National Child Scientists Exhibition: গুৱাহাটীত দেশৰ ২২ খন ৰাজ্যৰ ২৬৬ গৰাকী শিশু বিজ্ঞানীৰ দল

author img

By

Published : Nov 22, 2022, 9:13 PM IST

National child scientists exhibition in Guwahati

ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, নতুন দিল্লীৰ সহযোগত পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত ৪৯ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান প্ৰদৰ্শনী-২০২২ৰ শুভাৰম্ভ (National child scientists exhibition in Guwahati) ৷

গুৱাহাটী, 22 নৱেম্বৰ: অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ সৌজন্যত মঙলবাৰে ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, নতুন দিল্লীৰ সহযোগত পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত ৪৯ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান প্ৰদৰ্শনী-২০২২ৰ শুভাৰম্ভ হয় (National child scientists exhibition in Guwahati)৷ এই প্ৰদৰ্শনী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৰাজ্যপাল জগদীশ মুখীয়ে ৷

National child scientists exhibition in Guwahati
National child scientists exhibition: গুৱাহাটীত দেশৰ ২২ খন ৰাজ্যৰ ২৬৬ গৰাকী শিশু বিজ্ঞানীৰ দল

উদ্বোধনী সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Education minister Dr Ranoj Pegu)¸ শিক্ষা বিভাগৰ উপদেষ্টা ড৹ ননীগোপাল মহন্ত¸ সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালক ডাঃ ওম প্ৰকাশ¸ অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ সচিব এছ এন চৌধুৰী¸ এন চি আৰ টি¸ নতুন দিল্লীৰ যুটীয়া সঞ্চালক প্ৰফেছৰ শ্ৰীধৰ শ্ৰীবাস্তৱ আৰু চি এছ আই আৰ, নতুন দিল্লীৰ প্ৰাক্তন সঞ্চালক প্ৰশান্ত গোস্বামী ।

ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে উদ্বোধনী ভাষণত কয় যে শিশুসকলৰ প্ৰতিভা আৰু সৃজনীশীলতাক বিকশিত কৰাৰ বাবে এনে ধৰণৰ বিজ্ঞান প্ৰদৰ্শনীবোৰে এক সুযোগ আৰু সম্ভাৱনাৰ সৃষ্টি কৰে । এনে ধৰণৰ প্ৰদৰ্শনীবোৰে শিশুসকলক ভৱিষ্যত জীৱনত একো একোজন ভাল বিজ্ঞানী হোৱাৰ পৰিৱেশ আনি দিয়ে ৷ ভৱিষ্যতৰ দিনত তেওঁলোকে নিজকে বিজ্ঞানী হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰিব । ৰাষ্ট্ৰীয় শিক্ষানীতিৰ উদ্দেশ্য সফল কৰাৰ বাবে এই ধৰণৰ বিজ্ঞানভিত্তিক কাৰ্যসূচীবোৰে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব ৷

অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ভাষণ দি যুৱ প্ৰজন্মৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী¸ বহনক্ষম উন্নয়ন¸ জলবায়ু পৰিৱৰ্তন ইত্যাদি বিষয়ৰ ওপৰত নিজকে সজাগ কৰিবলৈ আহ্বান জনায় ৷ শিক্ষামন্ত্ৰী উপস্থিত সকলো অতিথি আৰু প্ৰেক্ষাগৃহত উপস্থিতসকলক সম্বোধন কৰি কয় যে অসমত এনে ধৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিশু বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠিত কৰিব পৰাটো এক বিৰল ঘটনা ৷ তেওঁ কয় যে জলবায়ুৰ পৰিৱৰ্তন আজি পৃথিৱীৰ কাৰণে এক উদ্বেগজনক ঘটনা ৷

ইয়াৰ ফলত আমাৰ নৱ প্ৰজন্মৰ কাৰণে বহু সমস্যাৰ সৃষ্টি কৰিব¸ যাৰ বাবে আমাৰ বিজ্ঞানীসকলে এই জলবায়ুৰ পৰিৱৰ্তনৰ ফলত হ’ব পৰা অসুবিধাসমূহ দূৰ কৰিবৰ বাবে প্ৰচেষ্টা চলাই আছে আৰু এই প্ৰচেষ্টাৰ অংশীদাৰ হ’বলৈ তেওঁ নতুনকৈ বৈজ্ঞানিক উদ্ভাৱনৰ লগত জড়িত হ’ব খোজা শিশুসকলক আহ্বান জনায় । অসমৰ চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ দ্বাৰা এনেকুৱা এক অনুষ্ঠান পাতিবলৈ পাই সুখী অনুভৱ কৰা বুলি ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে ৷

আনহাতে এন চি ই আৰ টিৰ যুটীয়া সঞ্চালক শ্ৰীধৰ শ্ৰীবাস্তৱ তেওঁৰ ভাষণ প্ৰসংগত কয় যে দ্বিতীয় বাৰলৈ অসমত অনুষ্ঠিত এই ৰাষ্ট্ৰীয় শিশু বৈজ্ঞানিক প্ৰদৰ্শনী সমগ্ৰ ভাৰতৰ বাবে এক সুখৰ খবৰ । তেওঁ কয় এনে ধৰণৰ অনুষ্ঠানে শিশুসকলক অকল শৈষিক উৎকৰ্ষ সাধনতেই সহায় নকৰে¸ শিশু বিজ্ঞান মনস্কতাৰ বিকাশতো সহায় কৰে । আনহাতে ১৯৮৬ চনত প্ৰথমবাৰলৈ অসমত অনুষ্ঠিত এই প্ৰদৰ্শনীৰ এইবাৰ দ্বিতীয় বাৰ অসমত অনুষ্ঠিত হৈছে¸ ই অসমৰ বাবে এক আশাপ্ৰদ বতৰা ৷

১৯৭১ চনত প্ৰথমবাৰলৈ শিশুসকলৰ বিজ্ঞান মনস্কতাৰ উৎকৰ্ষ সাধন কৰাৰ বাবে এই শিশু বৈজ্ঞানিক প্ৰদৰ্শনীৰ আৰম্ভণী কৰা হৈছিল বুলিও ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে। চি এছ আই আৰ¸ নতুন দিল্লীৰ প্ৰাক্তন সঞ্চালক প্ৰশান্ত গোস্বামীয়ে ভাষণ প্ৰসংগত প্ৰাচীন ভাৰতৰ বৈজ্ঞানিক ঐতিহ্যৰ বিষয়ে উল্লেখ কৰে। অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ডঃ ননীগোপাল মহন্তই চমু ভাষণ দিয়ে ৷

সভা আৰু প্ৰদৰ্শনীৰ দ্বাৰ উদঘাটনৰ পিছত উদ্যোক্তাসকলৰ অন্যতম এছ চি ই আৰ টিৰ সঞ্চালক নিৰদা দেৱীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এইখন প্ৰদৰ্শনীত ভাৰতবৰ্ষৰ জম্মু-কাশ্মীৰ আৰু আন্দামান নিকোবৰকে আদি কৰি দেশৰ ২২ খন ৰাজ্যৰ পৰা অহা ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকলে অংশগ্ৰহণ কৰে। অসমৰ ছাত্ৰ-ছাত্ৰীসকলে ১৯ খন ষ্টলৰে সৈতে অংশগ্ৰহণ কৰে ।

উল্লেখযোগ্য যে ছাত্ৰ-ছাত্ৰীৰ বৈজ্ঞানিক মানিসকতা আৰু সৃজনীশীলতাৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে অনুষ্ঠিত কৰা এই ৰাষ্ট্ৰীয় শিশু বৈজ্ঞানিক প্ৰদৰ্শনীখনে অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰে শিক্ষাজগতত এক বৈজ্ঞানিক সজাগতা আনিবলৈ সক্ষম হ’ব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক:Inquiry order by Assam Govt: মুক্ৰ’ৰ হিংসাত্মক ঘটনাৰ ন্যায়িক তদন্ত ঘোষণা অসম চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.