ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jul 22, 2021, 1:00 PM IST

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

NEWS@1
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

কিশোৰীক দলবদ্ধ আক্ৰমণ উদণ্ড যুৱকৰ

ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ দৰে ঘটনা ৷ এনে অধিকাংশ ঘটনাই নিচাসক্ত অৱস্থাত সংঘটিত কৰাৰ কথাও বহু সময়ত পোহৰলৈ আহিছে ৷ এনে সময়তে বুধবাৰে কলগাছিয়াৰ মাজমজিয়াত একাংশ উদণ্ড যুৱকৰ দলবদ্ধ আক্ৰমণৰ বলি হয় কেইগৰাকীমান কিশোৰী ।

ড্ৰাগছসহ আৰক্ষীৰ জালত দুজন

ড্ৰাগছ দৰে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে সম্প্ৰতি ৰাজ্যত আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ এই অভিযানৰ সময়ত কেইবাস্থানত ড্ৰাগছ সৰবৰাহকাৰীৰ লগত আৰক্ষীৰ সংঘৰ্ষৰো সূত্ৰপাত হৈছে ৷ ইতিমধ্যে দেশজুৰি চৰ্চিত হৈছে আৰক্ষীৰ এই ভূমিকা ৷

আত্মসমৰ্পণৰ সম্ভাৱনা এন এল এফ বিৰ মুৰব্বী এম বাথাৰ

বৃহস্পতিবাৰে বিদ্ৰোহী সংগঠন নেচনেল লিবাৰেচন ফ্ৰণ্ট অৱ বড়োলেণ্ড (National Liberation Front of Boroland)ৰ মুৰব্বী এম বাথা(M Batha)ই আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে ৷ সতীৰ্থ কেডাৰসহ ওদালগুৰি জিলাৰ অসম অৰুণাচল প্ৰদেশৰ সীমান্ত হৈ অসমত প্ৰৱেশ কৰিব বিদ্ৰোহী নেতা গৰাকীয়ে ৷

বিজেপি গমনৰ বাতৰিক অসত্য আখ্যা সুশান্ত বৰগোহাঁইৰ

সঁচাই বিজেপিলৈ যাব নেকি থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁই ৷ চচিয়েল মিডিয়াত সৰৱ চৰ্চা হোৱা বিষয়টো সন্দৰ্ভত কৌশলী স্থিতি বিধায়কজনৰ ৷

কিশোৰীক দলবদ্ধ আক্ৰমণ উদণ্ড যুৱকৰ

ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ দৰে ঘটনা ৷ এনে অধিকাংশ ঘটনাই নিচাসক্ত অৱস্থাত সংঘটিত কৰাৰ কথাও বহু সময়ত পোহৰলৈ আহিছে ৷ এনে সময়তে বুধবাৰে কলগাছিয়াৰ মাজমজিয়াত একাংশ উদণ্ড যুৱকৰ দলবদ্ধ আক্ৰমণৰ বলি হয় কেইগৰাকীমান কিশোৰী ।

ৰঙিয়াত RPF জোৱানৰ জালত মানৱ সৰবৰাহকাৰী

ৰঙিয়া ষ্টেচনত তহলদাৰী আৰপিএফে মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা ৪ গৰাকী কিশোৰী আৰু ২ টা কিশোৰসহ মুঠ ১৫ গৰাকী কিশোৰ-কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

আগষ্টত আৰক্ষীয়ে দাখিল কৰিব সাগৰ ধনকাৰ হত্যাকাণ্ডৰ প্ৰথমখন অভিযোগনামা

অপৰাধ শাখাৰ এক সূত্ৰই জনোৱা মতে অহা আগষ্ট মাহৰ প্ৰথম সপ্তাহতে দিল্লী আৰক্ষীয়ে গোচৰটো সন্দৰ্ভত অভিযোগ পত্ৰ দাখিল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । হত্যাকাণ্ডৰ অভিযুক্ত সকলৰ ভিতৰত আছে মল্লযোদ্ধা সুশীল কুমাৰ ।

অচিৰেই ভাৰত ডাইনামিক্সৰ পৰা এয়াৰ মিছাইল লাভ কৰিব ভাৰতীয় বায়ু সেনাই

মঙলবাৰে হায়দৰাবাদৰ কাঞ্চনবাগ গোটৰ পৰা MRSAMৰ প্ৰথমটো ফায়াৰিং গোটৰ প্ৰথমটো মিছাইল উদ্বোধন কৰে ভাৰত ডাইনামিক্স লিমিটেডে(Bharat Dynamics Ltd) । ভাৰতীয় বায়ু সেনাক প্ৰদান কৰাৰ বাবে এই এয়াৰ মিছাইল প্ৰস্তুত কৰা হৈছে ।

পেগাচাছ সন্দৰ্ভত IT বিষয়াক প্ৰশ্ন কৰিব সংসদীয় স্থায়ী সমিতিয়ে

কংগ্ৰেছৰ সাংসদ শশী থাৰুৰৰ অধ্যক্ষতাত এখন সংসদীয় স্থায়ী সমিতিয়ে পেগাচাছ ছফটৱেৰ (Pegasus Software) ব্যৱহাৰ কৰি সাংবাদিক আৰু ৰাজনৈতিক নেতাসকলক অবৈধ নিৰীক্ষণৰ গোচৰ সন্দৰ্ভত তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয় আৰু গৃহ মন্ত্ৰালয়ৰ বিষয়াসকলক বিভিন্ন ধৰণে প্ৰশ্ন কৰিবলৈ সাজু হৈছে ।

মিজোৰ আতংকত ঘৰ-বাৰী এৰিছে সীমান্তবাসীয়

কাছাৰ-মিজোৰাম সীমান্তৱৰ্তী অঞ্চলৰ ধলাইত পুনৰ মিজোৰ আগ্ৰাসন ৷ আতংকত ঘৰ-বাৰী এৰি পলায়ন কৰিছে সীমন্তবাসী ৰাইজে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.