Protest against English Medium : গণিত-বিজ্ঞান ইংৰাজী মাধ্যমত পঢ়ুওৱাৰ সিদ্ধান্তৰ বিৰোধিতাৰে বাম ছাত্ৰ সংগঠনৰ প্ৰতিবাদ

author img

By

Published : Aug 6, 2022, 5:24 PM IST

protest

গণিত আৰু বিজ্ঞান বিষয় দুটাত মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজীক শিক্ষাৰ মাধ্যম কৰিব বিচৰা সিদ্ধান্তক লৈ অসন্তুষ্টি বাঁও দলৰ ৷ সেয়ে এই সিদ্ধান্ত বাতিলৰ দাবীৰে শনিবাৰে গুৱাহাটী ক্লাৱত প্ৰতিবাদ সাব্যস্ত কৰে সাতটাকৈ যুৱ ছাত্ৰ সংগঠনে (Left Youth organisation protest against English medium) ।

গুৱাহাটী, ৬ আগষ্ট : গণিত আৰু বিজ্ঞান বিষয় দুটাত মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজীক শিক্ষাৰ মাধ্যম কৰিব বিচৰা কাৰ্যক অবৈজ্ঞানিক সিদ্ধান্ত আখ্যা একাংশৰ । সেয়ে এই সিদ্ধান্ত বাতিলৰ দাবী কৰি শনিবাৰে গুৱাহাটী ক্লাবত প্ৰতিবাদ সাব্যস্ত কৰে সাতটাকৈ যুৱ ছাত্ৰ সংগঠনে (Left Youth organisation protest against government education system) ।

ডি ৱাই এফ আই, এ আই ৱাই এফ, এ আই ডি ৱাই অ', এছ এফ আই, এ আই ডি এছ, এ আই এছ এ আৰু এ আই এছ এফৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ মাতৃভাষাত শিক্ষা দিয়াৰ ব্যৱস্থা কৰক, গণিত-বিজ্ঞান বিষয় দুটাত মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজীক শিক্ষাৰ মাধ্যম কৰিব বিচৰা অবৈজ্ঞানিক সিদ্ধান্ত বাতিল কৰক (SFI and other student union protest in guwahati club) আদি শ্লোগান দি হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে সদস্যসকলে ।

প্ৰতিবাদ স্থলীত ডি ৱাই এফ আইৰ সম্পাদক ৰিতু ৰঞ্জন দাসে কয় যে, মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজীক শিক্ষাৰ মাধ্যম কৰিব বিচৰা অবৈজ্ঞানিক সিদ্ধান্তক বাতিল কৰিব লাগে । চৰকাৰে মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠান পৰ্যায়ক্ৰমে বন্ধ কৰাৰ লগতে চৰকাৰী শিক্ষা ব্যৱস্থা ধ্বংস কৰিব বিচাৰিছে (Assam Government Science and Mathematics teaching medium controversy) ।

গণিত-বিজ্ঞান ইংৰাজী মাধ্যমত পঢ়ুওৱাৰ সিদ্ধান্তৰ বিৰোধিতাৰে বাম ছাত্ৰ সংগঠনৰ প্ৰতিবাদ

চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সকলো ৰাইজক থিয় হ'বলৈ আহ্বান জনায় । লগতে তেওঁ কয় যে, ভাষা হিচাপে ইংৰাজী শিকোৱাৰ বাবে প্ৰয়োজনীয় শিক্ষক নিয়োগ, আন্তঃগাঁথনি নিৰ্মাণ আৰু প্ৰশিক্ষণৰ চৰকাৰে ব্যৱস্থা কৰক । অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ সকলো পদ বৈষম্যহীনভাৱে শীঘ্ৰে প্ৰাদেশিকীকৰণ কৰাৰো দাবী জনায় ।

ছাত্ৰ সংগঠনকেইটাৰ অভিযোগ, চৰকাৰে বাৰে বাৰে প্ৰাদেশিকীকৰণৰ নামত প্ৰতাৰণা কৰি আহিছে । টিউটৰসকলক শীঘ্ৰে পূৰ্ণ পৰ্যায়ৰ শিক্ষকৰ মৰ্যাদা প্ৰদান, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক ফিক্সড পে'ৰ পৰিৱৰ্তে পূৰ্ণ পৰ্যায়ৰ কৰ্মচাৰীৰ মৰ্যাদা দিব লাগে বুলিও মন্তব্য কৰে । প্ৰতিবাদৰ অন্তত মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদী ছাত্ৰ সংগঠনকেইটাই ।

লগতে পঢ়ক :School management committee: চৰকাৰী বিদ্যালয়ৰ পৰিচালনা সমিতিসমূহ ৰাজনীতিকৰণ কৰা হৈছে: কংগ্ৰেছ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.