PIL against Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ জাননীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন

author img

By

Published : Jan 18, 2023, 10:50 PM IST

PIL against Constituency delimitation

উচ্চতম ন্যায়ালয়ত ড৹ হীৰেন গোঁহাই আৰু সাংসদ অজিত কুমাৰ ভূঞাৰ ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ জাননীক প্ৰত্যাহ্বান জনাই এই আবেদন দাখিল কৰিছে দুয়োৱে (PIL against Constituency delimitation) ৷ শীঘ্ৰে এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব সৰ্বোচ্চ ন্যায়ালয়ে ৷

নিউজ ডেস্ক, 18 জানুৱাৰী: সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোৱে অৱশেষত টোকৰ মাৰিলে ন্যায়ালয়ৰ দুৱাৰত (Constituency delimitation in Assam) ৷ বিগত বৰ্ষৰ 27 ডিচেম্বৰত দেশৰ নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত যি জাননী জাৰি কৰিছিল, তাৰ প্ৰত্যাহ্বান জনাই বিশিষ্ট বুদ্ধিজীৱী, চিন্তাবিদ ড৹ হীৰেন গোঁহাই আৰু ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই (Assam MP Ajit Kumar Bhuyan) উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন (PIL) ৷

বুধবাৰে নিশা সাংসদ ভূঞাই ইটিভি ভাৰতক এই কথা জানিবলৈ দি কয় যে, ইতিমধ্যে উচ্চতম ন্যায়ালয়ত এই পি আই এল দাখিল কৰা হৈছে আৰু আজি তেওঁলোকৰ সেই আবেদন দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত পঞ্জীয়নভুক্ত হৈছে (PIL against Constituency delimitation) ৷ খুব সোনকালে উচ্চতম ন্যায়ালয়ে এই আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব বুলিও সাংসদ ভূঞাই জানিবলৈ দিয়ে ৷ তেওঁ লগতে এই প্ৰসংগত অধিক মন্তব্য কৰাৰ পৰা বিৰত থাকি আগন্তক সময়ত শুনানি গ্ৰহণৰ পাচতহে বিতং মন্তব্য কৰিব বুলি প্ৰকাশ কৰে ৷

উল্লেখ্য যে, 27 ডিচেম্বৰত নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জাননী জাৰি কৰাৰ পিচতেই ৰাজ্যৰ ৰাজনৈতিক মহলত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল, যি প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে (Constituency delimitation controversy) ৷ তাৎপৰ্যপূৰ্ণ বিষয় যে, ড৹ হীৰেন গোঁহাই আৰু সাংসদ অজিত কুমাৰ ভূঞাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনখনত স্পষ্টভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জাননীক প্ৰত্যাহ্বান জনাই কোৱা হৈছে যে, দেশৰ প্ৰচলিত আইন উলংঘা কৰি এই জাননী জাৰি কৰা হৈছে ৷ গতিকে স্বাভাৱিকতে উচ্চতম ন্যায়ালয়ত পঞ্জীয়নভুক্ত হোৱা এই ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখনে যে আহি থকা সময়ত ৰাজ্যৰ ৰাজনীতিত আন এক প্ৰভাৱ পেলাব সেয়া নিশ্চিত ৷

মন কৰিবলগীয়া যে, শাসক দল বিজেপি, চৰকাৰৰ মিত্ৰদল অগপ, ইউ পি পি এল, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোক আদৰণি জনোৱাৰ বিপৰীতে এ আই ইউ ডি এফ, কংগ্ৰেছ, আমছুকে আদি কৰি আন কেতবোৰ দল-সংগঠনে ইয়াৰ বিৰোধ কৰি আহিছে ৷ বিজেপিয়ে 2024 ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিজৰ ৰাজনৈতিক অভিপ্সা পূৰণৰ বাবেই অতি কৌশলগতভাৱে এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰা বুলি বিভিন্ন দল-সংগঠনে অভিযোগ তুলিছে ৷

বিৰোধীৰ স্পষ্ট অভিযোগ, 2001 চনৰ লোকপিয়লৰ ভিত্তিত আৰম্ভ কৰা এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াৰ আঁৰত লুকাই আছে ৰাজনৈতিক ষড়যন্ত্ৰ (Opposition leader on Constituency delimitation) ৷ আনহাতে, মুখ্যমন্ত্ৰীকে ধৰি শাসক পক্ষৰ নেতাসকলে দাবী কৰি আহিছে যে, অসমত খিলঞ্জীয়াৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থতেই সমষ্টি পুনৰ নিৰ্ধাৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ অৱশ্যে এই সমস্ত বিষয়টো এতিয়া আইনী মেৰপেচৰ মাজত সোমাই পৰাত সৃষ্টি হৈছে এক ধুঁৱলী-কুঁৱলী পৰিবেশৰ ৷

লগতে পঢ়ক: APCC PC on Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বাবে প্ৰস্তুত প্ৰদেশ কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.