ETV Bharat / state

দেৰগাঁৱৰ পথ দুৰ্ঘটনাৰ অভিযুক্তক চৰকাৰে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ কৃষক মুক্তিৰ

author img

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 9:23 PM IST

Dergaon Bus Accident: দেৰগাঁৱৰ শোকাৱহ পথ দুৰ্ঘটনাৰ বাবে অবৈধ কয়লা ভৰ্তি ট্ৰাক আৰু পথ নিৰ্মাণকাৰী সংস্থাক জগৰীয়া কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ অভিযুক্ত কয়লা মাফিয়া, পথ নির্মাণকাৰী সংস্থাক চৰকাৰে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ৷

dergaon bus accident
দেৰগাঁও পথ দুৰ্ঘটনা

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল

গুৱাহাটী, ৭ জানুৱাৰী: দেৰগাঁৱৰ বালিজানৰ বাছ দুৰ্ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ দেওবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি বহুকেইটা অভিযোগ উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় নেতৃবৰ্গই ৷ সংবাদমেল সম্বোধন কৰি বিদ্যুৎ শইকীয়াই কয় যে দেৰগাঁও ট্ৰেজেডীৰ আঁৰৰ কাহিনী চৰকাৰে অতি কৌশলেৰে গাপ দিছে ৷

তেওঁ কয় যে নতুন বছৰৰ আৰম্ভণিতে গাঁওবাসী লগ হৈ দূৰণিবটীয়া ঠাই এডোখৰলৈ বুলি ঘৰৰ পৰা পুৱতি নিশাই ওলাই গৈছিল । কিন্তু হঠাৎ বিপৰীত দিশৰ পৰা অহা তীব্ৰ বেগী নিয়ন্ত্ৰণহীন অবৈধ কয়লা পৰিবাহী AS01-PC0648 নম্বৰৰ জমিৰ আলী নামৰ কয়লা মাফিয়াজনৰ ট্ৰাকখনে খুন্দিওৱাৰ বাবে এনে হৃদয় বিদাৰক ঘটনা সংঘটিত হ'ল ।‌

এই ঘটনাৰ বাবে মূল জগৰীয়া অবৈধ কয়লা কঢ়িওৱা গাড়ীৰ দৌৰাত্ম্য বুলি মন্তব্য কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । কিন্তু সেই দৌৰাত্ম্যৰ বিৰুদ্ধে প্ৰশাসনে সঠিক ব্যৱস্থা নলয় বুলি মন্তব্য কৰি বিদ্যুৎ শইকীয়াই কয় যে কয়লাভৰ্তি ট্ৰাকখনৰ বিৰুদ্ধে ব্যৱস্থা ল'লেই ছিণ্ডিকেটৰ লগত জড়িত অথবা কয়লা মাফিয়া চক্ৰৰ সকলো কথা পোহৰলৈ আহিব ।

শাসক পক্ষৰ পৃষ্ঠপোষকতাত অবৈধ কয়লাৰ মুকলি বেহা আৰু পুৱতি নিশা পলৰীয়া অবৈধ কয়লাভৰ্তি ট্ৰাকৰ বাবে উক্ত শোকাৱহ দুৰ্ঘটনা সংঘটিত হ'ল বুলি অভিযোগ উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । ইয়াৰোপৰি বিদ্যুৎ শইকীয়াই কয় যে, এই শোকাৱহ দুৰ্ঘটনাৰ বাবে পোনপটীয়াকৈ জগৰীয়া ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনস্থ ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁঠনি আৰু উন্নয়ন নিগম লিমিটেড অৰ্থাৎ এন এইচ আই ডি চি এল(NHIDCL) নামৰ সংস্থাটো আৰু সংস্থাটোৰ পৰা নিবিদা লাভ কৰা ৰাজেন্দ্ৰ ইনফাস্টাকছাৰ প্ৰাইভেট লিমিটেড আৰু গণপতি কষ্ট্ৰাকছন নামৰ পথ নিৰ্মাণকাৰী কোম্পানী দুটা ।

সংবাদমেলত কৃষক মুক্তিৰ সভাপতি দেৱেন শৰ্মা, সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে, ছাত্ৰ মুক্তিৰ উপ-সভানেত্ৰী অনিন্দিতা দাস আদিয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: বছা ভৰলুৱা গাঁৱত লুৰিণজ্যোতি গগৈ: 25 লাখ টকাৰ এককালীন সাহাৰ্য দিয়াৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.