ETV Bharat / state

অখিল গগৈৰ হৈ আইনী যুঁজত অৱতীৰ্ণ হ’ব প্ৰাক্তন মন্ত্ৰী চলমান খুৰছিদ

author img

By

Published : Jul 13, 2020, 1:09 PM IST

দেৱব্ৰত শইকীয়াই কয় যে, কৃষক মুক্তি সংগ্ৰাম সমিতৰ নেতা অখিল গগৈ তথা 'কা' বিৰোধী আন্দোলনৰ লগত জড়িত আটাইকে চৰকাৰে প্ৰতিশোধমূলক ভাবে বন্দী কৰি ৰাখিছে । ‘কা’ আন্দোলনত জড়িত নেতা কৰ্মীৰ ওপৰত চৰকাৰখনে বিভিন্ন গোচৰ আদি জাপি এটা শান্তিপূৰ্ণ আন্দোলন দমন কৰাৰ চেষ্টা কৰি আহিছে,তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি আহিছোঁ আৰু অনাগত সময়ত আৰু তীব্ৰতৰ আন্দোলন কৰি যাম ।

Ex Minister Salman Khursid will fight for Akhil Gogoi at court
অখিল গগৈৰ হৈ আইনী যুঁজত অৱতীৰ্ণ হ’ব প্ৰাক্তন মন্ত্ৰী চলমান খুৰছিদ

গুৱাহাটী,13 জুলাইঃ ৰাজ্য চৰকাৰে এটাৰ পিছত আনটোকৈ গোচৰ জাপি কাৰাৰুদ্ধ কৰি ৰখা কৃষক নেতা অখিল গগৈৰ হৈ আইনী যুঁজত অৱতীৰ্ণ হ’বলৈ সাজু জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী চলমান খুৰছিদ । সম্প্ৰতি ক'ভিড ১৯ ত আক্ৰান্ত কৃষক নেতাগৰাকী চিকিৎসাধীন হৈ থকাৰ সময়তে এই কথা ঘোষণা কৰিছে কংগ্ৰেছ দলে । অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই কথা সদৰী কৰি কয় যে ইতিমধ্যে দলৰ শীৰ্ষ নেতৃত্বই তেওঁক এই বিষয়ে অৱগত কৰিছে ।

অখিল গগৈৰ হৈ প্ৰাক্তন মন্ত্ৰী চলমান খুৰছিদে আইনী যুঁজত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰে দেৱব্ৰত শইকীয়াই

দেৱব্ৰত শইকীয়াই আৰু কয় যে, কৃষক মুক্তি সংগ্ৰাম সমিতৰ নেতা অখিল গগৈ তথা 'কা' বিৰোধী আন্দোলনৰ লগত জড়িত আটাইকে চৰকাৰে প্ৰতিশোধমূলক ভাবে বন্দী কৰি ৰাখিছে । ‘কা’ আন্দোলনত জড়িত নেতা-কৰ্মীৰ ওপৰত চৰকাৰখনে বিভিন্ন গোচৰ আদি জাপি এটা শান্তিপূৰ্ণ আন্দোলন দমন কৰাৰ চেষ্টা কৰি আহিছে,তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰি আহিছোঁ আৰু অনাগত সময়ত আৰু তীব্ৰতৰ আন্দোলন কৰি যাম ।

আগন্তুক সময়ত অখিল গগৈৰ জামিন আবেদনৰ শুনানিত তেঁওক কংগ্ৰেছৰ তৰফৰ পৰা সম্পূৰ্ণ আইনী সহায় আগবঢ়োৱাৰ কথা ঘোষণা কৰে বিৰোধী দলপতিগৰাকীয়ে ৷ সাংসদ তথা আইনী কোষৰ অধ্যক্ষ বিবেক টাংখা আৰু প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী চলমান খুৰছিদে আগন্তক সময়ত কৃষক মুক্তিৰ নেতা সকলৰ যি জামিন আবেদন হ'ব সেই আবেদনৰ সময়ত সহায় কৰাৰ কথাত দলৰ শীৰ্ষ নেতৃবৃন্দই সন্মতি জনোৱা বুলিও মন্তব্য কৰে দেৱব্ৰত শইকীয়াই ৷

লগতে পঢ়ক- অভয়াপুৰীৰ আই নদীৰ সংহাৰী ৰূপ : 30 টা পৰিয়ালৰ ভেটি মাটি উছন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.