Eviction drive at Beltola : বেলতলাৰ সৌৰভ নগৰত পৌৰ নিগমৰ উচ্ছেদ অভিযান

author img

By

Published : Mar 14, 2023, 9:32 PM IST

Eviction drive at Beltola

গুৱাহাটী মহানগৰীত আকৌ উচ্ছেদ (Eviction drive in Guwahati)৷ এইবাৰ প্ৰশাসনৰ হাতোৰা চলিল বেলতলাৰ সৌৰভ নগৰত ৷ গুৱাহাটীক কৃত্ৰিম বানমুক্ত কৰাৰ উদ্দেশ্যে বেলতলাৰ সৌৰভ নগৰৰ বাহিনী নৈত পৌৰ নিগমে আৰম্ভ কৰিছে উচ্ছেদ অভিযান (Flood free Guwahati) ৷

কৃত্ৰিম বানপানী ৰোধৰ বাবে তৎপৰ পৌৰ নিগম

গুৱাহাটী, ১৪ মাৰ্চ : কৃত্ৰিম বানপানী ৰোধৰ বাবে গুৱাহাটী পৌৰ নিগম এইবাৰ অধিক তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে (Flood free Guwahati)। মহানগৰীৰ মাজেৰে বৈ যোৱা নৈ, নলা-নৰ্দমাসমূহ পৰিষ্কাৰ কৰাৰ বাবে এইবাৰ পৌৰ নিগমে বিভিন্ন ব্যৱস্থা হাতত লৈছে । শেহতীয়াকৈ মহানগৰীৰ মাজেৰে বৈ যোৱা বাহিনী নৈৰ ওপৰত থকা ২৬ খনকৈ দলং ভাঙি পেলোৱাৰো নিৰ্দেশ প্ৰদান কৰিছে পৌৰ নিগমে ।

মঙলবাৰে মহানগৰীৰ বেলতলাৰ সৌৰভ নগৰত প্ৰশাসনৰ সহযোগত পৌৰ নিগমে উচ্ছেদ অভিযান আৰম্ভ কৰে (GMC Eviction drive at Beltola) । অভিযানত বাহিনী নৈৰ ওপৰত নিৰ্মাণ কৰা একাংশ দেৱাল ভাঙি পেলাই প্ৰশাসনে । লগতে প্ৰায় ২০ টাকৈ পৰিয়ালে অহা-যোৱা কৰা এটি পথো প্ৰশাসনে বুলড’জাৰ কাটি পেলায় । মঙলবাৰে বেলতলাৰ সৌৰভ নগৰত গুৱাহাটী পৌৰ নিগমে চলোৱা উচ্ছেদ অভিযানৰ সময়ত উপস্থিত থাকে পৌৰ নিগমৰ সহকাৰী আয়ুক্তগৰাকী ৷

সংবাদ মাধ্যমৰ আগত হোৱা এক বাৰ্তালাপত পৌৰ নিগমৰ সহকাৰী আয়ুক্তগৰাকীয়ে কয়, ‘‘বিগত এমাহ ধৰি আমাৰ এই অভিযান চলি আছে । বশিষ্ঠৰ পাটৰকুচিত এই বাহিনী নৈৰ উৎপত্তিস্থল । বিগত এমাহে পাটৰকুচিৰ পৰা বাহিনী নৈৰ ওপৰত থকা অবৈধ নিৰ্মাণসমূহ উচ্ছেদ কৰি থকা হৈছে । আমাৰ উদ্দেশ্য, মহানগৰীৰ মাজেৰে বৈ যোৱা নৈসমূহ মুকলি কৰি চাফ চিকুণ তথা মুকলি কৰি দিয়া ৷ কিয়নো বৰষুণৰ ফলত নামি অহা পাহাৰৰ পানীসমূহ যাতে নৈসমূহে বোৱাই নিব পাৰে’’ ।

উল্লেখযোগ্য যে, বিগত বছৰসমূহত বাৰিষাৰ সময়ত গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানীৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছিল । ফলত কেইবাজনো লোকৰ মৃত্যু পৰ্যন্তও ঘটিছিল । লগতে কৃত্ৰিম বানপানীৰ ফলত দুৰ্ঘটনা তথা বিদ্যুৎপৃষ্ট হৈয়ো সাধাৰণ জনতাৰ মৃত্যু হৈছিল । বিগত বছৰসমূহৰ দৰে যাতে দুনাই আৰু ঘটনা নহয়, তাৰ বাবে এইবাৰ গুৱাহাটী পৌৰ নিগম অধিক সষ্টম হৈ পৰিছে বুলি উল্লেখ কৰে পৌৰ নিগমৰ সহকাৰী আয়ুক্তগৰাকীয়ে ৷

লগতে পঢ়ক : Debt on Assam govt: এটি শিশুৱে ল’ব লাগে ৪৮ হাজাৰ টকাৰ ধাৰৰ বোজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.