MLA office in each constituency: সমষ্টিয়ে সমষ্টিয়ে নিৰ্মাণ হ’ব বিধায়কৰ কাৰ্যালয়

author img

By

Published : Dec 4, 2022, 3:42 PM IST

Offices will be built for each constituency MLA in each district

ঋণৰ ওপৰত নির্ভৰ কৰা চৰকাৰখনে এইবাৰ প্ৰতিখন জিলাতে প্ৰতিটো সমষ্টিৰ বিধায়কৰ বাবে নিৰ্মাণ কৰিব কাৰ্যালয়(offices for each constituency MLA) । বিধায়কৰ কাৰ্যালয়ৰ বাবে এবিঘাকৈ মাটি বিচাৰি ৰাজহ বিভাগক প্ৰস্তাৱ বিধানসভা সচিবালয়ৰ প্ৰধান সচিবৰ(Offices will be built for each constituency MLA in each district)। সকলো জিলা উপায়ুক্তক এবিঘাকৈ মাটি আবণ্টন দিয়াৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ জাৰি । বিধায়কৰ কাৰ্যালয়ত নিয়োজিত ঠিকাভিত্তিক কৰ্মচাৰীৰ দৰমহা দিব বিধানসভা সচিবালয়ে ।

গুৱাহাটী,৪ ডিচেম্বৰ: ঋণৰ ওপৰত ঋণ লৈ তৎ নোপোৱা ৰাজ্য চৰকাৰে কিন্তু জনপ্ৰতিনিধিসকলৰ কথা চিন্তা নকৰাকৈ থকা নাই(Debt burden on Assam government) । সমস্যাজৰ্জৰ ৰাজ্যখনৰ তথা জনসাধাৰণৰ কথা চিন্তা কৰিবলৈ আহৰি নেপালেও কিন্তু জনপ্ৰতিনিধি সকলৰ সা-সুবিধাৰ প্ৰতি দৃষ্টি ৰাখিছে চৰকাৰখনে(Offices will be built for each constituency MLA in each district) । বিত্তীয় পৰিস্থিতিৰ জোৰা মাৰিবলৈ মুকলি বজাৰৰ ঋণৰ ওপৰত নির্ভৰ কৰা চৰকাৰখনে এইবাৰ প্ৰতিখন জিলাতে প্ৰতিটো সমষ্টিৰ বিধায়কৰ বাবে বিধায়কৰ কাৰ্যালয় নির্মাণৰ নামত কোটি কোটি টকা ব্যয় কৰিবলৈ ওলাইছে (For MLAs there will be a constituency office )।

Offices will be built for each constituency MLA in each district
MLA office in each constituency: সমষ্টিয়ে সমষ্টিয়ে নিৰ্মাণ হ’ব বিধায়ক কাৰ্যালয়

ইমানেই নহয়, সেই কাৰ্যালয়ত ঠিকাভিত্তিক নিয়োজিত হ'বলগীয়া বিষয়া-কৰ্মচাৰীসকলৰ মাহিলি দা-দৰমহাকে ধৰি অন্যান্য খা-খৰচবোৰো বিধানসভা সচিবালয়ৰ তৰফৰ পৰা বহন কৰা হ’ব । জিলাই জিলাই বিধায়কৰ কার্যালয় নির্মাণৰ পদক্ষেপ হিচাপে বিধানসভাৰ সচিবে ৰাজহ বিভাগৰ আয়ুক্ত-সচিবগৰাকীৰ জৰিয়তে সকলো জিলা উপায়ুক্তক এবিঘাকৈ মাটি আবণ্টন দিয়াৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে । লক্ষণীয় বিষয় যে সমষ্টিৰ বিধায়কজনৰ সুবিধা হোৱাকৈ জিলা উপায়ুক্তৰ কাৰ্যালয়, মহকুমাধিপতিৰ কাৰ্যালয়, ৰাজহ চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ ওচৰত বা সমষ্টিৰ ভিতৰত উক্ত ভূমিৰ আবণ্টন দিব লাগিব আৰু সেই ভূমিখণ্ডতে বিধায়কবৰ্গৰ কাৰ্যালয় নিৰ্মাণৰ কাম হাতত ল’ব অসম বিধানসভাই (offices for each constituency MLA)।

বিধানসভাৰ এটা সূত্ৰই জানিবলৈ দিয়ামতে বিগত সোণোৱাল চৰকাৰৰ কাৰ্যকালতে বিধানসভাৰ এখন কমিটীৰ ফালৰ পৰা পোনতে বিধায়কবৰ্গৰ বাবে জিলাই জিলাই কাৰ্যালয় স্থাপনৰ প্ৰস্তাৱ উত্থাপন কৰিছিল যদিও সেয়া তেতিয়া গ্ৰহণ কৰা হোৱা নাছিল । কিন্তু এইবাৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নিজেই এইক্ষেত্ৰত উদ্যোগ লৈছে(Legislative assembly speaker Biswajit Daimary) । কোৱা হৈছে যে বিধায়কসকলৰ বাবে নিৰ্ধাৰিত কাৰ্যালয় নির্মাণ হ’লে সমষ্টিৰ ৰাইজে তেওঁক সাক্ষাৎ কৰাৰ লগতে সমষ্টিৰ চৰকাৰী কাম-কাজ তদাৰক কৰাৰ ক্ষেত্ৰতো সহায়ক হ'ব ।

অৱশ্যে সেই কার্যালয়ত ঠিকাভিত্তিক নিযুক্তি হ'বলগীয়া বিষয়া-কৰ্মচাৰীসকল সমষ্টিৰ বিধায়কগৰাকীৰ পছন্দমতে ৫ বছৰৰ বাবে নিয়োজিত কৰা হ'ব আৰু তেওঁলোকৰ দা-দৰমহাসহ সকলো খা-খৰচ বহন কৰিব অসম বিধানসভাই । এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবদ ৰাজকোষৰ বৃহৎ অংকৰ ধন ব্যয় হ'ব । বিত্তীয় সংকটৰ জোৰা মাৰিবলৈ ঋণৰ ওপৰত ঋণ লোৱা আৰু জনতাৰ ওপৰত বিভিন্ন কৰৰ বোজা জাপি দিয়া চৰকাৰখনৰ এই পদক্ষেপ বৰ্ত্তমান সময়ত কিমান গ্ৰহণযোগ্য সেয়া নিশ্চয়কৈ এক বিচাৰ্যৰ বিষয় ।

লগতে পঢ়ক: Ajmal controversial statement : হৰিদ্বাৰৰ সাধু-সন্তই উভতি ধৰিলে আজমলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.