Maharashtra Political Crisis: অৱশেষত মুখ খুলিলে একনাথ সিন্দেই

author img

By

Published : Jun 28, 2022, 3:17 PM IST

Updated : Jun 28, 2022, 3:39 PM IST

Maharashtra MLA Eknath Shinde

ৰেডিশ্বনত বাহৰ পতাৰ পাছত প্ৰথমবাৰলৈ মুখ খুলিলে মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিসম্বাদী বিধায়ক একনাথ সিন্দেই (Maharashtra MLA Eknath Shinde)৷ মঙলবাৰে হোটেলখনৰ সন্মুখলৈ ওলাই অহাৰ পাছত সাংবাদ মাধ্যমেৰে হোৱা মুখামুখিত স্পষ্ট হয় যে, অতি শীঘ্ৰেই মহাৰাষ্ট্ৰ অথবা দিল্লীলৈ যোৱাৰ সম্ভাৱনা আছে বিসম্বাদী বিধায়কজন ৷

গুৱাহাটী, 28 জুন: তুংগত উঠিছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণ (Maharashtra Political Crisis)। গুৱাহাটীৰ ৰেডিশ্বন ব্লু’ত বাহৰ পাতি থকা মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিসম্বাদী বিধায়ক একনাথ সিন্দে(Maharashtra MLA Eknath Shinde) মঙলবাৰে প্ৰথমবাৰৰ বাবে হোটেলৰ বাহিৰলৈ আহি সাংবাদিকক সম্বোধন কৰে ।

অৱশেষত মুখ খুলিলে একনাথ সিন্দেই

তেওঁ কয়, মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকল গুৱাহাটীলৈ নিজৰ ইচ্ছা মতে আহিছে (Eknath Shinde faced media)। আমি সোনকালে মহাৰাষ্ট্ৰলৈ উভতি যাম । আমি বাল থাকৰেৰ হিন্দুত্বৰ লগত আছো । এতিয়াও আমি শিৱসেনাত আছো । আমি বাল থাকৰেৰ হিন্দুত্বৰ আদশক আগুৱাযই লৈ যাবলৈ বদ্ধপৰিক্কৰ ।’’

উল্লেখ্য যে, একনাথ সিন্দে আজি যিকোনো মূহূৰ্তত মহাৰাষ্ট্ৰ অথবা দিল্লীলৈ যোৱাৰ সম্ভাৱনা আছে । বৰ্তমান ৰেডিশ্বন ব্লু হোটেলতে শিৱসেনাৰ ৩৯ জন আৰু নিৰ্দলীয় ৯ জন বিসম্বাদী বিধায়কে বাহৰ পাতি আছে ।

লগতে পঢ়ক: ৰেডিশ্বন ব্লুৰ পৰা ওলাল বিসম্বাদী নেতা একনাথ সিন্দে

Last Updated :Jun 28, 2022, 3:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.