ETV Bharat / state

শ্ৰী শ্ৰী বংশীগোপাল ৰাজহুৱা নামঘৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Sep 17, 2021, 6:56 PM IST

শ্ৰী শ্ৰী বংশীগোপাল নামঘৰৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ১০ লাখ টকা ঘোষণা মুখ্যমন্ত্রীৰ । নামঘৰ প্ৰাংগনৰ আধ্যাত্মিক পৰিৱেশত আই মাতৃসকলৰ নাম-কীৰ্তনৰ ধ্বনিৰ মাজত কিছু সময় অতিবাহিত কৰে মুখ্যমন্ত্রীয়ে ।

Chief Minister Himanta Biswa Sharma at banshigopal namghar
শ্ৰীশ্ৰীবংশীগোপাল ৰাজহুৱা নামঘৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, ১৭ ছেপ্টেম্বৰ : পৱিত্ৰ ভাদ মাহৰ অন্তিম দিন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১ সংখ্যক জন্মদিন উপলক্ষে শুকুৰবাৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত শ্ৰী শ্ৰী বংশীগোপাল ৰাজহুৱা নামঘৰত বন্তি প্ৰজ্বলন কৰে ৷ ৰাজ্যখনৰ সৰ্বাংগীন কল্যাণৰ লগতে জনসাধাৰণক সেৱাৰ হেতু মোডীক সুস্বাস্থ্য, দীৰ্ঘায়ু কামনা কৰি মুখ্যমন্ত্রীয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ।

Chief Minister Himanta Biswa Sharma at banshigopal namghar
শ্ৰীশ্ৰীবংশীগোপাল ৰাজহুৱা নামঘৰত বন্তি প্ৰজ্বলন হিমন্ত বিশ্ব শৰ্মাৰ

নামঘৰ প্ৰাংগনৰ আধ্যাত্মিক পৰিৱেশত আইমাতৃসকলৰ নাম-কীৰ্তনৰ ধ্বনিৰ মাজত কিছু সময় অতিবাহিত কৰে মুখ্যমন্ত্রীয়ে । মুখ্যমন্ত্রীয়ে শ্ৰীশ্ৰীবংশীগোপাল নামঘৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১০ লাখ টকা ঘোষণা কৰে । নামঘৰ দৰ্শনৰ সময়ত মুখ্যমন্ত্রীক সংগ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংসদ কুইন ওজা আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱাই ।

Chief Minister Himanta Biswa Sharma at banshigopal namghar
শ্ৰীশ্ৰীবংশীগোপাল ৰাজহুৱা নামঘৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

লগতে পঢ়ক:দুৰ্গা পূজাৰ SOP সন্দৰ্ভত প্ৰতিক্ৰিয়া কণ্ঠশিল্পী দীপলীনা ডেকাৰ

উল্লেখ যে, প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে ৰাজ্যিক বিজেপিয়ে শুকুৰবাৰৰ পৰা ২০ দিনীয়াকৈ এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে । সেই কাৰ্যসূচী অংশৰূপে ৰাজ্যজুৰি দলৰ নেতা-কৰ্মকৰ্তাসকলৰ লগতে মন্ত্রী-সাংসদ-বিধায়কসকলে মোডীৰ জন্মদিন উপলক্ষে বিভিন্ন ধৰ্মীয় অনুষ্ঠানলৈ গৈ প্ৰাৰ্থনা জনায়।

লগতে পঢ়ক:কেমেৰাৰ সন্মুখতে ৰূপজ্যোতি কুৰ্মীৰ গালত চৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.