ETV Bharat / state

BJP Press Conference: বিজেপিৰ শাসন কালতে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হৈছে

author img

By

Published : Aug 11, 2022, 8:51 PM IST

Historic Day For The Tea Garden Workers: Pallab Lochan Das
বিজেপি শাসন কালতে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হৈছে- পল্লৱ লোচন দাস

"এয়া চাহ শ্ৰমিকসকলৰ বাবে এক ঐতিহাসিক দিন ৷ শেহতীয়াকৈ আমাৰ চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰিৰ ২৭ টকাকৈ বৃদ্ধি কৰা হৈছে ৷ " ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা সাংসদ পল্লৱ লোচন দাস আৰু মুখপাত্ৰ মনোজ বৰুৱাই বৃহস্পতিবাৰে দলৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে (Pallab Lochan Das Press on Meet daily wage for tea workers increases) ৷

গুৱাহাটী, 11 আগষ্ট: "এয়া চাহ শ্ৰমিকসকলৰ বাবে এক ঐতিহাসিক দিন ৷ শেহতীয়াকৈ আমাৰ চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰিৰ ২৭ টকাকৈ বৃদ্ধি কৰা হৈছে ৷ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ পদক্ষেপত শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ চাহ শ্ৰমিকসকলৰ ন্যূনতম মজুৰি ২৭ টকাকৈ বৃদ্ধিৰ বাবে লোৱা সিদ্ধান্ত অতিকৈ আদৰণীয় আৰু ৰাজ্য চৰকাৰৰ এনে সিদ্ধান্তক ৰাজ্যিক বিজেপিয়ে আদৰণি জনাইছে ৷ ড৹ হিমন্ত বিশ্ব শমাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই যোৱা ফ্ৰেব্ৰুৱাৰী মাহত চাহ শ্ৰমিক সকলৰ মজুৰি 38 টকাকৈ বৃদ্ধি কৰিছিল ৷ অর্থাৎ ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শাসনৰ মাত্ৰ 15 টা মাহতেই চাহ শ্ৰমিকৰ মজুৰি 65 টকা বৃদ্ধি হৈছে(Historic Day For The Tea Garden Workers)৷" ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা সাংসদ পল্লৱ লোচন দাস আৰু মুখপাত্ৰ মনোজ বৰুৱাই বৃহস্পতিবাৰে দলৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে (Pallab Lochan Das Press on Meet daily wage for tea workers increases)৷

বিজেপি শাসন কালতে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হৈছে- পল্লৱ লোচন দাস

উল্লেখ্য যে বুধবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ চাহ বাগিচাসমূহত কৰ্মৰত শ্ৰমিকসকলৰ ন্যূনতম মজুৰি বৃদ্ধিকে ধৰি বিভিন্ন বিষয় আলোচনা কৰাৰ অৰ্থে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত ইণ্ডিয়ান টি এছ’চিয়েচন, নৰ্থ-ইষ্টার্ণ টি এছ'চিয়েচন, টি এছ’চিয়েচন অব ইণ্ডিয়া, ভাৰতীয় চাহ পৰিষদ, আছাম টি প্লেণ্টাৰ্ছ এছ'চিয়েচন আৰু অসম চাহ মজদুৰ সংঘৰ প্ৰতিনিধিবৰ্গৰ সৈতে এক বৈঠকত মিলিত হয় (Assam CM met with various organizations involved in tea sector) । এই বৈঠকত ৰাজ্যৰ চাহ বাগিচাসমূহত কৰ্মৰত শ্ৰমিকসকলৰ ন্যূনতম মজুৰি ২৭ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় (Minimum daily wage for tea workers increases by Rs 27 each) । ইয়াৰ ফলত ব্ৰহ্মপুত্ৰ উপত্যকাত চাহ শ্ৰমিকসকলৰ ন্যূনতম দৈনিক মজুৰি ২৩২ টকা আৰু বৰাক উপত্যকাত চাহ শ্ৰমিকসকলৰ ন্যূনতম মজুৰি ২১০ টকালৈ বৃদ্ধি হয় ৷

লগতে সাংসদ দাসে কয় যে ইয়াৰ পূৰ্বেও 2017 চনত চাহ শ্ৰমিকৰ মজুৰি পৰিমাণ 30 টকাকৈ বৃদ্ধি পাইছিল ৷ অসমত প্ৰায় 6 টা দশকজুৰি শাসনভাৰ চলোৱা কংগ্ৰেছ দলে অসমৰ চাহ জনগোষ্ঠী জনসাধাৰণ মাহী আইৰ চকুৰে চাইছিল সেয়ে কংগ্ৰেছৰ শাসনকালত চাহ শ্ৰমিকৰ মজুৰিৰ পৰিমাণ বৃদ্ধিৰ হাৰ অতিকৈ নিম্ন আছিল ৷ 1991 চনত চাহ শ্ৰমিকৰ মজুৰি 2 টকা বৃদ্ধি পাইছিল, ঠিক একেদৰে 1994 চনত 1.75 টকা, 1996 চনত 6 টকা, 2002 চনত 5.45 টকা, 2005 চনত 2.60 টকা, 2008 চনত 3.70 টকা, 2010 চনত 8 টকা, 2012 চনত 5 টকা, 2015 চনত 21 টকাকৈ বৃদ্ধি হৈছিল ৷

ইয়াৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টিৰ শাসনত অহাৰ পিছত 2017 চনত 30 টকা, 2021 চনত 38 টকা আৰু শেহতীয়াকৈ 27 টকাকৈ বৃদ্ধি পাইছে ৷ পৰিসংখ্যাৰ দিশেৰে চাবলৈ গ'লে কংগ্ৰেছ শাসনৰ 6 টা দশকত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হৈছিল মাত্ৰ 137 টকালৈ ৷ আনহাতে বিজেপি শাসনৰ মাত্ৰ 6 টা বছৰতে চাহ শ্ৰমিকৰ মজুৰি 232 টকালৈ বৃদ্ধি পালে ৷ অর্থাৎ কংগ্ৰেছ শাসনৰ 6 টা দশকতকৈ ভাৰতীয় জনতা পাৰ্টি শাসনৰ মাত্ৰ 6 টা বছৰত চাহ শ্ৰমিকৰ মজুৰিৰ পৰিমাণ অধিক বৃদ্ধি হৈছে ৷

লগতে পঢ়ক: Assam CM assures tea workers: চাহ শ্ৰমিকৰ ন্যূনতম দৈনিক মজুৰি ২৭ টকাকৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.