ETV Bharat / state

Adaroni Service Drivers Protest: আদৰণি সেৱা পুনৰ প্ৰৱৰ্তনৰ দাবীত অনিৰ্দিষ্টকালীন অনশন

author img

By

Published : Jan 4, 2023, 5:29 PM IST

চচলত আদৰণি সেৱা কৰ্মচাৰীৰ প্ৰতিবাদ । আদৰণি সেৱা বন্ধৰ চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সদৌ অসম আদৰণি সেৱা চালক আৰু কৰ্মচাৰী সন্থাৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক আদৰণি সেৱা চাল আৰু কৰ্মচাৰীৰ প্ৰতিবাদ (protest against discontinue of Adaroni service) ।

protest
protest

আদৰণি সেৱা পুনৰ প্ৰৱৰ্তনৰ দাবীত অনিৰ্দিষ্টকালীন অনশন

গুৱাহাটী, ৪ জানুৱাৰী : ৰাজ্য চৰকাৰে আদৰণি সেৱা বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ অসম আদৰণি চালক আৰু কৰ্মচাৰী সন্থা (Adaroni employees protest) । চৰকাৰে আদৰণি সেৱা বন্ধ কৰাৰ সিদ্ধান্ত উঠাই লোৱাৰ দাবী তুলি বুধবাৰৰ পৰা মহানগৰীৰ চচলস্থিত ধৰ্ণাস্থলীত সদৌ অসম আদৰণি চালক সন্থাৰ উদ্যোগত অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (protest against discontinue of Adaroni service) ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক আদৰণি চালক আৰু কৰ্মচাৰীয়ে হাতে হাতে বেনাৰ, ফেষ্টুন লৈ আদৰণী সেৱা আঁচনি চৰকাৰে বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰক, সকলো দাবী মীমাংসাৰ কাৰণে আলোচনাৰ ব্যৱস্থা কৰক, চৰকাৰে আমাক চলিবলৈ উপায় দিয়ক, আমাৰ দাবী ন্যায্য দাবী আদি বিভিন্ন শ্লোগান দি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে (Adaroni driver association protest) । উল্লেখ্য যে ২০১২ বৰ্ষৰ পৰা এই পৰ্যন্ত প্ৰায় ১০ বছৰ ধৰি অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনত দুখীয়া প্ৰসূতি মাতৃসকলক সুবিধাৰ অৰ্থে আদৰণি সেৱা আঁচনি আৰম্ভ কৰিছিল ।

এই আঁচনিৰ অধীনত ৰাজ্যত চলি আছিল ৩৫০ খন এম্বুলেন্স সেৱা । চালক আৰু কাৰ্যালয়ৰ কৰ্মচাৰীয়ে জনসাধাৰণ তথা প্ৰসূতি মাতৃসকলৰ বিপদসংকুল জৰুৰীকালীন সময়ত সেৱা আগবঢ়াই অহাৰ লগতে কোভিড মহামাৰীৰ সময়তো এই চালকসকলে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি হ'লেও সেৱা আগবঢ়াইছিল । কিন্তু চৰকাৰে শেহতীয়া কেবিনেট সিদ্ধান্ত অনুসৰি, ৩১ ডিচেম্বৰ, ২০২২ত আঁচনিখন বন্ধ কৰি প্ৰসূতি মাতৃসকলক মাত্র ৭০০ টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

যাৰ ফলত আদৰণি চালকসকলৰ অৱস্থা এতিয়া পানীত হাঁহ নচৰাৰ দৰে হৈছে । সেয়ে প্ৰতিবাদকাৰীসকলে অসম চৰকাৰৰ আদৰণি সেৱা বন্ধ কৰাৰ সিদ্ধান্ত অবিলম্বে উঠাই লোৱা, অসম চৰকাৰৰ ন্যূনতম দৰমহা শীঘ্ৰে কাৰ্যকৰী কৰা, EPF, ESI, Gratuity আদিৰ ব্যৱস্থা কৰা, কামৰ সময় শ্রম আইনমতে ধাৰ্য কৰা আদি বিভিন্ন সমস্যা সমধানৰ দাবী তোলে (All Assam Adaroni Driver Association Protest) ।

উল্লেখ্য, বিগত বৰ্ষৰ ৭ ডিচেম্বৰত গুৱাহাটীৰ গান্ধী মণ্ডপত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি গৰ্ভৱতী মহিলাৰ বাবে থকা আদৰণি সেৱা বন্ধ কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে । আদৰণি সেৱাৰ পৰিৱৰ্তে গৰ্ভৱতী মহিলাক চিকিৎসালয়লৈ যাতায়াতৰ বাবদ ৭০০ টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত জমা দিয়া হ’ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত ঘোষণা কৰে (Cabinet decision in Gandhi mandap)।

আনহাতে, অসম চৰকাৰৰ আদৰণি সেৱা বন্ধৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতে তীব্ৰ সংকটত পৰে আদৰণি সেৱাৰ লগত জড়িত কৰ্মচাৰীসকল । যাৰ বাবে উক্ত সেৱাৰ লগত জড়িত থকা থলুৱা কৰ্মচাৰীসকলে তেওঁলোকৰ কৰ্মসংস্থাপন সুনিশ্চিত কৰাৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আদৰণি চালক তথা অন্যান্য কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ।

ইতিমধ্যে ডিব্ৰুগড় জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ চৌহদতো চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি শীঘ্ৰে এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । আনহাতে, যোৱা ১৪ ডিচেম্বৰত গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত প্ৰতিবাদত বহে আদৰণি চালকসকল । একেদৰে শিৱসাগৰতো আদৰণি সোৱাৰ চালকসকলে এই সেৱা বন্ধৰ চৰকাৰী ঘোষণাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক :Eviction in Nagaon: নগাঁৱত পুনৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.