ETV Bharat / state

harmony: সম্প্ৰীতি-সমন্বয়ৰ নিদৰ্শন, হিন্দু লোকৰ মৃতদেহ সৎকাৰ কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকে

author img

By

Published : Jul 15, 2023, 1:29 PM IST

গুৱাহাটীৰ নুনমাটি নিজৰাপাৰ অঞ্চলত দেখা গ’ল মানৱতা তথা সমন্বয়-সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন ৷ নুনমাটি নিজৰাপাৰ অঞ্চলত একাংশ মুছলমান সম্পদায়ৰ লোকে এজন হিন্দু লোকৰ মৃতদেহ সৎকাৰ কৰি দাঙি ধৰিছে সম্প্ৰীতি তথা সমন্বয়ৰ এক অপূৰ্ব নিদৰ্শন ৷

Muslims Helps in Cremation of Dead Hindu
মানৱতা তথা সমন্বয়-সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন
হিন্দু লোকৰ মৃতদেহ সৎকাৰ কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকে

গুৱাহাটী, 15 জুলাই : যি সময়ত অসহিষ্ণুতা তথা উগ্ৰ সাম্প্ৰদায়িকতাৰ বাতাবৰণে আমাৰ সমাজখন কলুষিত কৰি ৰাখিছে, তেনে সময়ত গুৱাহাটীৰ নুনমাটি নিজৰাপাৰ অঞ্চলত দেখা গ’ল মানৱতা তথা সমন্বয়-সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন ৷ নুনমাটি নিজৰাপাৰ অঞ্চলত একাংশ মুছলমান সম্প্ৰদায়ৰ লোকে এজন হিন্দু লোকৰ মৃতদেহ সৎকাৰ কৰি দাঙি ধৰিছে সম্প্ৰীতি তথা সমন্বয়ৰ এক অপূৰ্ব নিদৰ্শন ৷

উল্লেখযোগ্য যে, নিজৰাপাৰৰ বাসিন্দা শিৱ ৰতন পণ্ডিত (65)নামৰ লোকজনৰ মৃত্যুৰ পিছত নৱগ্ৰহ শ্মশানত খৰি দিয়াৰ লগতে মৃতদেহটো ঘৰৰ পৰা শ্মশানলৈও কান্ধত লৈ যায় এই গাঁওখনৰ মুছলমান সমাজৰ লোক সকলে ৷ স্থানীয় লোকৰ পৰা জানিব পৰা মতে, নিজৰাপাৰ অঞ্চলত মুছলমান সমাজৰ মাজত বহু বছৰ ধৰি এক সমিল-মিলৰ মাজেৰে পত্নীৰ সৈতে বাস কৰিছিল শিৱ ৰতন পণ্ডিত নামৰ লোক জন ৷ কিন্তু দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা লোকজনৰ শুকুৰবাৰে হঠাৎ মৃত্যু হোৱাত বিপাঙত পৰে ওচৰ চুবুৰীয়া মুছলমান লোক সকল ৷ কাৰণ তেওঁলোকে নাজানে হিন্দুৰ ধৰ্মৰ সৎকাৰ কৰাৰ নীতি-নিয়ম ৷

তাৰে মাজতে ওৰে নিশা গাঁওখনৰ মুছলমান সমাজৰ লোক সকলে মৃতদেহটো পহৰা দিয়াৰ লগতে যোগাযোগ কৰে দূৰণিৰ হিন্দু ধর্মৰ দুই-এক লোকৰ সৈতে ৷ এনে যোগাযোগৰ মাধ্যমতে পুৱাৰ ভাগত আহি পোৱা দুই-এজন হিন্দু লোকৰ সহযোগত দুয়ো ধৰ্মৰ লোকে মৃতদেহটো একেলগে কান্ধত উঠাই নৱগ্ৰহ শ্মশানত লৈ যায় ৷ তাৰ পিছত দুয়ো সম্প্ৰদায়ৰ লোক মিলিত হৈ শিৱ ৰতন পণ্ডিতৰ সৎকাৰৰ ব্যৱস্থা কৰে ৷ দেশত ক্ৰমাৎ অসহিষ্ণুতা বৃদ্ধি পোৱাৰ সময়ত নিজৰাপাৰ অঞ্চলৰ ইছলাম ধৰ্মী লোকসকলৰ এনে মানবীয় গুণে হিন্দু ম-ছলমানৰ মাজত বিলাই দিব সম্প্ৰীতি আৰ একতাৰ মন্ত্ৰ ৷

লগতে পঢ়ক : Dhemaji health camp: ধেমাজি জিলা সাংবাদিক সংস্থাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু সজাগতা সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.