ETV Bharat / state

মহানগৰীৰ চচলত কেব সেৱাৰ মালিক আৰু চালকৰ আমৰন-অনশন

author img

By

Published : Dec 15, 2020, 3:55 PM IST

Updated : Dec 15, 2020, 4:52 PM IST

ভাড়াৰ নিৰিখ নিৰ্দ্ধাৰণ, কমিচন ১০ং লৈ হ্ৰাস কৰা, চালক সকলৰ নিৰাপত্তা , যাত্ৰীৰ KYC কৰাকে আদি কৰি কেইবাটাও দাবীৰে ১২ ঘন্টীয়া অনশনত বহে চালক সকল ৷ ইপিনে চালকসকলে দাবী উত্থাপন কৰে যে, বহিৰাগত বনিয়া সকলে তেওঁলোকৰ ওপৰত বিভিন্ন লুণ্ঠন চলাই আহিছে ৷

মহানগৰীৰ চচলত কেব সেৱাৰ মালিক আৰু চালকৰ আমৰন-অনশন
মহানগৰীৰ চচলত কেব সেৱাৰ মালিক আৰু চালকৰ আমৰন-অনশন

গুৱাহাটী,15 ডিচেম্বৰঃ মঙলবাৰে মহানগৰীৰ চচলত কেব সেৱাৰ মালিক আৰু চালকৰ আমৰন-অনশন কাৰ্যসূচী ৰূপায়ন ৷ অলা-উবেৰ কোম্পানীয়ে দীৰ্ঘদিনে চলাই অহা শোষণ, লুন্ঠনৰ বিৰুদ্ধে প্ৰতিবাদত নামে কেব সেৱাৰ মালিক আৰু চালক ৷

উল্লেখযোগ্য যে, ভাড়াৰ নিৰিখ নিৰ্দ্ধাৰণ, কমিচন ১০ং লৈ হ্ৰাস কৰা, চালক সকলৰ নিৰাপত্তা, যাত্ৰীৰ KYC কৰাকে আদি কৰি কেইবাটাও দাবীৰে ১২ ঘন্টীয়া অনশনত বহে চালক সকল ৷ ইপিনে চালকসকলে দাবী উত্থাপন কৰে যে, বহিৰাগত বনিয়া সকলে তেওঁলোকৰ ওপৰত বিভিন্ন লুণ্ঠন চলাই আহিছে ৷

মহানগৰীৰ চচলত কেব সেৱাৰ মালিক আৰু চালকৰ আমৰন-অনশন

আনহাতে অলা উবেৰৰ কৰ্তৃপক্ষই কৰা এনে বঞ্চনাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী উত্থাপন কৰিছে কেব সেৱাৰ মালিক আৰু চালকে ৷ উল্লেখযোগ্য যে, ৰাজ্যৰ বহু নিবনুৱা যুৱকে অলা উবেৰৰ গাড়ী চলাই পৰিয়াল পোহপাল দি আহিছে ৷ কিন্তু দিন বাগৰাৰ লগে লগে অলা উবেৰ কৰ্তৃপক্ষই শোষন চলাইছে চালক সকলক ৷ যাৰ বিৰুদ্ধে বহুদিন ধৰি চালক সকলে আপত্তি কৰি আহিছিল যদিও কোনো গুৰুত্ব দিয়া নাছিল দুয়োটা প্ৰতিষ্ঠানে ৷ ফলত প্ৰতিষ্ঠান দুটাৰ ওপৰত খৰ্গগস্ত হৈ প্ৰতিবাদত নামিছে কেব সেৱাৰ মালিক আৰু চালক ৷


লগতে পঢ়কঃ বিটিচি পৰিষদৰ মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ প্ৰমোদ বড়োৰ

Last Updated : Dec 15, 2020, 4:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.