ETV Bharat / state

Government rehabilitation centre : পামহীত মুকলি চৰকাৰী নিচামুক্তি কেন্দ্ৰ

author img

By

Published : Feb 17, 2023, 8:48 PM IST

অসম চৰকাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৬ টা চৰকাৰী নিচামুক্তি কেন্দ্ৰ মুকলি কৰিব । তাৰ ভিতৰত এটা শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ পামহীত মুকলি কৰা হয় (Govt De addiction Centre launched in Kamrup metro)। মন্ত্ৰী পীযুষ হাজৰীকাই মুকলি কৰে কেন্দ্ৰটো ।

Government rehabilitation centre
পামহীত মুকলি চৰকাৰী নিচামুক্তি কেন্দ্ৰ

পামহীত মুকলি চৰকাৰী নিচামুক্তি কেন্দ্ৰ

গুৱাহাটী ১৭ ফেব্ৰুৱাৰী: গুৱাহাটীৰ সমীপৱৰ্তী পামহীত আৰম্ভ হ'ল নতুন চৰকাৰী নিচামুক্তি কেন্দ্ৰ (Govt De addiction Centre at Pamehi)। মন্ত্ৰী পীযুষ হাজৰীকাই শুকুৰবাৰে উদ্বোধন কৰে এই নৱ নিৰ্মিত নিচামুক্তি কেন্দ্ৰ । ৰাজ্যিক ড্ৰাগছ বিৰোধী আৰু নিষিদ্ধকৰণ পৰিষদৰ উদ্যোগত এই নিচামুক্তি কেন্দ্ৰ স্থাপন কৰা হৈছে । উদ্বোধনী অনুষ্ঠানটোত মন্ত্ৰী পীযুষ হাজৰীকাৰ উপৰিও উপস্থিত থাকে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি (Pijush Hazarika inaugurates De addiction Centre)।

কেন্দ্ৰটো উদ্বোধন কৰি মন্ত্ৰীগৰাকীযে কয় যে, ব্যক্তিগত খণ্ডৰ কেন্দ্ৰসমূহৰ পৰিৱেশ অতিকৈ বেয়া দেখা পোৱা যায় । কিন্তু এই চৰকাৰী কেন্দ্ৰটো যাতে একেই থাকে তাৰ বাবে তেওঁ কেন্দ্ৰটোৰ দায়িত্বত থকা সকলক আহ্বান জনায় । অহা ১৫ দিনৰ ভিতৰত ৰাজ্যৰ বিভিন্ন স্থানত ৬ টা চৰকাৰী নিচামুক্তি কেন্দ্ৰ মুকলি কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে ৷ চৰকাৰী এই নিচামুক্তি কেন্দ্ৰসমূহত থাকিব চিকিৎসক, নাৰ্চ আৰু যোগাসনৰ প্ৰশিক্ষক (Facilities in Govt De addiction Centre)।

উক্ত অনুষ্ঠানতে কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ পত্ৰ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, কংগ্ৰেছৰ ভিতৰৰ সকলো খবৰ তেওঁ জানে । যি পত্ৰ দেৱব্ৰত শইকীয়াই লিখিছে সেই বিষয়েও তেওঁ জানে । তেওঁ অভিযোগ কৰা মতে প্ৰদেশ কংগ্ৰেছত কিবা দিব পাৰিলে পদবী ল'ব পাৰি । ২০৩৬ চনলৈকে দিছপুৰত বিজেপিৰ বাহিৰে কোনো দল আহিব নোৱাৰে (Pijush Hazarika slams Congress)।

তেওঁ কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা সন্দৰ্ভতো মন্তব্য কৰে । তেওঁৰ মতে কেইদিনমান আগলৈকে দুয়োটা দল মিত্ৰতাত আছিল । ভূপেন বৰাৰ নিজৰ আসন এতিযা থৰক বৰক বুলিও তীব্ৰ সমালোচনা কৰে পীযুষ হাজৰীকাই ৷ ইফালে এনআৰচি আৰু ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য বিতৰ্ক সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই (Pijush Hazarika on NRC AASU controversy)। বিষয়টো অতি গুৰুত্বপূৰ্ণ বুলিও তেওঁ মন্তব্য কৰে ।

চৰকাৰৰ উচ্ছেদত বাধা আৰোপ কৰা বিধায়ক নুৰুল হুদা কোন বুলি প্ৰশ্ন কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁৰ মতে ওকনিৰ ভয়ত অসম চৰকাৰে চুলি নাকাটে । নুৰুল হুদাই উচ্ছেদ ৰখাব নোৱাৰে বুলি দাবী কৰে মন্ত্ৰী পীযুষ হাজৰিকাই (Pijush Hazarika slams congress MLA Nurul Huda)। ইফালে অসমৰ জ্যোতিৰ্লিংগ বিতৰ্কক লৈও মন্তব্য কৰে পীযুষ হাজৰীকাই । মন্ত্ৰীগৰাকীয়ে কয় যে, ভীমশংকৰ মন্দিৰ অসমতে আছে । সৰুৰে পৰাই অসমীয়া হিচাপে সেয়াই জানে বুলিও কয় মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : Assam Trinmool Congress : তৃণমূল কংগ্ৰেছত যোগদান অভিনেত্ৰী জুপিতৰা ভূঞাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.