GU Youth Festival: বিশ্ববিদ্যালয়ৰ আন্তঃ যুৱ মহোৎসৱত উজলিল লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ে


GU Youth Festival: বিশ্ববিদ্যালয়ৰ আন্তঃ যুৱ মহোৎসৱত উজলিল লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ে
ঘোষণা কৰা হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃ যুৱ মহোৎসৱ ২০২১-২২ বৰ্ষৰ (GU Youth Festival 2021-22) শ্ৰেষ্ঠ মহাবিদ্যালয় সন্মান ৷ এইবাৰ এই বিশেষ সন্মান লাভ কৰে লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ে (Luit Konwar Rudra Barua State College Of Music) ৷ যাক লৈ উৎফুল্লিত এতিয়া মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকল ৷
গুৱাহাটী, ১৮ নৱেম্বৰ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃ যুৱ মহোৎসৱ ২০২১-২২ বৰ্ষৰ (GU Youth Festival 2021-22) ‘‘শ্ৰেষ্ঠ মহাবিদ্যালয় সন্মান’’ লাভ কৰিবলৈ সক্ষম হৈছে লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ে (Luit Konwar Rudra Barua State College Of Music) ৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অন্তৰ্গত লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ে এই সন্মান লাভ কৰাত স্বাভাবিকতে উৎফুল্লিত হৈ পৰিছে শিক্ষাৰ্থীসকল ৷
তাৰোপৰি এই সংগীত মহাবিদ্যালয়ৰ ছাত্ৰী মৰমী শৰ্মাই লাভ কৰে শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ খিতাপ । শুকুৰবাৰে লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয় প্ৰাংগনত আয়োজিত এক বিশেষ বঁটা প্ৰদান অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা শ্ৰেষ্ঠ মহাবিদ্যালয় সন্মানকে ধৰি মুঠ ১৪ টা শিতানত লাভ কৰা বঁটা সমূহ প্ৰদান কৰা হয় ।
উক্ত অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয় তৰফৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ কল্যান বিভাগৰ সঞ্চালক ড৹ ৰঞ্জন কাকতি, সংস্কৃতি সঞ্চালকালয় অসমৰ, সহকাৰী গৱেষণা বিষয়া অমৰজ্যোতি কলিতা উপস্থিত থাকে ৷ উক্ত অনুষ্ঠানতে লুইত কোৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ পণ্ডিত বিদ্যুৎ মিশ্ৰৰ হাতত অৰ্পন কৰা হয় আন্তঃ যুৱ মহোৎসৱৰ ‘‘শ্ৰেষ্ঠ মহাবিদ্যালয় সন্মান’’ বঁটা ।
উল্লেখ্য যে, যোৱা ২৭ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ অনুষ্ঠিত হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ৷ এই যুৱ মহোৎসৱত ৬০ খন মহাবিদ্যালয়ে অংশগ্ৰহণ কৰিছিল । মহোৎসৱত সংগীত বিদ্যালয়খনে দলীয় লোকনৃত্য (বিহু), শাস্ত্ৰীয় সংগীত, বিষ্ণু প্ৰসাদ ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, জয়ন্ত সংগীত, সুগম সংগীত, লোক সংগীত, তাল বাদ্যত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷
লগতে একক শাস্ত্ৰীয় নৃত্য(কথক), বৰগীত, স্বৰ বাদ্য, বনগীতত দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছিল মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে ৷ ইয়াৰ উপৰিও জনজাতীয় সংগীত আৰু সমবেত সংগীতত তৃতীয় স্থান লাভ কৰি আন্তঃ যুৱ মহোৎসৱত মহাবিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷
লগতে পঢ়ক : Ramoji Film City Honored : চিহাৰা বঁটাৰে সন্মানিত হ’ল ৰামোজী ফিল্ম চিটি
