ETV Bharat / state

1 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

author img

By

Published : Jan 24, 2021, 1:01 PM IST

1 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

1 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
1 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

গণৰাজ্য দিৱসৰ পেৰেড অনুশীলনৰ কেইটামান দৃষ্টিনন্দন দৃশ্য

অনুশীলনত ব্যস্ত বাংলাদেশ সামৰিক বাহিনীৰ দলটো

বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত মুখ্য অতিথি অমিত শ্বাহ

উখল-মাখল কোকৰাঝাৰ ৷ কোকৰাঝাৰৰ গ্ৰেণী ফিল্ডত ৰবিবাৰৰ পৰা আৰম্ভ হৈছে ঐতিহাসিক বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান ৷ গ্ৰীণ ফিল্ডলৈ বৈছে জনতাৰ সোঁত ৷ বৰ্ষপূৰ্তিৰ পূৰ্বে দেওবাৰৰ প্ৰথম কাৰ্যসূচীত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।

ৰাজ্য চৰকাৰে লাইকা-দধিয়াবাসীৰ অৱস্থাৰ বিষয়ে অৱগত নকৰিলে প্ৰধানমন্ত্ৰীক !

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগত লাইকা-দধিয়াবাসীৰ অৱস্থাৰ কথা নজনোৱাৰ বাবেই ক্ষোভিত হৈ পৰিছে লাইকা-দধিয়াবাসী ৷ লাইকা-দধিয়াবাসীয়ে আজি ৩৪ টাকৈ দিনে অব্যাহত ৰাখিছে সংগ্ৰাম । জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰ খনে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মিচিং জনজাতি লোকসকলক।

বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত মুখ্য অতিথি অমিত শ্বাহ

উখল-মাখল কোকৰাঝাৰ ৷ কোকৰাঝাৰৰ গ্ৰেণী ফিল্ডত ৰবিবাৰৰ পৰা আৰম্ভ হৈছে ঐতিহাসিক বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান ৷ গ্ৰীণ ফিল্ডলৈ বৈছে জনতাৰ সোঁত ৷ বৰ্ষপূৰ্তিৰ পূৰ্বে দেওবাৰৰ প্ৰথম কাৰ্যসূচীত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।

মণ্ডলে কৰা কাম নৰেন্দ্ৰে মোদীয়ে কৰিছে : শিখা শৰ্মা

জেৰেঙা পথাৰত লাখ লাখ টকা খৰচ কৰি সাজি উলিওৱা পেণ্ডেলৰ তলত মানুহ ভাড়া কৰি আনি প্ৰধানমন্ত্ৰীয়ে ভাষণ দিছে ৷ প্ৰধানমন্ত্ৰীৰ ভাষণত কোনো উত্তাপ নাছিল ৷ প্ৰধানমন্ত্ৰীৰ ভাষণে জানুৱাৰী মাহৰ শীতক উত্তাপিত কৰিব নোৱাৰিলে ৷ প্ৰধানমন্ত্ৰীৰ ভাষণে জেৰেঙা পথাৰৰ ঠেৰেঙা জাৰত বিজেপি সমৰ্থকৰ বুকুত উষ্ণতা আনিব নোৱাৰিলে বুলি কটাক্ষ কৰে দেশৰ প্ৰধান মন্ত্ৰীক লেখিকা শিখা শৰ্মাই ৷

কৰিমগঞ্জত আৰক্ষী জিম্মাৰ পৰা পলাল আটকাধীন ব্যক্তি

কৰিমগঞ্জ জিলাৰ কংগ্ৰেছৰ সংখ্যালঘু কমিটীৰ সভাপতি কবিৰ আহমেদ নামৰ ব্যক্তি গৰাকীক আটক আৰক্ষীৰ ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰাৰ অভিযোগ কবিৰ আহমেদৰ বিৰুদ্ধে ৷ ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি সমগ্ৰ অঞ্চলত ৷

ডিব্ৰুগড়ত সদৌ অসম মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন

অসমৰ জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ তথা বৃহত্তৰ অসমীয়া জাতি গঠনত অতুলনীয় অৱদান আগবঢ়োৱা মটক জনগোষ্ঠীৰ ছাত্ৰ সংগঠন সদৌ অসম মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস শনিবাৰে ডিব্ৰুগড়ৰ লাহোৱালস্থিত এছ কে এছ ইংলিছ স্কুলৰ প্ৰেক্ষাগৃহত পালন কৰা হয় ৷

কলিয়াবৰৰ পঞ্চায়তত ব‍্যাপক দুৰ্নীতি

কলিয়াবৰৰ বৰঘূলী গাঁও পঞ্চায়তৰ অন্তৰ্গত চুলুঙৰ ২ নং ভূৰবন্ধাত ব‍্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷ ২০১৮-১৯ বৰ্ষতে চতুৰ্দশ বিত্তীয় আয়োগৰ আৱন্টিত পুঁজিৰে নিৰ্মাণ কৰিবলগীয়া দলং দুবছৰে সম্পূৰ্ণ নোহোৱাত ক্ষোভিত হৈ পৰে স্থানীয় লোক ৷ পঞ্চায়তৰ সভাপতি আৰু সচিবৰ সৈতে মিতিৰালি কৰি ঠিকাদাৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজে বন্ধ কৰি দিয়ে নিৰ্মাণকাৰ্য ৷

জীৱন নাটৰ যৱনিকা পৰিল নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ

ভ্ৰাম্যমাণ থিয়েটাৰৰ জগতত নাট্যকাৰ হিচাপে সুখ্যাতি অৰ্জন কৰা প্ৰসিদ্ধ নাট্যকাৰ সেৱাব্ৰত বৰুৱা ওৰফে মিলু দা আৰু নাই ৷ দেওবাৰে পুৱা 5:30 বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে দেহাৱসান ঘটে নাট্যকাৰ গৰাকীৰ ৷

আৰ জে ডিৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱক দিল্লী এইমছত ভৰ্তি

দিল্লী এইমছত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে আৰ জে ডিৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱক ৷ 22 ফেব্ৰুৱাৰী পৰ্যন্ত এইমছতে চিকিৎসা চলিব আৰ জে ডিৰ অধ্যক্ষ গৰাকীৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.