Axom Gunotsav 2023: ৰাজ্যত ১৮ জানুৱাৰীৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ

author img

By

Published : Dec 10, 2022, 9:22 AM IST

Gunotsav will be held in three phases from January 18 in Assam

ৰাজ্যত পুনৰ অনুষ্ঠিত হ’ব গুণোৎসৱ (Axom Gunotsav 2023)। পুনৰ শিক্ষানুষ্ঠানসমূহত গুণোৎসৱ অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে শিক্ষা বিভাগ । তিনিটা পৰ্যায়ত ৰাজ্যজুৰি অনুষ্ঠিত হ’ব এই গুণোৎসৱ । ১৮ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হোৱাৰ পিছত ১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰু ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব ৷

গুৱাহাটী, ১০ ডিচেম্বৰ: ৰাজ্যত পুনৰ অনুষ্ঠিত হ’ব গুণোৎসৱ (Axom Gunotsav 2023)। পুনৰ শিক্ষানুষ্ঠানসমূহত গুণোৎসৱ অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে শিক্ষা বিভাগ । তিনিটা পৰ্যায়ত ৰাজ্যজুৰি অনুষ্ঠিত হ’ব এই গুণোৎসৱ । ১৮ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হোৱাৰ পিছত ১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰু ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব ।

১৮ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ বৰপেটা, কৰিমগঞ্জ, গোলাঘাট, হোজাই, কামৰূপ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা-মানকাচাৰ, তিনিচুকীয়া আৰু ওদালগুৰিত অনুষ্ঠিত হ’ব । আনহাতে ১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ বাক্সা, চিৰাং, চৰাইদেউ, ধুবুৰী, ডিমা হাচাও, হাইলাকান্দি, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ আৰু পশ্চিম কাৰ্বি আংলঙত অনুষ্ঠিত হ’ব । সেইদৰে ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ বিশ্বনাথ, বঙাইগাঁও, দৰং, ধেমাজী, ডিব্ৰুগড়, গোৱালপাৰা, কাৰ্বি আংলং, কাছাৰ, নগাঁও আৰু নলবাৰীত অনুষ্ঠিত হ’ব ।

উল্লেখ্য যে, শিক্ষাৰ অধিকাৰ আইন ২০০৯ দ্বাৰা ভাৰতবৰ্ষৰ ৬ ৰ পৰা ১৪ বছৰৰ আয়ুৰ সকলো শিশুৰ বাবেই প্ৰাথমিক শিক্ষা লাভ কৰাটো বাধ্যতামূলক আৰু বিনামূলীয়াকৈ শিশুসকলে শিক্ষা লাভ কৰাটো সাংবিধানিক অধিকাৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে । এই আইনৰ ২৯ নং ধাৰা অনুসৰি প্ৰতিটো শিশুৱেই মান সম্পন্ন, সাৰ্বিক আৰু শিশুৰ বাবে অনুকুল পৰিৱেশত শিক্ষা লাভ কৰাটো প্ৰতিটো শিশুৰেই অধিকাৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে (Axom Sarba Siksha Abhijan Mission) ।

এই আইনৰ নিৰ্দেশাৱলীকেই শিৰোগত কৰি প্ৰাথমিক স্তৰত গুণগত শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । বিগত সময়ছোৱাত চৰকাৰৰ তৰফৰ পৰা শৈক্ষিক ফলাফল বৃদ্ধিৰ উদ্দেশ্যে ভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় পাঠ্যক্ৰম ৰূপৰেখাৰ অধাৰত পাঠ্যক্ৰম যুগুত কৰা, শিক্ষকসকলৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা, যোগ্যতাসম্পন্ন শিক্ষক নিযুক্তি আৰু কাৰ্যকলাপ ভিত্তিক শিক্ষাৰ বাস্তৱায়ন আদিও উল্লেখযোগ্য ।

গুণগত শিক্ষা সম্পৰ্কে সকলো হিতাধীকাৰীৰ মাজতেই এটি উচ্চ প্ৰাথমিকতাৰ ভাৱনা সম্প্ৰসাৰণ কৰা, মূল্যাংকণৰ প্ৰক্ৰিয়াৰ অংশ হিচাপে ৰাজ্যখনৰ শীৰ্ষৰ আই.এ.এছ., আই.পি.এছ., প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বিষয়াসকল আৰু মন্ত্ৰী বিধায়কসকলৰ যোগদান আৰু বিদ্যালয় পৰিদৰ্শন, আঁচনি প্ৰস্তুতৰ বাবে মূল্যাংকণৰ সময়ছোৱাত প্ৰাপ্ত শৈক্ষিক সমস্যা, ভূল ধাৰণা, পাৰদৰ্শিতা আৰু সাধাৰণ ভূল ভ্ৰান্তিসমূহক আধাৰ হিচাপে গ্ৰহণ কৰাই হৈছে গুণোৎসৱৰ মূল বৈশিষ্ট।

লগতে পঢ়ক: Dr Banikanta Kakati merit award : 1462 গৰাকী শিক্ষাৰ্থীক স্কুটী প্ৰদান শিক্ষামন্ত্ৰী ড৹ ৰনোজ পেগুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.