ETV Bharat / state

মহানগৰীৰ ফাঁচী বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Apr 16, 2021, 9:20 PM IST

মহানগৰীৰ ফাঁচী বজাৰত ভয়ংকৰ অগ্নিকাণ্ড
মহানগৰীৰ ফাঁচী বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড ৷ গুৱাহাটীৰ বাণিজ্যিক কেন্দ্ৰ ৰূপে তথা অত্যন্ত ব্যস্ততাপূৰ্ণ অঞ্চল হিচাপে পৰিচিত ফাঁচী বজাৰৰ এখন ৰেষ্টুৰেণ্টত চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয় ।

গুৱাহাটী,১৬ এপ্ৰিল: ৰঙালীৰ উখল-মাখল পৰিৱেশৰ মাজতেই শুকুৰবাৰে বিয়লি গুৱাহাটীৰ ফাঁচী বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । গুৱাহাটীৰ বাণিজ্যিক কেন্দ্ৰ ৰূপে তথা অত্যন্ত ব্যস্ততাপূৰ্ণ অঞ্চল হিচাপে পৰিচিত ফাঁচী বজাৰৰ এখন ৰেষ্টুৰেণ্টত চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে ।

মহানগৰীৰ ফাঁচী বজাৰত ভয়ংকৰ অগ্নিকাণ্ড
মহানগৰীৰ ফাঁচী বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয় যদিও অঞ্চলটো যথেষ্ট ঠেক আৰু ব্যস্ততাপূৰ্ণ হোৱাৰ বাবে জুই নিৰ্বাপণত যথেষ্ট সমস্যাৰ সৃষ্টি হয় । এই অগ্নিকাণ্ডত ৰেষ্টুৰেণ্ট খন সম্পূৰ্ণৰূপে জ্বলি যোৱাৰ লগতে ওচৰৰ আন ব্যৱসায়িক প্ৰতিষ্ঠানো ক্ষতিগ্ৰস্ত হয় ।

উল্লেখ্য যে, শ্বপাৰ্ছ প‌ইন্টৰ সন্মুখৰ এখন মাৰ্কেটৰ ৰেষ্টুৰেণ্টত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । এই অগ্নিকাণ্ডত বহু লাখ টকাৰ সা-সম্পত্তি ধ্বংস হয় বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে ছাটাবাৰী বাঘৰদিয়াত বিহু উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.