অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ বিৰুদ্ধে বিধানসভা অধ্যক্ষক অভিযোগ কংগ্ৰেছ বিধায়িনী দলৰ

author img

By

Published : Sep 25, 2021, 10:27 PM IST

অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ বিৰুদ্ধে বিধানসভা অধ্যক্ষক অভিযোগ কংগ্ৰেছ বিধায়িনী দলৰ

কংগ্ৰেছ বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইনৰ নেতৃত্বত যোৱা বিধায়কৰ দলটোৱে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীৰ বিৰুদ্ধে শীঘ্ৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈও অধ্যক্ষৰ ওচৰত দাবী জনায় ।

গুৱাহাটী, ২৫ ছেপ্তেম্বৰ: অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ উত্থাপন কৰি শনিবাৰে নিশা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত এক অভিযোগ পত্ৰ দাখিল কৰে কংগ্ৰেছৰ বিধায়িনী দলে ।

কংগ্ৰেছ বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইনৰ নেতৃত্বত যোৱা বিধায়কৰ দলটোৱে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ বিৰুদ্ধে শীঘ্ৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈও অধ্যক্ষৰ ওচৰত দাবী জনায় ।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ বিৰুদ্ধে বিধানসভা অধ্যক্ষক অভিযোগ কংগ্ৰেছ বিধায়িনী দলৰ
অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ বিৰুদ্ধে বিধানসভা অধ্যক্ষক অভিযোগ কংগ্ৰেছ বিধায়িনী দলৰ

অভিযোগ পত্ৰখনত কংগ্ৰেছ বিধায়িনী দলে উল্লেখ কৰে যে, শুকুৰবাৰে ছিপাঝাৰত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে সংবাদ মাধ্যমৰ আগত "মই পুলিচ । বিধায়ক চিধায়ক নামানো" বুলি মন্তব্য কৰিছিল । তেওঁৰ এনে মন্তব্যই কেৱল বিধায়ক সকলকে অপমান কৰা নাই । পবিত্ৰ বিধানসভাকো অপমান কৰিছে ।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ বিৰুদ্ধে বিধানসভা অধ্যক্ষক অভিযোগ কংগ্ৰেছ বিধায়িনী দলৰ
অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ বিৰুদ্ধে বিধানসভা অধ্যক্ষক অভিযোগ কংগ্ৰেছ বিধায়িনী দলৰ

সেয়েহে বিশেষাধিকাৰ ভংগৰ অভিযোগত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে কংগ্ৰেছ বিধায়িনী দলে অধ্যক্ষৰ ওচৰত দাবী তোলে ।

লগতে পঢ়কঃ মুখ্যমন্ত্ৰীৰ Intelligence বিফল হোৱাৰ বাবেই গৰুখুটিৰ ঘটনা সংঘটিত হৈছে : লুৰীণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.