ETV Bharat / state

উপ-পৰিদৰ্শকৰ পৰীক্ষা সুকলমে অনুষ্ঠিত হোৱাৰ বাবে সংশ্লিষ্ট পক্ষক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Nov 22, 2020, 10:53 PM IST

উপ-পৰিদৰ্শকৰ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সকলো সংশ্লিষ্ট পক্ষক ধন্যবাদ জ্ঞাপন ৷ লগতে, মেধা আৰু যোগ্যতাৰ ভিত্তিত পৰীক্ষাৰ্থীয়ে নিযুক্তি লাভ কৰিব বুলি মন্তব্য প্ৰদান কৰিছে ৷

chief-minister-thanks-for-conducting-sub-inspectors-examination-smoothly
উপ-পৰিদৰ্শকৰ পৰীক্ষা সুকলমে অনুষ্ঠিত হোৱাৰ বাবে সংশ্লিষ্ট পক্ষক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, 22 নৱেম্বৰ : দেওবাৰে ৰাজ্যজুৰি পুনৰ অনুষ্ঠিত হোৱা আৰক্ষী উপ-পৰিদৰ্শকৰ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়, ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদ, জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনকে ধৰি সংশ্লিষ্ট সকলো পক্ষকে ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । লগতে, মেধা আৰু যোগ্যতাৰ ভিত্তিত পৰীক্ষাৰ্থীয়ে নিযুক্তি লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য প্ৰদান কৰিছে ৷ উল্লেখ্যনীয় যে, ৰাজ্যৰ 150 টা কেন্দ্ৰত ৰাজ্যৰ প্ৰায় 65 হাজাৰ প্ৰাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে ।

জানিবলগীয়া যে, উপ-পৰিদৰ্শকৰ পৰীক্ষা পূৰ্বতেও অনুষ্ঠিত কৰা হৈছিল যদিও প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে স্থগিত কৰা হৈছিল পৰীক্ষা ৷

লগতে পঢ়ক : দলগাঁৱত তীব্ৰবেগী বাইকৰ খুন্দাত নিহত পথচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.