ETV Bharat / state

Micro Finance Relief Scheme: কামৰূপ মহানগৰ জিলাৰ ৩২৮২ গৰাকীক ঋণমুক্ত প্ৰমাণপত্ৰ প্ৰদান

author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 8:50 PM IST

Health Minister Keshab Mahanta
অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি

"অসম মাইক্ৰ'ফাইনেঞ্চ উদগনি আৰু ৰেহাই আঁচনি"ৰ অধীনত আজি খানাপাৰা পশু চিকিৎসালয় খেলপথাৰত No Dues Certificate বিতৰণ কৰা হয় । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী কেশৱ মহন্তই ।

অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি

গুৱাহাটী, ১৬ অক্টোবৰ: অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ৰ অধীনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা No Dues Certificate প্ৰদান কাৰ্যসূচীৰ অংশস্বৰূপে সোমবাৰে খানাপাৰা পশু চিকিৎসালয় খেলপথাৰত তৃতীয় বৰ্গৰ ঋণীসকলক প্ৰদান কৰা হয় ঋণমুক্ত প্ৰমাণপত্ৰ । এই প্ৰমাণপত্ৰ প্ৰদান কৰে স্বাস্থ্য় মন্ত্ৰী কেশৱ মহন্তই । এই অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ মাইক্ৰ'ফাইনেন্স ঋণ লোৱা ৩,২৮২ গৰাকী তৃতীয় বৰ্গৰ ঋণীক ঋণৰ পৰা সকাহ প্ৰদান কৰা হয় । নিৰ্বাচনৰ প্ৰতিশ্ৰুতি পূৰণ কৰা আৰু তৃতীয় বৰ্গৰ লোকসকলক ঋণৰ বোজাৰ পৰা মুক্তকৰণৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰে এই পদক্ষেপ ।

এই কাৰ্যসূচীত অংশ লৈ মন্ত্ৰী কেশৱ মহন্তই কয় যে কামৰূপ মহানগৰ জিলাৰ মাইক্ৰ'ফাইনেন্সৰ ঋণ লোৱা ৩২৮২ গৰাকীক আজি ঋণমুক্ত কৰি প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে । ভৱিষ্যতে এইসকল মহিলাৰ পুনৰ ঋণ লোৱাৰ ক্ষেত্ৰত কোনোধৰণৰ বাধা নাথাকিব । আনহাতে,লোকসভাৰ নিৰ্বাচন প্ৰসংগত মন্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে কয় যে লোকসভা নিৰ্বাচনৰ আসন ভাগ বতৰাক লৈ বৰ্তমানলৈ হোৱা নাই কোনো আলোচনা । আলোচনা পিছতে লোৱা হ'ব সিদ্ধান্ত । আগন্তুক নিৰ্বাচনত ১৪ টা সমষ্টিৰ ১২ টাতে মিত্ৰজোঁটে আসন লাভ কৰিব কৰিব বুলি দাবী কৰে ।

ইফালে, ৰাজ্যৰ কৰ্মচাৰী চিকিৎসা সেৱা আঁচনিৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি মন্ত্ৰী কেশৱ মহন্তই কয় যে মুখ্যমন্ত্ৰীৰ লোক সেৱক আৰোগ্য আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ চিকিৎসা সেৱা ৰোগৰ ব্যয় সাপেক্ষে পাব । ইয়াৰ সুবিধা কেন্দ্ৰীয় আঁচনি CGSS আঁচনিৰ দৰে লাভ কৰিব । আনহাতে, সোণতলিৰ চিকিৎসক জিয়াউৰ ৰহমানৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে চিকিৎসক গৰাকীৰ বিৰুদ্ধে ইতিমধ্যে তদন্ত দিয়া হৈছে । দোষী সাব্যস্ত হ'লে ব্যৱস্থা লোৱা হ'ব বুলি তেওঁ কয় ।

কামৰূপ মহানগৰ জিলাৰ আজিৰ কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্তৰ উপৰি উপস্থিত থাকে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, জিলা আয়ুক্ত পল্লব গোপাল ঝা, জিলা উন্নয়ন আয়ুক্ত গৌৰীশংকৰ দাস আদি ।

লগতে পঢ়ক:Micro Finance Relief Scheme Program in Dhemaji : চৰকাৰৰ বিত্তীয় অৱস্থা ভাল, সেয়ে ঋণ ল’ব পাৰিছে: মন্ত্ৰী পেগু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.