ETV Bharat / state

আৱৰ্জনা নিষ্কাশনৰ বাহন (Auto Tippers) বিতৰণ মুখ্যমন্ত্রীৰ

author img

By

Published : Jun 5, 2021, 3:34 PM IST

গুৱাহাটীৰ আৱৰ্জনা সংগ্ৰহৰ সৈতে জড়িত বেচৰকাৰী সংগঠনসমূহৰ মাজত ১২ খন আৱৰ্জনা নিষ্কাশনৰ বাহন (Auto Tippers) বিতৰণ । এই উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত প্ৰথম পৰ্যায়ত ১০০ খন বাহন বিতৰণ কৰা হ’ব মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৷

Chief Minister distributes garbage disposal vehicles
আৱৰ্জনা নিষ্কাশনৰ বাহন বিতৰণ মুখ্যমন্ত্রীৰ

গুৱাহাটী, ৫ জুন : গুৱাহাটী পৌৰ নিগম (GMC)ৰ আৱৰ্জনা নিষ্কাশনৰ প্ৰক্ৰিয়া অধিক উন্নীতকৰণ কৰাৰ লক্ষ্যৰে শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ বেলতলাত জি এম চি ৱাৰ্ডসমূহত আৱৰ্জনা সংগ্ৰহৰ সৈতে জড়িত বেচৰকাৰী সংগঠনসমূহৰ মাজত ১২ খন আৱৰ্জনা নিষ্কাশনৰ বাহন (Auto Tippers) বিতৰণ কৰে ।

Chief Minister distributes garbage disposal vehicles
আৱৰ্জনা নিষ্কাশনৰ বাহন বিতৰণ মুখ্যমন্ত্রীৰ

এই উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথম পৰ্যায়ত ১০০ খন বাহন বিতৰণ কৰা হ’ব বুলি উল্লেখ কৰি এই বাহনসমূহ গুৱাহাটীখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি তোলাত যথেষ্ট সহায়ক হ’ব বুলি মত প্ৰকাশ কৰে । মুখ্যমন্ত্ৰীয়ে লগতে কৃত্ৰিম বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পৰিকল্পনাসমূহৰ বিষয়েও উল্লেখ কৰে । অনুষ্ঠানত গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘালকে প্ৰমুখ্য কৰি বিভাগীয় জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল ।

লগতে পঢ়ক : কাগজ কল নিলাম সন্দৰ্ভত চৰকাৰক তীব্র সমালোচনা সাংসদ অজিত কুমাৰ ভূঞাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.