ETV Bharat / state

স্বনামধন্য সাহিত্যিক চৈয়দ আব্দুল মালিকক বৌদ্ধিক জেহাদী আখ্যা বিধায়ক শিলাদিত্য দেৱৰ

author img

By

Published : Aug 9, 2020, 5:10 AM IST

Updated : Aug 9, 2020, 5:19 AM IST

চৈয়দ আব্দুল মালিকক চূড়ান্ত অপমান। প্ৰয়াত সাহিত্যিক গৰাকীক বৌদ্ধিক জেহাদী আখ্যা দিয়ে বিজেপিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱে । বিধায়কগৰাকীৰ বিৰুদ্ধে ক্ষুন্ন হৈ পৰিছে নিজ দলৰে নেতা চৈয়দ মমিনুল আৱাল। শিলাদিত্যক ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ দাবী জনালে মমিনুল আৱালে ।

MLA Siladitya Dev makes controversial comments on Syed Abdul Malik
MLA Siladitya Dev makes controversial comments on Syed Abdul Malik

গুৱাহাটী, 8 আগষ্ট : পুনৰ অসমৰ স্বনামধন্য সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত চৈয়দ আব্দুল মালিকক চূড়ান্ত অপমান। প্ৰয়াত সাহিত্যিক গৰাকীক বৌদ্ধিক জেহাদী আখ্যা দিয়ে বিজেপিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱে । সংবাদ মাধ্যমেৰে হোৱা এক সাক্ষাৎকাৰত বিতৰ্কিত বিধায়কগৰাকীয়ে আব্দুল মালিক সন্দৰ্ভত চৰম অপমানসূচক মন্তব্য কৰে। ছৈয়দ আব্দুল মালিকে বৌদ্ধিক জেহাদ চলাইছিল বুলি চৰম অপমানসূচক মন্তব্য কৰে বিধায়ক শিলাদিত্যই ।

MLA Siladitya Dev makes controversial comments on Syed Abdul Malik
স্বনামধন্য সাহিত্যিক চৈয়দ আব্দুল মালিক

অসমীয়া সমাজ জীৱনত প্ৰয়াত আব্দুল মালিকৰ অৱদানক যেন ভৰিৰে মোহাৰিলে বিতৰ্কত থাকি ভাল পোৱা বিধায়ক শিলাদিত্য দেৱে। ইফালে সময়ে সময়ে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই ফুৰা বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিধায়কগৰাকীৰ বিৰুদ্ধে ক্ষুন্ন হৈ পৰিছে নিজ দলৰে নেতা চৈয়দ মমিনুল আৱাল। শিলাদিত্যক ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ দাবী জনালে মমিনুল আৱালে ।

চৈয়দ আব্দুল মালিকক বৌদ্ধিক জেহাদী আখ্যা বিধায়ক শিলাদিত্য দেৱৰ

আনহাতে বিধায়কগৰাকীয়ে পদ্মশ্ৰী, পদ্মবিভূষণ সন্মানেৰে সন্মানিত স্বনামধন্য সাহিত্যিক চৈয়দ আব্দুল মালিকক এনেদৰে অপমান কৰাৰ পাচতো ৰহস্যজনকভাৱে মৌন হৈ আছে অসম সাহিত্য সভা তথা অন্যান্য জাতীয় দল-সংগঠন । শিলাদিত্য দেৱৰ বিৰুদ্ধে অসম সাহিত্য সভাক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় বিজেপি নেতা মমিনুল আৱালে ।

MLA Siladitya Dev makes controversial comments on Syed Abdul Malik
চৈয়দ আব্দুল মালিকৰ অনুপম সৃষ্টি

ইয়াৰ পূৰ্বে ৰূপাৰাণী ভূঞা নামৰ এগৰাকী প্ৰৱক্তাই অপমান সূচক মন্তব্য আগবঢ়াইছিল চৈয়দ আব্দুল মালিকৰ বিৰুদ্ধে ৷ অসমীয়া ভাষাত শংকৰদেৱৰ জীৱন আদৰ্শক লৈ ’ধন্য নৰ তনু ভাল’ শীৰ্ষক প্ৰথমখন গ্ৰন্থ ৰচনা কৰা প্ৰয়াত সাহিত্যিক গৰাকীক কৰা এই অপমানত ক্ষোভ প্ৰকাশ কৰিছিল বিভিন্ন মহলে ৷ ওৰেতো জীৱন অসম আৰু অসমীয়া তথা অসমীয়া সাহিত্যৰ বাবে অৱদান আগবঢ়াই যোৱা পথিতযশা সাহিত্যিক গৰাকীৰ সন্দৰ্ভত এনে কটুবাক্য প্ৰয়োগ কৰাতো হয়তো কেনো অসমীয়াই সহজভাৱে মানি ল’ব নোৱাৰে ৷

উল্লেখ্য যে, বিধায়ক শিলাদিত্য দেৱে নিজ সমষ্টিৰ উন্নয়ন তথা অন্য সমস্যাৰ পৰা ৰাইজৰ ধ্যান আঁতৰাই ৰাখিবলৈ এনে বিতৰ্কিত-সাম্প্ৰদায়িক মন্তব্য কৰি থাকে বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : লিকখাম ! সোণালী আখৰ খোদিত এখন আপুৰুগীয়া গ্ৰন্থ

Last Updated : Aug 9, 2020, 5:19 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.