ETV Bharat / state

নটসূৰ্যৰ উদ্যোগত সপ্তবিংশতিতম্ পাঁচদিনীয়া বাৰ্ষিক নাট সমাৰোহ

author img

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 7:14 AM IST

Updated : Dec 11, 2023, 9:32 AM IST

Five Day Long Natasurya Drama Festival
নটসূৰ্যৰ উদ্যোগত সপ্তবিংশতিতম্ পাঁচদিনীয়া বাৰ্ষিক নাট সমাৰোহ

মহানগৰীৰ কলাক্ষেত্ৰত অনুষ্ঠিত হৈ আছে নটসূৰ্যৰ উদ্যোগত সপ্তবিংশতিতম্ পাঁচদিনীয়া বাৰ্ষিক নাট সমাৰোহ । নাট সমাৰোহৰ দ্বিতীয় দিনা মঞ্চস্থ কৰা হয় দুখনকৈ নাট ।

নটসূৰ্যৰ উদ্যোগত সপ্তবিংশতিতম্ পাঁচদিনীয়া বাৰ্ষিক নাট সমাৰোহ

গুৱাহাটী, ১১ ডিচেম্বৰ: অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত আৰু "নটসূৰ্য"ৰ উদ্যোগত সপ্তবিংশতিতম্ পাঁচদিনীয়া বাৰ্ষিক নাট সমাৰোহখনি মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মহাপুৰুষ মাধৱদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ আছে ৷ ৯ ডিচেম্বৰৰ পৰা ১৩ ডিচেম্বৰলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই নাট সমাৰোহৰ । নাট সমাৰোহত প্ৰায় ৬ টাকৈ নাট্যগোষ্ঠীয়ে নাট মঞ্চস্থ কৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ।

দেওবাৰে নাট সমাৰোহত দুখনকৈ নাট মঞ্চস্থ কৰা হয় । শোণিতপুৰৰ দ্যা আসাম ভেলী স্কুল আৰু নলবাৰীৰ ৰংগতীৰ্থ নাট্যগোষ্ঠীয়ে নাট সমাৰোহৰ দ্বিতীয় দিনা মঞ্চস্থ কৰে নাট । শোণিতপুৰৰ দ্যা আসাম ভেলী স্কুলৰ উদ্যোগত মঞ্চস্থ কৰা হয় "গোপী গায়ন বাঘা বায়ন" নাট, আনহাতে নলবাৰীৰ ৰংগতীৰ্থ নাট্যগোষ্ঠীয়ে মঞ্চস্থ কৰে "সৰৱজান" । উক্ত অনুষ্ঠানত মঞ্চ উদ্বোধক হিচাপে উপস্থিত থাকে বিশিষ্ট শিল্পী পুলক বেনাৰ্জী ।

নাট সমাৰোহৰ প্ৰথম দিনা অৰ্থাৎ ৯ ডিচেম্বৰত বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীৰ পৰিচালনা কৰা নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰৰ নাট "আলিদুমোজাত" মঞ্চস্থ কৰা হয় । ১১ ডিচেম্বৰত মঞ্চস্থ কৰা হ'ব ভৱেন্দ্ৰ নাথ শইকীয়াৰ নাটক "তদন্ত" । ১২ ডিচেম্বৰত নাট্যকাৰ পংকজ জ্যোতি ভূঞাই ৰচিত এখন ব্যতিক্ৰমধর্মী নাট "কুকুৰনেছীয়া" মঞ্চস্থ কৰা হ'ব । ১৩ ডিচেম্বৰত মুম্বাইৰ এটা নাট্যগোষ্ঠীৰ দ্বাৰা মঞ্চস্থ কৰা হ'ব "মাই ৱাইফ এইট বচন" ৷ এই নাটখনত অভিনয় কৰিব মুম্বাইৰ শিল্পী অনুপ চনীয়ে ।

উল্লেখ্য যে, এই নাট সমাৰোহৰ প্ৰৱেশ বিনামূলীয়া । নাট সমাৰোহখনত প্ৰতিগৰাকী নাট্যপ্ৰেমী ৰাইজৰ উপস্থিত কামনা কৰিছে নাট্যগোষ্ঠী দলসমূহৰ লগতেই উদ্যোক্তাই । ১৩ ডিচেম্বৰত শংকৰদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব সামৰণি অনুষ্ঠান ।

লগতে পঢ়ক: আহোম সভাৰ যোৰহাট জিলা সমিতিৰ বাৰ্ষিক অধিৱেশন; নতুন সমিতি গঠন

Last Updated :Dec 11, 2023, 9:32 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.