ETV Bharat / state

সাতমাইলত ড্ৰাগছৰ সৈতে আটক সৰবৰাহকাৰী

author img

By

Published : May 2, 2019, 11:18 PM IST

অপৰাধ অনুসন্ধান শাখা আৰু জালুকবাৰী আৰক্ষীয়ে অতৰ্কিতে চলোৱা অভিযানত নিচাযুক্ত টেবলেটসহ হাতে-লোটে ধৰা পৰে মফিজুল ইছলাম নামৰ ড্ৰাগছ সৰবৰাহকাৰীজন ৷

সাতমাইলত ড্ৰাগছৰ সৈতে আটক সৰবৰাহকাৰী

গুৱাহাটী, 2 মেঃ মহানগৰীৰ সাতমাইলত আটক ড্ৰাগছ সৰবৰাহকাৰী ৷ সাতমাইলৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বৃহস্পতিবাৰে অপৰাধ অনুসন্ধান শাখা আৰু জালুকবাৰী আৰক্ষীয়ে অতৰ্কিতে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰীজনক ৷

সাতমাইলত ড্ৰাগছৰ সৈতে আটক সৰবৰাহকাৰী

ড্ৰাগছ বিক্ৰীৰ বাবে সাতমাইললৈ আহিছিল মফিজুল ইছলাম নামৰ ড্ৰাগছ সৰবৰাহকাৰীজন ৷ গোপন সূত্ৰযোগে সৰবৰাহকাৰীৰ তথ্য লাভ কৰি অপৰাধ অনুসন্ধান শাখা আৰু জালুকবাৰী আৰক্ষীয়ে অতৰ্কিতে চলোৱা অভিযানত নিচাযুক্ত টেবলেটসহ হাতে-লোটে ধৰা পৰে মফিজুল ইছলাম ৷ সৰবৰাহকাৰীজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় প্ৰায় 14 গ্ৰাম ওজনৰ মাৰাত্মক ড্ৰাগছ ৷ চাবোনৰ কেচত ভৰাই মহানগৰীৰ বিভিন্ন ঠাইত বিক্ৰীৰ বাবে আনিছিল ড্ৰাগছখিনি ৷

ধৃত মফিজুল ইছলামৰ বাসভৱনতো অভিযান চলায় আৰক্ষীয়ে ৷ উল্লেখ্য যে, ডিমাপুৰৰ পৰা এটা ড্ৰাগছ সৰবৰাহকৰী চক্ৰই পল্টনবজাৰত ড্ৰাগছ সৰবৰাহ কৰে বুলি আৰক্ষীক স্বীকাৰোক্তি প্ৰদান কৰে মফিজুল ইছলামে ৷ পল্টন বজাৰৰ পৰাই মফিজুল ইছলামৰ দৰে বিভিন্ন স্থানীয় সৰবৰাহকাৰীয়ে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰে ড্ৰাগছ ৷ মফিজুলৰ আটকৰ পাচতেই বৃহৎ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হ'ব বুলি আশাবাদী মহানগৰ আৰক্ষী ৷

Intro:বৰ্তমানো মহানগৰীত অব্যাহত আছে যুৱ প্ৰজন্মক কোঙা কৰি পেলোৱা ড্ৰাগছ। বৃহস্পতিবাৰে মহানগৰীৰ সাতমাইলৰ ৩৭নম্বৰ নতুন ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত অপৰাধ অনুসন্ধান শাখা আৰু জালুকবাৰী আৰক্ষীয়ে অতৰ্কিতে চলালে অভিযান। নিচাযুক্ত সামগ্ৰী বিক্ৰী কৰিবলৈ আহোঁতে হাতে-লোতে গ্ৰেপ্তাৰ কৰে মফিজুল ইছলাম নামৰ এটা ড্ৰাকছ পেডলাৰক। লগতে উদ্ধাৰ হয় প্ৰায় ১৪ গ্ৰাম মাৰাত্মক ড্ৰাগছসহ AS01DD2948 নম্বৰৰ এখন পালচাৰ বাইক। Body:ধৃত মফিজুল ইছলামে চাবোনৰ কেচত ভৰাই আনিছিল ড্ৰাগছখিনি। ধৃত মফিজুলৰ ঘৰটো আৰক্ষী আৰু অপৰাধ অনুসন্ধান শাখাই অভিযান চলাই। ডিমাপুৰৰ পৰা এটা চক্ৰই পল্টনবজাৰলৈ দিবলৈ আহে ড্ৰাগছ। সেই মাৰাত্মক ড্ৰাগছ মহানগৰীৰ বিভিন্ন স্থানত বিক্ৰী কৰে এইটো দুৰ্ধৰ্ষ ড্ৰাগছ পেডলাৰে। উল্লেখযোগ্য যে কেৱল মফিজুলে নহয়, গুৱাহাটী মহানগৰীত বহুতো ড্ৰাগছ সৰবৰাহকাৰীয়ে আৰক্ষী-প্ৰশাসনৰ চকুত ধুলি দি চলাই আছে নিচাযুক্ত সামগ্ৰীৰ অবাধ বেহা। Conclusion:Hirul Haque....guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.