonowals address changed in Guwahati
গুৱাহাটীত ঠিকনা সলনি হ'ল সৰ্বানন্দ সোণোৱালৰ ঠিকনা

সম্প্ৰতি ঘৰটোৰ যাৱতীয় মেৰামতি সম্পূৰ্ণ হোৱাৰ পিছত তেওঁ শুকুৰবাৰে ঠিকনা সলনি কৰে । উল্লেখ্য যে বিগত বৰ্ষৰ জুন মাহতে গুৱাহাটীৰ জ্যোতিকুছিৰ ১ নং কাৰ্বি পথৰ দুমহলীয়া ঘৰটো নতুন ৰূপ দি সজাই পৰাই তোলা হৈছিল । সেই সময়ত তেওঁ নিজা ঘৰটোলৈ অহাৰ কথা আছিল । কিন্তু সেই সময়ত তেওঁ অহা নাছিল যদিও অৱশেষত সলনি কৰিলে ঠিকনা ।

গুৱাহাটী মহানগৰীৰ জ্যোতিকুছি অঞ্চলৰ এক নং কাৰ্বি পথৰ সেই ভূ-সম্পদ তেওঁৰ মাতৃয়ে গঢ় দিছিল । জানিব পৰা মতে ৯০ৰ দশকত তেওঁৰ তিনি ভাতৃয়ে তাত এটা অট্টালিকা সাজিছিল । এটা সময়ত সেই ঘৰটোত তেওঁৰ পৰিয়ালৰ লোকে বসবাস কৰিছিল । বিগত কিছুবছৰ ধৰি ঘৰটো অব্যৱহৃত হৈ আছিল যদিও সুৰক্ষাকৰ্মী নিয়োজিত হৈ আছিল ।

বিগত বৰ্ষতেই দুমহলীয়া ঘৰটো মেৰামতি কৰি আটকধুনীয়াকৈ সজাই তোলা হৈছিল । অৱশেষত তেওঁ নিজ গৃহলৈ আহিল । গুৱাহাটীত থাকিলে এতিয়াৰে পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ঠিকনা হ'ব জ্যোতিকুছিৰ ১ নং কাৰ্বি পথ ।

লগতে পঢ়ক: আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত অসম আৰু কেৰালাৰ মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.