অ‍ান্তঃগাঁথনিৰ লগতে গুণগত শিক্ষাত বহু পিছত অসমৰ চৰকাৰী শিক্ষা খণ্ড

author img

By

Published : Sep 30, 2022, 6:47 PM IST

school

কেন্দ্রীয় শিক্ষা মন্ত্ৰণালয়ৰ (Union Ministry of Education report) প্ৰতিবেদনত ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ শোচনীয় ছবি (condition of Assam education sector) । প্ৰাথমিক পৰ্যায়ত সাধাৰণ গণিতত দক্ষতাৰ তালিকাত দেশৰ ভিতৰত শেষৰ ফালৰ পৰা তৃতীয় স্থানত অসম । মাধ্যমিক বিদ্যালয়ত কৰ্মৰত ৩৯,২৭৬ গৰাকী শিক্ষক অপ্রশিক্ষণপ্রাপ্ত । ২৫ শতাংশ মাধ্যমিক বিদ্যালয়ত বিষয় অনুপাতে শিক্ষকৰ অভাৱ । বিদ্যালয়সমূহত বিদ্যুৎ সংযোগৰ হাৰ হ’ল ৫৭.৬২ শতাংশ । খোৱাপানীৰ ব্যৱস্থা থকা বিদ্যালয়ৰ হাৰ ৮৯.৬১ শতাংশ । সুচল অৱস্থাত থকা কম্পিউটাৰৰ হাৰ হ'ল মাত্র ১৫.৭৩ শতাংশ । ইণ্টাৰনেটৰ সংযোগ থকা বিদ্যালয়ৰ হাৰ হৈছে মাত্র ৪.৮৩ শতাংশ । এয়াই ৰাজ্যৰ শিক্ষা খণ্ডৰ প্ৰকৃত ছবি ।

গুৱাহাটী, ৩০ ছেপ্টেম্বৰ : যিসময়ত ৰাজ্য চৰকাৰখনে ইংৰাজী মাধ্যমত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে, সেই সময়তে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ শোচনীয় অৱস্থা পোহৰলৈ আহিছে (pathetic condition of Assam government schools) । কেন্দ্রীয় শিক্ষা মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্যতে (Union Ministry of Education report) স্পষ্ট হৈ পৰিছে অসমৰ চৰকাৰী শিক্ষা খণ্ডৰ পয়ালগা স্বৰূপটো ।

উল্লেখ্য যে, ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ আন্তঃগাঁথনিয়েই নহয়, ছাত্র-ছাত্ৰীসকলে লাভ কৰা গুণগত শিক্ষাক লৈও এতিয়া প্রশ্ন উত্থাপন হৈছে । শেহতীয়াকৈ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে (NCERT) প্রকাশ কৰা এক প্রতিবেদন অনুসৰি, অসমৰ প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ্থীয়ে সাধাৰণ গণিতত দক্ষতাৰ তালিকাত দেশৰ ভিতৰত শেষৰ ফালৰ পৰাহে তৃতীয় স্থান লাভ কৰিছে ।

প্ৰতিবেদনখনৰ মতে, ছাত্র-ছাত্ৰীসকলৰ মাজত মৌলিক সংখ্যা চিনাক্তকৰণ, সংখ্যাৰ পাৰ্থক্য, যোগ-বিয়োগ, পূৰণ-হৰণ, ভগ্নাংশ আৰু সংখ্যা বিচাৰৰ দক্ষতা পৰীক্ষা কৰা হৈছিল । কিন্তু এইক্ষেত্ৰত অসমৰ প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ্থীসকলৰ প্ৰদৰ্শন অত্যন্ত শোচনীয় আছিল (condition of Assam education sector) । আনহাতে, শিক্ষা মন্ত্রালয়ে প্রকাশ কৰা তথ্য অনুসৰি, অসমৰ মাধ্যমিক বিদ্যালয়ত সম্প্ৰতি কৰ্মৰত হৈ আছে ৩৯,২৭৬জন অপ্রশিক্ষণপ্রাপ্ত শিক্ষক ।

এই শিক্ষকসকলে কোনো প্রশিক্ষণ নোলোৱাকৈয়ে বছৰৰ পিছত বছৰ ধৰি পাঠদান কৰি আহিছে । একেদৰে ৰাজ্যখনৰ ২৫ শতাংশ মাধ্যমিক বিদ্যালয়ত বিষয় অনুপাতে শিক্ষকৰ অভাৱ আছে । যাৰ ফলত শৈক্ষিক ক্ষেত্রত ছাত্র-ছাত্রীসকলে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু বহুসংখ্যক ছাত্র-ছাত্ৰীয়েই পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰে । ২০২০-২১ বৰ্ষত ৰাজ্যখনৰ ৪৫.৭ শতাংশ ছাত্ৰ আৰু ৫২.৪ শতাংশ ছাত্রীয়ে মাধ্যমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিকলৈ উন্নীত হ'ব নোৱাৰিলে ।

আনকি ২০১৯-২০ বৰ্ষৰ তুলনাত ২০২০-২১ বৰ্ষত মাধ্যমিক পর্যায়ৰ পৰা উচ্চতৰ মাধ্যমিকলৈ উন্নীত হ'ব নোৱৰা ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে । এনে পৰিস্থিতিত ৰাজ্যখনত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও বৃদ্ধি হৈছে । মাধ্যমিক বিদ্যালয়ত দেশৰ ভিতৰতে সৰ্বাধিক ছাত্র-ছাত্রীয়ে শিক্ষা ত্যাগ কৰে অসমতে । ৰাজ্যখনত বিগত বৰ্ষত ৩০ শতাংশৰো অধিক ছাত্র-ছাত্রীয়ে মাধ্যমিকত আধাতে বিদ্যালয় ত্যাগ কৰিছে ।

আন্তঃগাঁথনিৰ দিশতো অসমৰ বিদ্যালয়সমূহৰ অৱস্থা অতি শোচনীয় । তথ্য অনুসৰি, ৰাজ্যখনৰ বিদ্যালয়সমূহত বিদ্যুৎ সংযোগৰ হাৰ হ’ল ৫৭.৬২ শতাংশ । অথচ সৰ্বভাৰতীয় স্তৰত এই হাৰ ৮৩.৯২ শতাংশ । সেইদৰে বিদ্যালয় চৌহদতে খোৱাপানীৰ ব্যৱস্থা থকা বিদ্যালয়ৰ হাৰ হ'ল ৮৯.৬১ শতাংশ আৰু সৰ্বভাৰতীয় হাৰ ৯৫.১৭ শতাংশ । বিদ্যালয়ত সুচল অৱস্থাত থকা কম্পিউটাৰৰ হাৰ হ'ল মাত্র ১৫.৭৩ শতাংশ ।

একেদৰে ইণ্টাৰনেটৰ সংযোগ থকা বিদ্যালয়ৰ হাৰ হৈছে মাত্র ৪.৮৩ শতাংশ । এয়াই হৈছে ৰাজ্যৰ শিক্ষা খণ্ডৰ প্ৰকৃত ছবি । কিন্তু ইয়াৰ পাছতো ৰাজ্য চৰকাৰখনে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়ন আৰু গুণগত শিক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই । বৰং ৰাজ্য চৰকাৰে নতুন নতুন সিদ্ধান্ত জাপি দি বিতৰ্কৰ সূচনা কৰি আহিছে ।

লগতে পঢ়ক :আইমী বৰুৱাই ডক্তৰেট ডিগ্ৰীৰ বাবে আসন লাভ কৰা সন্দৰ্ভত তদন্তৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.