UGC Regional Office Guwahati: বন্ধ হ’ল ইউজিচিৰ গুৱাহাটীস্থ আঞ্চলিক কার্যালয়

author img

By

Published : Nov 14, 2022, 6:37 PM IST

Updated : Nov 14, 2022, 6:59 PM IST

Gauhati University UGC Department has been Closed

বন্ধ হ’ল বিশ্ববিদ্যালয় অনুদান আয়োগৰ গুৱাহাটীস্থ আঞ্চলিক কার্যালয় (UGC regional office in Guwahati closed)। বিশ্ববিদ্যালয় অনুদান আয়োগে গুৱাহাটীৰ লগতে পুনে, কলকাতা, বেংগালুৰু, ভূপাল আৰু হায়দৰাবাদকে ধৰি দেশৰ ৬ টা আঞ্চলিক কার্যালয় বন্ধৰ ঘোষণা কৰিছে । ১৩ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ইউজিচিৰ আঞ্চলিক কার্যালয়কেইটা বন্ধ কৰি দিয়া হৈছে ৷

গুৱাহাটী, 14 নৱেম্বৰ: অৱশেষত বন্ধ হ’ল বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ ইজিচিৰ গুৱাহাটীস্থ আঞ্চলিক কার্যালয় (UGC regional office in Guwahati closed)। বিশ্ববিদ্যালয় অনুদান আয়োগে গুৱাহাটীৰ লগতে পুনে, কলকাতা, বেংগালুৰু, ভূপাল আৰু হায়দৰাবাদকে ধৰি দেশৰ ৬ টা আঞ্চলিক কার্যালয় বন্ধৰ ঘোষণা কৰিছে (UGC announces closure of 6 regional offices) । ১৩ নৱেম্বৰৰ অর্থাৎ দেওবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ইউজিচিৰ আঞ্চলিক কার্যালয়কেইটা বন্ধ কৰি দিয়া হৈছে (University Grants Commission) ৷

এতিয়াৰে পৰা গুৱাহাটীৰ লগতে পুনে, কলকাতা, বেংগালুৰু, ভূপাল আৰু হায়দৰাবাদকে ধৰি দেশৰ ৬ টা আঞ্চলিক কাৰ্যালয়ৰ সকলো কাম-কাজ পৰিচালিত হ’ব ইউজিচিৰ দিল্লীস্থিত মুখ্য কাৰ্যালয়ৰ পৰা । আঞ্চলিক কার্যালয়সমূহৰ জৰিয়তে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ যোগাযোগ তথা তথ্যৰ আদান-প্ৰদানৰ ক্ষেত্ৰত সুচল হৈছিল যদিও এতিয়াৰ পৰা পোনপটীয়াকৈ দিল্লীৰ সৈতে যোগাযোগ কৰিব লাগিব ।

আয়োগে পুৰণি শিক্ষা নীতি অনুসৰি সমগ্ৰ দেশৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ সুবিধাৰ বাবে আঞ্চলিক কাৰ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত লৈছিল । সেই অনুসৰি, পুনে, হায়দৰাবাদ, ভূপাল, দিল্লী, গুৱাহাটী, কলকাতা আৰু বেংগালুৰুত আঞ্চলিক কাৰ্যালয় স্থাপন কৰা হৈছিল । এই কাৰ্যালয়সমূহৰ জৰিয়তে, শিক্ষাৰ্থী, অধ্যাপক, অধ্যক্ষ আৰু মহাবিদ্যালয়ৰ বাবে আয়োগৰ বিভিন্ন আঁচনি ৰূপায়ণ কৰা হয় ।

অনুদান আয়োগৰ আঞ্চলিক কাৰ্যালয়সমূহৰ জৰিয়তে এই আঁচনিসমূহৰ সুবিধাবোৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক, গৱেষক আৰু ছাত্ৰ-ছাত্ৰীসকলে প্ৰত্যক্ষভাৱে লাভ কৰিব পাৰে । সেয়েহে, নগৰাঞ্চলৰ লগতে গ্ৰাম্য অঞ্চলৰ মহাবিদ্যালয়ৰ অধ্যাপক আৰু অধ্যক্ষসকলক পোনপটীয়াকৈ দিল্লীলৈ নোযোৱাকৈ আঞ্চলিক কাৰ্যালয়ৰ জৰিয়তে অনুদান আয়োগৰ বিভিন্ন প্ৰয়োজনীয় কাম কৰিব পাৰে ।

এই ব্যৱস্থাৰ ফলত তেওঁলোকৰ সময় আৰু ধন ৰাহি হয় । অৱশ্যে এতিয়া আঞ্চলিক কাৰ্যালয়সমূহ বন্ধ হোৱাৰ বাবে, অমীমাংসিত বিষয়ৰ বাবে বা আঁচনিবোৰ সম্পূৰ্ণ কৰাৰ বাবে পোনপটীয়াকৈ দিল্লীলৈ যাব লাগিব । অনুদান আয়োগৰ কাৰ্যালয় কেন্দ্ৰীকৰণ কৰাৰ ফলত কামবোৰ অধিক জটিল আৰু সময়বহুল হৈ পৰিব । নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি বলৱৎ কৰাৰ পৰিপ্ৰেক্ষিতত দিল্লীস্থ মুখ্য কাৰ্যালয়ৰ অধিক মানৱ সম্পদৰ প্ৰয়োজন হোৱাত আঞ্চলিক কার্যালয় ৬ টা বন্ধৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য আঞ্চলিক কার্যালয় বন্ধ কৰাৰ আলোচনা এবছৰ ধৰি চলি আছিল । আয়োগৰ জ্যেষ্ঠ বিষয়াসকলৰ বৈঠকতো এই সন্দৰ্ভত পূৰ্বতে আলোচনা অনুষ্ঠিত হৈছিল যদিও চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাছিল । শেহতীয়াকৈ বিগত ৭ অক্টোবৰত দিল্লীত অনুষ্ঠিত আঞ্চলিক কার্যালয়ৰ যুটীয়া সচিবসকলৰ বৈঠকত কাৰ্যালয়সমূহ বন্ধ কৰি দিল্লীত থকা ইউজিচিৰ মুখ্য কাৰ্যালয়লৈ অনাৰ সিদ্ধান্ত লোৱা হয় ।

এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ১৩ নৱেম্বৰৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল । দেশৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ আভ্যন্তৰীণ কাম-কাজ সূচাৰুৰূপে চলিবলৈ আয়োগৰ বিকেন্দ্ৰীকৰণৰ প্ৰয়োজন । কিন্তু এই কার্যালয়সমূহ বন্ধ হোৱাৰ বাবে অধ্যাপক আৰু অধ্যক্ষসকল অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে গৱেষণা প্ৰকল্পৰ বাবেও সমস্যাৰ উদ্ভৱ হ’ব । এতিয়াৰে পৰা মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ বাবে বিভিন্ন অনুদান আঁচনিৰ তথ্য লাভ কৰিবলৈও দিল্লীত উপস্থিত হ'ব লাগিব ।

ফলত বিশ্ববিদ্যালয়সমূহৰ প্ৰশাসনিক কামত অতিৰিক্ত সময় আৰু ধন ব্যয় হ’ব । ইপিনে এই বন্ধৰ সিদ্ধান্তৰ সন্দৰ্ভত ইণ্টাৰনেটৰ যুগত আঞ্চলিক কাৰ্যালয়ৰ কোনো প্ৰয়োজন নাই বুলিহে তাৎপর্যপূর্ণ মন্তব্য কৰিছে বিশ্ববিদ্যালয় অনুদান আয়োগৰ সদস্য অধ্যাপক এম কে শ্ৰীধৰে ।

লগতে পঢ়ক: NE States Insurgency Condition : দুটা দশকত উত্তৰ পূৰ্বাঞ্চলত উন্নত হৈছে নিৰাপত্তা পৰিস্থিতি

Last Updated :Nov 14, 2022, 6:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.