দিল্লীত মুখ্যমন্ত্ৰী হিমন্তক সাক্ষাৎ বিধায়ক অখিল গগৈৰ

author img

By

Published : Sep 21, 2022, 12:51 PM IST

Updated : Sep 21, 2022, 2:20 PM IST

Akhil gogoi meets Assam CM Himanta Biswa Sarma in New Delhi

নতুন দিল্লীত মুখ্যমন্ত্ৰীক সাক্ষাৎ বিধায়ক অখিল গগৈৰ (Akhil gogoi meets Assam CM Himanta Biswa Sarma in New Delhi) ৷ সমষ্টি উন্নয়ন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ ৰাইজৰ দলৰ বিধায়কগৰাকীৰ ৷

গুৱাহাটী, ২১ ছেপ্টেম্বৰ : দিল্লীলৈ প্ৰশিক্ষণৰ বাবে যোৱা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে আজি দিল্লীৰ আছাম হাউছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে সাক্ষাৎ হয় (Akhil gogoi meets Assam CM Himanta Biswa Sarma in New Delhi) । সাক্ষাৎকালত মুখ্যমন্ত্ৰীৰে হোৱা বাৰ্তালাপৰ বিষয়ে সামাজিক মাধ্যমত উল্লেখ কৰিছে বিধায়ক অখিল গগৈয়ে ।

তেওঁ কয় যে, সাক্ষাৎকালত মুখ্যমন্ত্ৰীৰ লগত সমষ্টিৰ লগতে ৰাজ্যখনৰ প্ৰসংগত তেওঁ যথেষ্ট কথা পাতিলে । সেই সন্দৰ্ভত তেওঁ কয় যে, প্ৰথমতে ৰাজ্যৰ মাধ্যম বিষয়কলৈ যথেষ্ট সময় আলোচনা কৰা হয় আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে তেওঁৰ কথাখিনি ক’লে ।

দিল্লীত মুখ্যমন্ত্ৰী হিমন্তক সাক্ষাৎ বিধায়ক অখিল গগৈৰ

এই আলোচনাকালত প্ৰাক্তন সাংসদ ৰমেন ডেকা উপস্থিত আছিল ।

আজিৰ আলোচনাতে মুখ্যমন্ত্ৰীয়ে শিৱসাগৰৰ বাবে কেইবাটাও কাম কৰি দিয়াৰ কথা উল্লেখ কৰে বিধায়ক অখিল গগৈয়ে । শিৱসাগৰক বিশ্ব ঐতিহ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত অধ্যয়নৰ বাবে এক কোটি টকা দিয়াৰ কথা আছিল । সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিলে আৰু দুই-এদিনতে সেই পুঁজি মোকলাই দিয়া হ'ব ।

আনহাতে, ৰংঘৰৰ লাইট এণ্ড চাউণ্ডৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে আজিয়ে মুখ্যমন্ত্ৰীয়ে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰা বুলি অখিল গগৈয়ে জানিবলৈ দিয়ে । সেইদৰে শিৱসাগৰৰ সমবায় বিশ্ববিদ্যালয়খন সাধাৰণ বিশ্ববিদ্যালয়লৈ পৰিগণিত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে । এই কাম এপ্ৰিল মাহত কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জনোৱাৰ কথা সদৰী কৰে অখিল গগৈয়ে ।

উল্লেখ্য যে, মঙলবাৰে গুৱাহাটীৰ পৰা দিল্লীলৈ বিমান যাত্ৰাৰ সময়ত বিধায়ক অখিল গগৈয়ে বিমান পৰিচালিকাৰ সৈতে চেলফি লৈ সামাজিক মাধ্যমত আপলোড কৰিছিল । Vistara দলটোৰ আতিথ্যক তেওঁ বিশেষভাৱে প্ৰশংসা কৰিছিল ।

তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীয়ে সঁচাকৈয়ে নিজৰ বৃত্তিত ভাল কাম কৰি আছে বুলি উল্লেখ কৰি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছিল । তেওঁৰ সেই ফটো সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চিত হৈছিল ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোডীক আজি সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Last Updated :Sep 21, 2022, 2:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.