ETV Bharat / state

Differently abled candidates press meet: দিব্যাংগ নিযুক্তিৰ দাবীৰে গুৱাহাটীত উত্তীৰ্ণ প্ৰাৰ্থীৰ সংবাদমেল

author img

By

Published : Dec 14, 2022, 8:28 PM IST

ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত বিদ্যাংগ সকলৰ বাবে সংৰক্ষিত ৫১৩ টা পদত নিযুক্তি প্ৰদানৰ দাবীৰে গুৱাহাটীত উত্তীৰ্ণ প্ৰাৰ্থীৰ সংবাদমেল (Differently abled candidates press meet) ৷ 4 ডিচেম্বৰত প্ৰকাশ হোৱা উত্তীৰ্ণ প্ৰাৰ্থীৰ চূড়ান্ত তালিকাত বিদ্যাংগ সুৰক্ষা মঞ্চ, অসম নামৰ এটা সংগঠনে বিসংগতি হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ৷ যাৰ বাবে এই নিযুক্তি প্ৰক্ৰিয়াত যতি পৰাৰ অভিযোগ উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ ৷

Specially abled candidate Press Meet
দিব্যাংগ নিযুক্তিৰ দাবীৰে গুৱাহাটীত উত্তীৰ্ণ প্ৰাৰ্থীৰ সংবাদমেল

দিব্যাংগ নিযুক্তিৰ দাবীৰে গুৱাহাটীত উত্তীৰ্ণ প্ৰাৰ্থীৰ সংবাদমেল

গুৱাহাটী, 14 ডিচেম্বৰ: ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত সংৰক্ষিত ৫১৩ টা পদত দিব্যাংগ নিযুক্তিৰ(Differently abled candidates) বাবে নিৰ্বাচিত প্ৰাৰ্থী সকলক নিযুক্তি দিয়াৰ দাবীৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল ৷ অন্যথা নিযুক্তি নিদিলে দিছপুৰত গৈ আত্মহত্যা কৰাৰ হুংকাৰ নিৰ্বাচিত প্ৰাৰ্থীসকৰ ৷

উল্লেখ্য যে, ২০১৮চনৰ ৩১ডিচেম্বৰত প্ৰতিবন্ধী সকলৰ বাবে সংৰক্ষিত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৮৬৩টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল চৰকাৰে(Differently abled recruitment in Assam) ৷ ইয়াৰে তৃতীয় বৰ্গৰ পদসমূহত 2019চনতে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰে চৰকাৰে ৷ আনহাতে, বাকী থকা ৫১৩টা চতুৰ্থ বৰ্গৰ পদৰ বাবে ২০২১চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটী বিশ্ববিদ্যালয়ত(Guwahati University recruitment exam) সম্পন্ন হয় নিযুক্তি প্ৰক্ৰিয়া ৷ যি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয় ২০২২বৰ্ষৰ ২৪এপ্ৰিলত ৷

কিন্তু পৰীক্ষাৰ ফলাফল প্ৰকাশ পোৱাৰ পিছতে পৰীক্ষাত বিসংগতি হোৱাৰ অভিযোগ উত্থাপন কৰি আদালতৰ কাষ চাপে বিদ্যাংগ সুৰক্ষা মঞ্চ, অসম নামৰ এটা সংগঠন ৷ পৰৱৰ্তী পৰ্যায়ত সংগঠনটোৱে গোচৰটো উঠাই লোৱাত যোৱা ৪ ডিচেম্বৰত চতুৰ্থ বৰ্গৰ ৫১৩টা পদৰ নিযুক্তিৰ বাবে চূড়ান্ত তালিকাখন প্ৰকাশ হয় । বিদ্যাংগ নিযুক্তিৰ বাবে চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিছতে পুনৰ নিযুক্তি প্ৰক্ৰিয়া স্থবিৰ কৰিবলৈ বিদ্যাংগ সুৰক্ষা মঞ্চ, অসম নামৰ সংগঠনটোৱে উঠি-পৰি লগাৰ অভিযোগ সংবাদমেল যোগে উত্থাপন কৰিছে উত্তীৰ্ণ প্ৰাৰ্থীসকলে(Assam differently abled candidates) ৷

উল্লেখ্য যে, নিযুক্তিৰ চূড়ান্ত তালিকাত 6গৰাকী প্ৰাৰ্থীৰ নাম বিসংগতি পূৰ্ণ ভাৱে অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে বিদ্যাংগ সুৰক্ষা মঞ্চ, অসম নামৰ সংগঠনটোৱে ৷ সেয়েহে, অভিযোগ উত্থাপন হোৱা 6গৰাকী প্ৰাৰ্থীৰ আসন সংৰক্ষণ কৰি বাকী সকলক নিযুক্তি প্ৰদানৰ দাবী উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ ৷ ইফালে, বিদ্যাংগ সুৰক্ষা মঞ্চ, অসম নামৰ সংগঠনটোৱে এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পৰাই বিভিন্ন খেলি-মেলি কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে উত্তীৰ্ণ প্ৰাৰ্থীসকলে ৷

সংগঠনটোৰ কাৰ্যকৰী সভাপতি মুস্তাফা কামাল আহমেদ নামৰ লোকজন অসৎ কাৰ্যত লিপ্ত হোৱাৰ বাবে ৰঙা ঘৰৰ আলহী আছে বুলিও মন্তব্য উত্তীৰ্ণ বিদ্যাংগ প্ৰাৰ্থীসকলৰ ৷ কেৱল সিমানেই নহয়, বিদ্যাংগ সুৰক্ষা মঞ্চ, অসম(Divyang Mancha, Assam) নামৰ সংগঠনটোৰ সভাপতি নৱজিৎ বৰ্মনে এগৰাকী উত্তীৰ্ণ প্ৰাৰ্থীৰ সৈতে নিজকে মুখ্যমন্ত্ৰী তদাৰকী কোষৰ বিষয়া বুলি ভুৱা পৰিচয় দি ফোন যোগে বাৰ্তালাপ কৰাৰো অভিযোগ উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ ৷

যাৰ বাবে ৫১৩ টা পদত নিযুক্তি প্ৰক্ৰিয়া সুকলমে সমাপন কৰিবলৈ আৰু সমগ্ৰ বিষয় সন্দৰ্ভত তদন্ত কৰিবলৈ বুধবাৰে উত্তীৰ্ণ প্ৰাৰ্থীসকলে মুখ্যমন্ত্ৰী তদাৰকী কোষত দাখিল কৰে এজাহাৰ ৷ আনহাতে, এই নিযুক্তি প্ৰক্ৰিয়া শীঘ্ৰেই সমাপন নকৰিলে দিছপুৰত হৈ আত্মহত্যা কৰাৰ হুংকাৰ উত্তীৰ্ণ দিব্যাংগ প্ৰাৰ্থীসকলৰ ৷

লগতে পঢ়ক: Coal syndicate in Assam: মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যত কয়লা ছিণ্ডিকেট !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.