ETV Bharat / state

লক ডাউনৰ পৰিৱেশ সৃষ্টি নকৰিবলৈ ৰাইজক আহ্বান মুখ্যমন্ত্ৰীৰ

author img

By

Published : Apr 22, 2021, 9:12 PM IST

ৰাজ্যৰ শেহতীয়া ক'ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । বৃহস্পতিবাৰে এই বিষয়ে সকলো পক্ষৰ সৈতে আলোচনা কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ আহ্বানমৰ্মে অনুষ্ঠিত হয় এখন সৰ্বদলীয় বৈঠক ।

ক’ভিড 19: মুখ্যমন্ত্ৰীৰ আহ্বানমৰ্মে অনুষ্ঠিত সৰ্বদলীয় বৈঠক
সকলোৱে ক'ভিড প্ৰ'টকল মানি চলক !

গুৱাহাটী, ২২ এপ্ৰিল: ৰাজ্যত পুনৰ ক'ভিডৰ আতংকই গা কৰি উঠিছে ৷ এক অনিশ্চয়তাৰ দিশে গতি কৰিছে দেশৰ উন্নয়নশীল সমাজ ব্যৱস্থা ৷ চৰকাৰে ইতিমধ্যে কৰ’ণাৰ বিৰুদ্ধে যুঁজ আৰম্ভ কৰিছে ৷ জাৰি কৰিছে ক'ভিড সংক্ৰান্তীয় একাধিক নীতি-নিৰ্দেশনা ৷

কিন্তু ইয়াৰ মাজতে ৰাজ্যৰ শেহতীয়া ক'ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । বৃহস্পতিবাৰে এই বিষয়ে সকলো পক্ষৰ সৈতে আলোচনা কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে আহ্বান জনাই এখন সৰ্বদলীয় বৈঠকৰ । মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যৰ প্ৰায় সকলো ৰাজনৈতিক দলৰে প্ৰতিনিধিয়ে ভাগ লয় এই সৰ্বদলীয় বৈঠকত ৷

বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে কয় যে আজিৰ এই সৰ্বদলীয় বৈঠকত উপস্থিত থকা প্ৰতিটো ৰাজনৈতিক দলৰ নেতৃত্বই ধনাত্মক সঁহাৰি জনাইছে ৷ লগতে ক'ভিডৰ শেহতীয়া ভয়ংকৰ পৰিস্থিতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত সমূহৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ।

সকলোৱে ক'ভিড প্ৰ'টকল মানি চলক- আহ্বান মুখ্যমন্ত্ৰীৰ

চৰকাৰে ৰাইজৰ সুস্বাস্থ্য আৰু নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ জাৰি কৰা নীতি-নিৰ্দেশনাসমূহ মানি চলিবলৈ মুখ্যমন্ত্ৰী সোণোৱালে ৰাইজক আহ্বান জনায় । ৰাজ্যত লক ডাউন দিবলগীয়া পৰিস্থিতিৰ এতিয়াও সৃষ্টি হোৱা নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ লগতে কয় যে, লক ডাউন দিবলগীয়া এক পৰিস্থিতি আমি সৃষ্টি নকৰাটোৱেই উচিত ।

ৰাজ্যৰ স্বাস্থ্য বিভাগে ক'ভিডৰ সৈতে সঠিকভাৱে মোকাবিলা কৰিছে ৷ এইক্ষেত্ৰত বিভাগটো সকলো ফালৰ পৰা সাজু বুলিও মুখ্যমন্ত্ৰীয়ে কয় । উল্লেখযোগ্য যে, আজিৰ এই সৰ্বদলীয় বৈঠকত শাসকীয় বিজেপি দলৰ লগতে কংগ্ৰেছ, অসম জাতীয় পৰিষদ, অসম গণ পৰিষদ, ৰাইজৰ দল, ইউপিপিএলকে ধৰি প্ৰায় সকলো ৰাজনৈতিক দলৰ শীৰ্ষ নেতৃত্ব উপস্থিত থাকে ।

লগতে পঢ়ক: ক'ভিড পৰীক্ষাৰ ভয়ত শিলচৰ বিমানবন্দৰৰ পৰা পলায়ন ৩০০ যাত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.