ETV Bharat / state

মহানগৰীৰ পানবাৰীত হাতী পোৱালি উদ্ধাৰ

author img

By

Published : Sep 22, 2020, 6:25 PM IST

মহানগৰীৰ পানবাৰীত এটি প্ৰায় এমহীয়া বনৰীয়া হাতী পোৱালি উদ্ধাৰ ৷ সোমবাৰে নিশাৰ পৰা বৰষুণত তিতি আছে হাতী পোৱালিটো ৷ বন বিভাগে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে ৷ যি কোনো মুৰ্হূততে বিপদ ঘটিব পাৰে হাতী পোৱালিটোৰ ৷

panbari elephant rescue
মহানগৰীৰ পানবাৰীত হাতী পোৱালি উদ্ধাৰ

গুৱাহাটী,22 ছেপ্তেম্বৰঃ মহানগৰীৰ পানবাৰীত এটি প্ৰায় এমহীয়া বনৰীয়া হাতী পোৱালি উদ্ধাৰ ৷ সোমবাৰে নিশা পানবাৰীৰ গাৰো গাঁৱৰ এঘৰ মানুহৰ ঘৰত উদ্ধাৰ কৰা হৈছে হাতী পোৱালিটো ৷ উল্লেখযোগ্য যে, এই মুহূৰ্ততলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে । সোমবাৰে নিশাৰ পৰা বৰষুণত তিতি আছে হাতী পোৱালিটো ৷

panbari elephant rescue
মহানগৰীৰ পানবাৰীত হাতী পোৱালি উদ্ধাৰ

ইপিনে হাতী পোৱালিটোক বৰ্তমান পৰ্যন্ত চিকিৎসা প্ৰদান নকৰাৰ লগতে খাদ্যৰ যোগান নধৰাৰ অভিযোগ উঠিছে বন বিভাগৰ বিৰুদ্ধে ৷ বন বিভাগৰ পৰিবৰ্তে স্থানীয় লোকে যোগান ধৰিছে খাদ্য ৷ বন বিভাগৰ দায়িত্বজ্ঞান হীনতাৰ বাবে যি কোনো মুহূতৰ্তে বিপদ ঘটিব পাৰে হাতী পোৱালিটোৰ ৷

লগতে পঢ়কঃ তিনিচুকীয়াত চাহ মজদুৰ সংঘৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.