ETV Bharat / state

সলনি হ’ব দৃশ্যপট: ৰাজ্যৰ ৰাজনীতিত মে' হ’ব গুৰুত্বপূৰ্ণ মাহ

author img

By

Published : Apr 28, 2022, 7:25 PM IST

প্ৰধানমন্ত্ৰীৰ বহু প্ৰত্যাশিত অসম ভ্ৰমণ শেষ হোৱাৰ পিছতেই পুনৰ আৰম্ভ হ’ব ৰাজ্যৰ ৰাজনীতিৰ দৃশ্যপট সলনি হোৱাৰ প্ৰক্ৰিয়া (change in political scenario of Assam) । জানো আহক এই প্ৰক্ৰিয়াৰ অংশ হিচাপে কোন নেতা-বিধায়ক যাব ক’লৈ ৷

change-in-political-scenario-of-assam-post-pm-modis-assam-visit
সলনি হব দৃশ্যপট: ৰাজ্যৰ ৰাজনীতিত মে' হব গুৰুত্বপূৰ্ণ মাহ

গুৱাহাটী, ২৮ এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ অসম ভ্ৰমণ (PM Modi's Assam visit) সামৰি উভতি যোৱাৰ পিছতেই অসমৰ ৰাজনৈতিক দৃশ্যপট বহু পৰিমাণে সলনি হোৱাৰ ইংগিত পোৱা গৈছে । শাসক দল বিজেপি আৰু দুই মিত্ৰ দল অসম গণ পৰিষদ আৰু ইউ পি পি এল বিগত প্ৰায় এপষেকজুৰি প্ৰধানমন্ত্ৰীৰ আজিৰ অসম ভ্ৰমণক লৈ ব্যস্ত হৈ আছিল । কিন্তু আজি প্ৰধানমন্ত্ৰীৰ এই বহু প্ৰত্যাশিত ভ্ৰমণ শেষ হোৱাৰ পিছতেই পুনৰ আৰম্ভ হ’ব ৰাজ্যৰ ৰাজনীতিৰ দৃশ্যপট সলনি হোৱাৰ প্ৰক্ৰিয়া (Change in political scenario of Assam) ।

change-in-political-scenario-of-assam-post-pm-modis-assam-visit
ছিদ্দিক আহমেদ

বিশেষকৈ ৰমজান মাহ শেষ হোৱাৰ লগে লগে অৰ্থাৎ মে'ৰ প্ৰথমটো সপ্তাহৰ পৰাই আৰম্ভ হ’ব ৰাজ্যৰ ৰাজনীতিত ব্যাপক সালসলনি । অগপৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই স্পষ্টকৈ এই কথা প্ৰকাশ কৰিছে । সাংসদ গৰাকীয়ে কয় যে, ৰমজান মাহ অন্ত পৰাৰ পিছতেই ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ কেইবাজনো কংগ্ৰেছ নেতা-বিধায়কে অগপত যোগ দিয়াটো প্ৰায় নিশ্চিত হৈছে । স্বাভাৱিকতে প্ৰশ্ন উঠে কোন এইকেইজন কংগ্ৰেছ নেতা-বিধায়ক ?

change-in-political-scenario-of-assam-post-pm-modis-assam-visit
বিস্মিতা গগৈ

ইতিমধ্যে, ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা চলিছে যে জ্যেষ্ঠ কংগ্ৰেছ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ লগতে আন এগৰাকী কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদে অগপত যোগ দিব । ৰকিবুল হুছেইনে অৱশ্যে কিছুদিন পূৰ্বে তেনে সম্ভাৱনা অস্বীকাৰ কৰিছে যদিও কংগ্ৰেছত থাকি যে আজিৰ তাৰিখত তেওঁ সুখী নহয় সেই কথা ইতিমধ্যে তেওঁৰ কেতবোৰ মন্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে (Rakibul Hussain's future political move) ।

change-in-political-scenario-of-assam-post-pm-modis-assam-visit
ৰকিবুল হুছেইন

আনজন বিধায়ক ছিদ্দিক আহমেদে এতিয়াও তেওঁ অগপত যোগ দিয়া বিষয়টো অস্বীকাৰ কৰা নাই । আনহাতে কংগ্ৰেছৰ নিলম্বিত বিধায়ক ‌শ্বেৰমান আলী আহমেদ যাব এ আই ইউ ডি এফলৈ (Sheraman Ali's political update) । খুমটাইৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈৰ নতুন ঠিকনা বিজেপি হোৱাটো প্ৰায় চূড়ান্ত হৈছে । বাকী আছে কেৱল আনুষ্ঠানিকতাহে । ইপিনে, কংগ্ৰেছ দলে তেওঁলোকৰ তিনি গৰাকী বিধায়ক ক্ৰমে শ্বেৰমান আলী আহমেদ, ছিদ্দিক আহমেদ আৰু শশীকান্ত দাসৰ বিধায়ক পদ খাৰিজ কৰিবলৈ ইতিমধ্যে বিধানসভাৰ অধ্যক্ষৰ ওচৰত আবেদন জনাইছে ।

change-in-political-scenario-of-assam-post-pm-modis-assam-visit
শ্বেৰমান আলী আহমেদ

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বৄহস্পতিবাৰে এই প্ৰসংগত বৰপেটাৰ পৰা ইটিভি ভাৰতক কয় " জিতেন্দ্ৰ সিঙে এটা আহ্বান জনাইছিল যে দল এৰিব খোজা সকলে দুই নাৱত দুই ভৰি থ’ব নালাগে । ময়ো আহ্বান জনাইছো, তেওঁলোকে যেন দুখন নাৱত দুখন ভৰি নথয় । ধনসৰ্বস্ব, ক্ষমতা সৰ্বস্ব ৰাজনীতিত এটা দল এৰি আন অটা দললৈ যোৱা ঘটনা সমগ্ৰ ভাৰতবৰ্ষতে ঘটি আছে । কেৱল অসমতে নহয় । পশ্চিমবংগতো দেখোন ইজনৰ পিছত সিজনকৈ বিজেপি নেতাই দল ত্যাগ কৰি তৃণমূলত যোগদান কৰি আছে ।" ভূপেন বৰাই আৰু কয় যে বিধানসভাৰ অধ্যক্ষই যদি উক্ত তিনিগৰাকী বিধায়কৰ বিধায়ক পদ খাৰিজ নকৰে তেন্তে কংগ্ৰেছ দল ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব ।

লগতে পঢ়ক: নৌ সেনা কমাণ্ডাৰ সন্মিলনত ৰাজনাথ সিঙৰ অংশগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.