ETV Bharat / state

AGP Workers Convention : অগপৰ লক্ষ্য কংগ্ৰেছমুক্ত অসম গঢ়া; সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য

author img

By

Published : Apr 28, 2023, 9:50 PM IST

AGP Workers Convention
AGP Workers Convention

অগপৰ কমকৰ্তা সন্মিলনবোৰত কৰ্মীসকলৰ মাজত উৎসাহ দেখা গৈছে (AGP workers convention in Guwahati) । ইয়ে প্ৰমাণ কৰে যে অগপ দল বৰ্তমান শক্তিশালী হৈছে । আগন্তুক লোকসভা নিৰ্বাচনত আঞ্চলিক দলসমূহৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব । এই বক্তব্য অগপৰ সাধাৰণ সম্পাদক তথা সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ ।

অগপৰ স্থিতি পূৰ্বতকৈ সবল, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য

গুৱাহাটী, ২৮ এপ্ৰিল : অসম গণ পৰিষদ দলৰ গুৱাহাটী লোকসভা সমষ্টিৰ এখন "বিশেষ কৰ্মকৰ্তা সন্মিলন" মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় (AGP workers convention in Guwahati) । সন্মিলনত অসম গণ পৰিষদ দলৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই সভাপতিত্ব কৰে (Minister Atul Bora) । সন্মিলনৰ উদ্দেশ্য ব্যাখ্যা কৰে অগপৰ সাধাৰণ সম্পাদক তথা সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই (MP Birendra Prasad Boishya) ।

ভাষণ প্ৰসংগত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কয় যে, অগপৰ কমকৰ্তা সন্মিলনবোৰত কৰ্মীসকলৰ মাজত উৎসাহ দেখা গৈছে । ইয়ে প্ৰমাণ কৰে যে, অগপ দলে বৰ্তমান শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে (AGP preparation for Lok Sabha Polls 2024) । তেওঁ কয় যে, আগন্তুক লোকসভা নিৰ্বাচনত আঞ্চলিক দলসমূহৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব । অগপ দলে লোকসভা নিৰ্বাচনত শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ব । লোকসভা নিৰ্বাচনত অগপ দলৰ বিজেপি দলৰ সৈতে মিত্ৰতা হ'ব ।

তেওঁ লগতে কয়, গুৱাহাটী লোকসভা সমষ্টিত অগপ দলৰ ভেটি শক্তিশালী । অগপ দলৰ সৰ্বভাৰতীয় দৃষ্টিভংগী আছে । সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কয় যে, এইবাৰ লোকসভা নিৰ্বাচনৰ অগপ দলৰ মূল লক্ষ্য হ'ব কংগ্ৰেছমুক্ত অসম গঢ়ি তোলা । উল্লেখ্য যে, সভাৰ আৰম্ভণিতে আদৰণী ভাষণ দিয়ে অগপৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই । সভাত ভাষণ দি অগপৰ জ্যেষ্ঠ নেতা তথা বিধায়ক ফণীভূষণ চৌধুৰীয়ে কয় যে, ১৯৮৫ চনত অগপ দলৰ ভেটি শক্তিশালী আছিল । অগপ দলৰ পূৰ্বৰ সেই শক্তি উভতাই আনিব লাগিব ।

তেওঁ কয় যে দলৰ সাংগঠনিক ভেটিৰ বিশ্লেষণ কৰাৰ প্ৰয়োজন আহি পৰিছে । সভাত ভাষণ দি অগপৰ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে বুথ কমিটী শক্তিশালী হ'লে অগপ দল বিজেপি দলতকৈ শক্তিশালী হ'ব । লোকসভা নিৰ্বাচনৰ বাবে অগপ দলে দুমহীয়া সময়ৰ বাবে কৰ্মসূচী প্ৰস্তুত কৰা বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :JYB Protest in Guwahati: নিযুক্তিৰ ক্ষেত্ৰত হোৱা অ'ভাৰ লেপিঙক লৈ জাতীয় যুৱ বাহিনীৰ ব্যাপক প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.