শ্বেয়াৰ বজাৰত উজলিছে বন্ধন বেংক

author img

By

Published : Jun 22, 2021, 5:45 PM IST

শ্বেয়াৰ বজাৰত উজলিছে বন্ধন বেংক

ড: হিমন্ত বিশ্ব শৰ্মা(Dr. Hemanta Biswa Sarma) নেতৃত্বাধীন চৰকাৰে ৰাজ্যৰ ঋণগ্ৰস্ত মহিলাসকলক মাইক্ৰ'ফাইনেন্সৰ ঋণ(Microfinance Loan)ৰ পৰা ৰেহাই দিয়া কাৰ্যই দুখীয়া মহিলাক সকাহ দিয়াৰ আগতেই বাৱসায়িকভাৱে লাভান্বিত হৈছে বন্ধন বেংক(Bandhan Bank)। ব'ম্বে ষ্টক মাৰ্কেটৰ সূচাংকত স্পষ্ট হৈছে এই কথা ।‌

গুৱাহাটী, ২২ জুন: অসম চৰকাৰে ৰাজ্যৰ দুখীয়া মহিলাৰ বিপৰীতে থকা মাইক্ৰ'ফাইনেন্সৰ ঋণ(Microfinance Loan) ৰেহাই দিয়াৰ ক্ষেত্ৰত কৰা ঘোষণাই বাণিজ্যিক ক্ষেত্ৰত ইতিমধ্যেই লাভান্বিত কৰিছে বন্ধন বেংক(Bandhan Bank)ক ।‌‌ ৰাজ্য চৰকাৰে অন্যান্য মাইক্ৰ'ফাইনেন্স প্ৰতিষ্ঠানৰ পৰা‌ মহিলা আত্ম সহায়ক গোটসমূহে লোৱা ঋণৰ কিস্তি পৰিশোধ কৰিব বুলি ঘোষণা কৰাৰ দিন ধৰি দেশৰ শ্বেয়াৰ বজাৰত বন্ধন বেংকৰ শ্বেয়াৰৰ মূল্য ৭ শতাংশ বৃদ্ধি পাইছে । ব'ম্বে ষ্টক মাৰ্কেটৰ তথ্য অনুসৰি, চলিত মাহৰ প্ৰথম সপ্তাহৰ পৰা বন্ধন বেংকৰ ৩৩৮.৭ টকাৰ শ্বেয়াৰ মূল্য ৬.৯৯ শতাংশ হাৰত বৃদ্ধি পাইছে ।

ক'ভিডকেন্দ্ৰিক পৰিস্থিতিত ঋণ ৰিক'ভাৰিৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱা এই বেংকটোক অসম চৰকাৰৰ ঘোষণাই আগতীয়াকৈ লাভৰ মুখ দেখুওৱাটো লক্ষণীয় বুলি বিবেচিত হৈছে ।‌‌‌‌‌ আনকি, যোৱা সপ্তাহত এই বেংকৰ শ্বেয়াৰ মূল্য ৪৩০.৭০ টকালৈ উৰ্ধমূখী হৈছিল ।‌‌ মনকৰিবলগীয়া যে, নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়তে তদানীন্তন বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলা গোটৰ মাইক্ৰ'ফাইনেন্সৰ ঋণ(Microfinance Loan) ৰেহাই দিয়াৰ কথা কৈ মহিলা সমাজৰ ভোট আহৰণৰ চেষ্টা কৰিছিল ।‌‌

তেওঁ এই অভিযানত বিশেষভাৱে নাম লৈছিল বন্ধন বেংকৰ আৰু তেতিয়াৰ পৰাই বন্ধন বেংকৰ বাৱসায়িক লাভ আহৰণৰ বাট কাটিবলৈ সক্ষম হৈছিল । পূৰ্বতে এক নন বেংকিং ফাইনেন্স কোম্পানী হিচাপে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহকে ধৰি বংগৰ চূকে-কোণে শিপাই পৰিছিল বন্ধন মাইক্ৰ'ফাইনেন্স ।‌‌ কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা এটা সম্পূৰ্ণ বেংকলৈ উন্নীত কৰাৰ পিছতো বন্ধন বেংকৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া চন্দ্ৰ শেখৰ ঘোষে উচ্চ হাৰৰ সূদৰ বিপৰীতে দুখীয়া মহিলাক ঋনগ্ৰস্ত কৰাৰ অভিযানৰ পৰা আঁতৰি নাহিল । বৰং অধিক আগ্ৰাসনেৰে বেংকটো দুখীয়া মহিলাৰ মাজত সোমাই পৰিল ।

তথ্য অনুসৰি, পশ্চিমবংগৰ পিছতে বন্ধন বেংকৰ ক্ষুদ্ৰ ঋণৰ পৰিমাণ অসমত বেছি । এই ঋণৰ পৰিমাণ ৭০০০ কোটি । এই পৰিমাণ বেংকটোৰ মুঠৰ মাইক্ৰ'ফাইনেন্সৰ ১২ শতাংশ আৰু মুঠ ঋণৰ ৮ শতাংশ । গতিকে এই বৃহৎ ঋণৰ কিস্তি অসম চৰকাৰে পৰিশোধ কৰাৰ লগে লগে বেংকটোৱে মুনাফা ভিন্ন স্তৰত লাভ কৰিবলৈ সক্ষম হ'ব ।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজনীয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই সন্দৰ্ভত গঠিত কমিটীয়ে অসমত মাইক্ৰ'ফাইনেন্সৰ পৰিমাণ প্ৰথমতে ১২,৫০০ কোটি আৰু পিছত ১৮ জুনৰ এখন সংবাদমেলত ৮২৫০ কোটি বুলি ৰাজহুৱা কৰিছিল । লক্ষণীয় কথাটো হ'ল যে, এই বৃহৎ পৰিমাণৰ ঋণৰ প্ৰকৃত এন বি এফ চি-এম এফ আয়ে দিয়া ঋণৰ পৰিমাণ এহাজাৰ কোটিও নহয় । বেংকলৈ উন্নীত হোৱাৰ পিছতো এই ঋণবোৰ দিছে বন্ধন বেংক, নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক, উজ্জীৱন বেংক, জনা স্মল ফাইনেন্স বেংক আদিৰ দৰে বেংকসমূহেহে ।

অৰ্থাৎ চৰকাৰে মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ সিদ্ধান্তই দুখীয়া মহিলা কিম্বা প্ৰকৃত মাইক্ৰ'ফাইনেন্স অনুষ্ঠানতকৈ অধিক পৰিমাণে লাভান্বিত কৰিব উল্লেখিত বেংক সমূহকহে ।‌ উল্লেখযোগ্য যে, অসম চৰকাৰৰ দ্বাৰা‌ ঋণ ৰেহাইৰ বিষয়ে এতিয়া বিশেষ চৰ্চা লাভ কৰিলেও নিৰ্বাচনৰ আগতেই এই সিদ্ধান্তই বন্ধন বেংকক সহায় কৰিব বুলি স্পষ্ট হৈছিল । এই সন্দৰ্ভত ই টিভি ভাৰতৰ ফালৰ পৰা বন্ধন বেংকৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া চন্দ্ৰ শেখৰ ঘোষৰ লগত যোগাযোগ কৰি প্ৰতিক্ৰিয়া বিচৰা হৈছিল যদিও তেওঁ সেই অনুৰোধ কৌশলেৰে এৰাই চলিছিল ।

লগতে পঢ়ক:অসমৰ দুগৰাকী যুৱকলৈ RIFFৰ শ্ৰেষ্ঠ চুটি ছবিৰ পৰিচালকৰ সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.