ETV Bharat / state

সংগঠনৰ শক্তি বুজিবলৈ বিজেপিয়ে অকলে খেলিব বি টি চি নিৰ্বাচন

author img

By

Published : Mar 14, 2020, 3:01 PM IST

৪০০ত কৈ অধিক প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে বিজেপিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে বি টি চি নিৰ্বাচনৰ বাবে । অহা ১৬ মাৰ্চত ঘোষিত হ'ব বিজেপিৰ প্ৰাৰ্থী তালিকা । সংবাদ মেলত প্ৰকাশ ভৱেশ কলিতাৰ ৷

BJP WILL STAND ALONE IN BTC ELECTION
বিজেপিয়ে অকলে খেলিব বি টি চি নিৰ্বাচন

গুৱাহাটী, 14 মাৰ্চ : বি টি আৰত মিত্ৰতা থাকিলেও সংগঠনৰ শক্তি বুজিবলৈ বিজেপিয়ে অকলে খেলিব বি টি চি নিৰ্বাচন। সোমবাৰে ৰাজ‍্যিক বিজেপিৰ কাৰ্যালয়ত এখন সংবাদমেল যোগে এই কথা স্পষ্ট কৰে মন্ত্ৰী ভৱেশ কলিতাই । মন্ত্ৰীগৰাকীয়ে কয় যে, বি টি চি নিৰ্বাচনত ৪০টা পৰিষদীয় সমষ্টিতে প্ৰাৰ্থী দিব বিজেপিয়ে ৷ বি টি চি নিৰ্বাচনত বিজেপিয়ে ৩০ খন আসন পাব বুলি আশাবাদী মন্ত্ৰী কলিতা ৷

বিজেপিয়ে অকলে খেলিব বি টি চি নিৰ্বাচন
ইতিমধ্যে ৪০০ত কৈ অধিক প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে বিজেপিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে । মন্ত্ৰী,সাংসদে পুনৰ নিৰ্বাচনী জৰীপ আৰম্ভ কৰিছে আৰু জয়ী হোৱাৰ সম্ভাৱনা থকা সকলক প্ৰাৰ্থিত্ব দিব বুলি উল্লেখ কৰে কলিতাই ।

আনহাতে, অহা ১৬ মাৰ্চত ঘোষিত হ'ব বিজেপিৰ প্ৰাৰ্থী তালিকা। নিৰ্বাচনৰ পিচত চৰকাৰ গঠনত বুজাবুজি হ'ব পাৰে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে । এই যুঁজত অগপই বিজেপিক সহায় কৰিব বুলি সংবাদমেলত মন্তব্য মন্ত্ৰী ভৱেশ কলিতাৰ।

লগতে পঢ়ক :কৰ'না আতংকঃ ৩১ মাৰ্চলৈকে ৰাজহুৱা অনুষ্ঠানত ভাগ নলয় মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.