Padma Awards 2023 : ভিন্ন ক্ষেত্ৰৰ তিনি অসমীয়ালৈ পদ্মশ্ৰী সন্মান

author img

By

Published : Jan 25, 2023, 10:50 PM IST

Padma Awards 2023

দেশৰ গৃহ মন্ত্ৰণালয়ে ঘোষণা কৰিলে 2023 বৰ্ষৰ পদ্ম সন্মান (Padma Awards 2023)৷ সেই অনুসৰি অসমৰ তিনিগৰাকীয়ে লাভ কৰিলে পদ্মশ্ৰী সন্মান ৷ আনহাতে মুঠ 6 গৰাকী ভিন্ন ক্ষেত্ৰৰ বিশেষ ব্যক্তিলৈ পদ্ম বিভূষণ, 9 গৰাকীলৈ পদ্মভূষণ আৰু সৰ্বমুঠ 91 গৰাকীলৈ পদ্মশ্ৰী সন্মান ঘোষণা কৰা হয় ৷

নিউজ ডেস্ক, 25 জানুৱাৰী : গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত দেশৰ গৃহ মন্ত্ৰণালয়ে ঘোষণা কৰিলে 2023 বৰ্ষৰ পদ্ম সন্মান প্ৰাপকৰ নাম (Padma Awards 2023)৷ বুধবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে গৃহ মন্ত্ৰণালয়ে ঘোষণা কৰিলে 2023 বৰ্ষৰ বাবে পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী প্ৰাপকসকলৰ নাম ৷ দেশৰ 6 গৰাকী ভিন্ন ক্ষেত্ৰৰ বিশেষ ব্যক্তিলৈ পদ্ম বিভূষণ, 9 গৰাকীলৈ পদ্মভূষণ আৰু সৰ্বমুঠ 91 গৰাকীলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে ৷ ইয়াৰে অসমৰ তিনিগৰাকী পুৰোধালৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান (Padma Shri 2023 to Assamese)৷

বুধবাৰে ঘোষণা কৰা পদ্ম বিভূষণ প্ৰাপকসকল ক্ৰমে গুজৰাটৰ বালকৃষ্ণ যোশী, মহাৰাষ্ট্ৰৰ জাকিৰ হুছেইন, কৰ্ণাটকৰ এছ এম কৃষ্ণ, পশ্চিম বংগৰ দিলীপ মহালনাৱিশ(মৰণোত্তৰভাৱে), আমেৰিকাৰ শ্ৰীনিৱাশ বৰাধন আৰু উত্তৰ প্ৰদেশৰ মূলায়ম সিং যাদৱ ৷

আনহাতে অসমৰ তিনিগৰাকী বিশেষ ব্যক্তিলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান ৷ পদ্মশ্ৰী সন্মান প্ৰাপককেইগৰাকী হৈছে ক্ৰমে শিপিনী হেমপ্ৰভা চুতীয়া(Weaver Hemprabha Chutia), মুখাশিল্পী হেমচন্দ্ৰ গোস্বামী(Mask Artist Hem Chandra Goswami) আৰু সমাজকৰ্মী ৰামকুইৱাংবে জেনি (Social worker Ramkuiwangbe Jene)৷

ইফালে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ মু্​ঠ 12 গৰাকীলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান ৷ অসমৰ বাদে উত্তৰ পূৰ্বাঞ্চলৰ আনসকল সন্মানপ্ৰাপক হ’ল- ত্ৰিপুৰাৰ শিক্ষাবিদ নৰেন্দ্ৰ চন্দ্ৰ দেৱবৰ্মা(মৰণোত্তৰভাৱে) আৰু সমাজক্ৰমী বিক্ৰম বাহাদুৰ জামাতিয়া, মেঘালয়ৰ শিল্পী ৰিছিংৱৰ কুৰকালাং, মিজোৰামৰ শিল্পী কে. চি. ৰুনৰেমচাঙি, মণিপুৰৰ ক্ৰীড়াবিদ কে ছানাথইবা শৰ্মা, মণিপুৰৰ থাউনাউজাম চাওবা ছোদ, নাগালেণ্ডৰ শিল্পী লেইহুলোউ ছৰ্হাই আৰু শিল্পী মৱা ছুবং, অৰুণাচল প্ৰদেশৰ সমাজকৰ্মী কৰ্মা ৱাংচু(মৰণোত্তৰভাৱে) ৷

লগতে পঢ়ক: SRK Pathan Controversy : পাঠানক এখন দেশপ্ৰেমমূলক ছবি আখ্যা সহ-অভিনেতা দিগন্ত হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.