ETV Bharat / state

Dhula rape and murder case : তিনিদিনৰ CID ৰ জিম্মাত ৰাজমোহন ৰায় আৰু আশীৰ্বাদ হাজৰিকা

author img

By

Published : Nov 11, 2022, 9:48 PM IST

চৰ্চাত দৰঙৰ ধূলাৰ ধৰ্ষণ-হত্যাকাণ্ড প্ৰসংগ (Dhula rape and murder case) ৷ তিনিদিনৰ বাবে CID ৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে দৰঙৰ নিলম্বিত আৰক্ষী অধীক্ষক ৰাজমোহন ৰায় আৰু দৰঙৰ অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাক ৷

Dhula rape and murder case
CID ৰ জিম্মাত ৰাজমোহন ৰায় আৰু আশীৰ্বাদ হাজৰিকা

গুৱাহাটী, 11 নৱেম্বৰ : দৰঙৰ ধূলাৰ ধৰ্ষণ-হত্যাকাণ্ড প্ৰসংগত গ্ৰেপ্তাৰ হোৱা দৰঙৰ নিলম্বিত আৰক্ষী অধীক্ষক ৰাজমোহন ৰায় আৰু দৰঙৰ অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাক তিনিদিনলৈ CID ৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে । দুয়োগৰাকীক শুক্ৰবাৰে CID য়ে কামৰূপ মহানগৰ জিলাৰ বিশেষ ন্যায়িক আদালতত হাজিৰ কৰাইছিল ।

কামৰূপ মহানগৰ জিলাৰ বিশেষ ন্যায়িক আদালতে দৰঙৰ নিলম্বিত আৰক্ষী অধীক্ষক ৰাজমোহন ৰায় আৰু দৰঙৰ অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাক তিনিদিনলৈ CID ৰ জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে । উল্লেখ্য যে, ঢেকীয়াজুলিৰ বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ লগত জড়িত থকা দৰঙৰ পলাতক আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ে বৃহস্পতিবাৰে আত্মসমৰ্পণ কৰে (Suspended Darrang SP Rajmohan Rai) ৷

ইয়াৰ পিছতে দৰঙৰ পলাতক অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাও অৱশেষত গুৱাহাটীৰ CID ৰ কাৰ্যালয়ত আত্মসমৰ্পন কৰিছিল । পৰৱৰ্তী সময়ত দুয়োকে CID য়ে গ্ৰেপ্তাৰ কৰে । দৰঙৰ ধূলাৰ ধৰ্ষণ-হত্যাকাণ্ড প্ৰসংগত গ্ৰেপ্তাৰৰ ভয়তে পলাতক হৈ আছিল আশীৰ্বাদ হাজৰিকা । যোৱা বুধবাৰে CID ৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ বাবে CID য়ে আশীৰ্বাদ হাজৰিকাক তলব কৰিছিল ।

CID ৰ জিম্মাত ৰাজমোহন ৰায় আৰু আশীৰ্বাদ হাজৰিকা

উল্লেখ্য যে, দৰঙৰ পলাতক আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ে বৃহস্পতিবাৰে সন্ধিয়া আৰক্ষী অনুসন্ধান বিভাগ CID ৰ ওচৰত আত্মসমৰ্পণ কৰিছিল । আত্মসমৰ্পণৰ পিছতে CID য়ে গ্ৰেপ্তাৰ কৰিছিল ৰাজমোহন ৰায়ক । দৰঙৰ ধূলাৰ ধৰ্ষণ-হত্যাকাণ্ড প্ৰসংগত (Dhula rape and murder case) পলাতক হৈ আছিল ৰাজমোহন ৰায় । গ্ৰেপ্তাৰৰ ভয়ত পলাতক হৈ আছিল ৰাজমোহন ৰায়। যোৱা বুধবাৰে CID ৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ বাবে CID য়ে ৰাজমোহন ৰায় আৰু আশীৰ্বাদ হাজৰিকাক তলব কৰিছিল ।

লগতে পঢ়ক : Dhula Minor Girl Murder Case : ধূলা কাণ্ডৰ বৰ্ণনা কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

আনহাতে, ঘটনাস্থলীত উপস্থিত নোহোৱাকৈয়ে ঢেকীয়াজুলিৰ বনকৰা কিশোৰীগৰকীক আত্মহত্যা বুলি প্ৰতিবেদন দিয়া অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাৰ মঙলদৈ থকা ভাড়াঘৰ যোৱা বুধবাৰে ছীল কৰে । ঘটনাস্থলীত উপস্থিত নোহোৱাকৈয়ে ঢেকীয়াজুলিৰ বনকৰা কিশোৰীগৰকীয় আত্মহত্যা বুলি প্ৰতিবেদন দিয়া দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাৰ মঙলদৈ আৰু গুৱাহাটীৰ লংকেশ্বৰত থকা ঘৰলৈ বুধবাৰে 11 বজাত CID ৰ গুৱাহাটীৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ বাবে জাননী দিছিল ।

কিন্তু আশীৰ্বাদ হাজৰিকাই জাননীৰ কোনো উত্তৰ নিদিয়াৰ বাবে CID য়ে অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাৰ মঙলদৈত থকা ভাড়াঘৰ ছীল কৰিছিল । ঢেকীয়াজুলিৰ বনকৰা কিশোৰীগৰাকীৰ মৃত্যুৰ ঘটনাকলৈ ইতিমধ্যে দৰঙৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ক চাকৰিৰ পৰা নিলম্বিতও হৈছে (Ex-SP accused in Dhula rape and murder case arrested by CID) ।

লগতে এই ঘটনাৰ অভিযোগত ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰা আৰু তিনিগৰাকী চিকিৎসকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে আদালতত কেচ ডায়েৰী প্ৰদান কৰিবলৈ CID ক নিৰ্দেশ দিয়ে । দৰঙৰ নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন ন্যায়িক জিম্মাত আছে (Accused in Dhula murder case)।

ৰূপম ফুকনে ডেৰ লাখ টকা উৎকোচ লৈ ঢেকীয়াজুলিৰ বনকৰা কিশোৰীৰ মৃত্যুৰ ঘটনাক বিপথে পৰিচালিত কৰাৰ CID য়ে অভিযোগ লাভ কৰিছিল । আনহাতে CID এ গ্ৰেপ্তাৰ কৰা 3 চিকিৎসকক 11 দিনৰ ন্যায়িক জিম্মাত ৰখা হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Dhula teenager murder case: গ্ৰেপ্তাৰ হ’ল পলাতক এছ পি ৰাজমোহন ৰায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.