ETV Bharat / state

বিসংগতিপূৰ্ণ এন আৰ চি নহয়, এখন শুদ্ধ এন আৰ চিৰ প্ৰয়োজন

author img

By

Published : May 2, 2021, 10:08 AM IST

অসম সত্ৰ মহাসভাৰ কেন্দ্ৰ আৰু ৰাজ্য চাৰকাৰলৈ দাবী । এখন শুদ্ধ নাগৰিকপঞ্জীৰ প্ৰয়োজনত পুনৰ বিবেচনা কৰি কাম হাতত লওঁক ।

NRC
এন আৰ চি

গুৱাহাটী, ২ মে': বিসংগতিপূৰ্ণ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী নহয় এখন শুদ্ধ নাগৰিকপঞ্জীৰ প্ৰয়োজনত পুনৰ বিবেচনা কৰি কাম হাতত লোৱাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চাৰকাৰলৈ দাবী জনাইছে অসম সত্ৰ মহাসভাই । এই সন্দৰ্ভত অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই কয় 'অসম চুক্তিৰ তিনি দশক কাল অতিক্ৰম কৰাৰ পিছত প্রায় এটা দশক উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীনৰ অন্তত ন্যায়ালয়ে ৰায় প্ৰদান কৰে যে ন্যায়ালয়ৰ তত্ত্বাৱধানত যাতে ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ সহযোগত এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ সম্পূৰ্ণ কৰা হয় ।

assam satra mahasabha
অসম সত্ৰ মহাসভা

কেইবাবছৰো পঞ্জীয়নৰ কাম কৰাৰ অন্তত ২০১৯ চনত নাগৰিকপঞ্জীৰ তালিকাখন প্ৰস্তুত তথা প্ৰকাশ কৰা হয় । পৰ্যবেক্ষণ কৰি জনা যায় যে উক্ত তালিকাৰ প্ৰায় ৪০ শতাংশই ভুল তথা প্ৰায় ৪০ শতাংশ বিদেশীৰ নাম উক্ত তালিকাত অন্তৰ্ভুক্ত হ'ল । আনহাতে হাজাৰৰ পৰা লাখৰ ভিতৰত বহু ভাৰতীয় তথা অসমৰ খিলঞ্জীয়া লোকৰ নাম উক্ত নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰা নহ'ল বা বাদ পৰি গ'ল । এই সন্দৰ্ভত বিভিন্ন সামাজিক সংগঠন তথা বেচৰকাৰী সংগঠন আদিয়ে তীক্ষ্ণ সমালোচনা কৰি সময়ে সময়ে দাবী উত্থাপন কৰি আহিছে । অসমৰ অস্তিত্ব ৰক্ষাৰ ৬ বছৰীয়া ঐতিহাসিক অসম আন্দোলন তথা ৮৫৫ জন শ্বহীদৰ আত্মবলিদানৰ ফলত অসম চুক্তি হয় । ভাৰতৰ আন আন ৰাজ্যৰ তুলনাত অসমে ভিত্তিবৰ্ষ হিচাপে লাভ কৰে ১৯৭১ বৰ্ষ । ইয়াকো অসমৰ অধিক সংখ্যক লোকে মানি লোৱাৰ পিছতো ৪০ শতাংশ সন্দেহজনক বিদেশীৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱা বুলি ৰাজহুৱা অভিযোগ উত্থাপিত হোৱাৰ পিছত উক্ত নাগৰিক পঞ্জীখন কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে মানি লোৱা অনুচিত । এনে অশুদ্ধ নাগৰিকপঞ্জী গ্ৰহণ কৰিলে ভাৰত বিৰোধী অৰ্থাৎ দেশদ্ৰোহী কাৰ্যকলাপ বুলি আখ্যা দিয়াৰ লগতে ভাৰতীয় তথা অসমীয়া খিলঞ্জীয়াৰ প্ৰতি তীব্র ভাবুকি স্বৰূপ হৈ পৰিব' ।

NRC
এন আৰ চি

আনহাতে অসম পাব্লিক ওৱৰ্কছ নামৰ সংগঠনটোৰ তীব্ৰ সমালোচনা কৰি মহন্তই কয় 'যি সংগঠনে বহুবাৰ প্ৰকাশিত নাগৰিকপঞ্জীখনত বহু ভুল, অশুদ্ধ আৰু বিদেশীৰ নামেৰে ভৰি থকা বুলি কৈ আহি হঠাৎ সিদিনা কেনেকৈ তেঁওলোকে খিলঞ্জীয়া বিৰোধী কথা ক'লে । এয়া অতিকে ৰহস্যৰ বিষয় । নাগৰিকপঞ্জীত বহু খিলঞ্জীয়াৰ নাম বাদ পৰাটো অতি পৰিতাপৰ বিষয়' ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰী হ'ব কোন ? হঠাৎ ৰাজভৱনত হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.