ETV Bharat / state

সুখবৰঃ শীঘ্ৰে ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল

author img

By

Published : Apr 28, 2020, 4:39 PM IST

বৰ্তমানলৈ ফলাফল ঘোষণাৰ তাৰিখ নিৰ্ধাৰণ হোৱা নাই যদিও ফলাফল ঘোষণাৰ সকলো ব্যৱস্থাৰ কাম কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে ৷

HSLC result will be declared soon: Secretary of SEBA
সুখবৰঃ শীঘ্ৰে ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল

গুৱাহাটী,28 এপ্ৰিল: 2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীৰ্ণ হোৱা পৰীক্ষাৰ্থী সকললৈ সুখবৰ ৷ শীঘ্ৰেই ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল ৷ 39 টা মূল্যাংকণ কেন্দ্ৰত ইতিমধ্যেই সকলো উত্তৰ বহীৰ মূল্যাংকণ সম্পন্ন হৈছে ৷ এই বুলি জানিবলৈ দিলে ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে ৷ বৰ্তমানলৈ ফলাফল ঘোষণাৰ তাৰিখ নিৰ্ধাৰণ হোৱা নাই যদিও ফলাফল ঘোষণাৰ সকলো ব্যৱস্থাৰ কাম কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে সচিব গৰাকীয়ে ৷ জানিব পৰা অনুসৰি 860 টা কেন্দ্ৰত এইবাৰ অৱৰ্তীণ হৈছিল 3,58,446 গৰাকী পৰীক্ষাৰ্থী ৷

সুখবৰঃ শীঘ্ৰে ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল

উল্লেখ্য যে, লক ডাউনৰ সময়ত ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ ভাৱে পাঠদানৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে চেবাই ৷ অনলাইন পাঠদান দিয়াৰ লগতে আন বিভিন্ন মাধ্যমৰ জৰিয়তে ছাত্ৰ ছাত্ৰী সকলক পাঠদান কৰাৰ কথা জনাই সচিব সুৰঞ্জনা সেনাপতিয়ে ৷

লগতে পঢ়কঃ সাংবাদিকলৈ ৫০ লাখ টকাৰ বীমা ঘোষণা মুখ্যমন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.