ETV Bharat / state

Pollution control board: খানাপাৰাত অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ পৰিৱেশ সম্পৰ্কীয় বৈঠক

author img

By

Published : Nov 9, 2022, 10:19 PM IST

মহানগৰীৰ খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আজি অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগ (Environment And Forest Department) আৰু অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ (Pollution Conrtrol Board) উদ্যোগত পৰিৱেশ সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় (Pollution control board meeting)।

Pollution control board meeting held in Khanapara
খানাপাৰাত অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ পৰিৱেশ সম্পৰ্কীয় বৈঠক

গুৱাহাটী, ৯ নৱেম্বৰ: মহানগৰীৰ খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আজি অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগ (Environment And Forest Department) আৰু অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ (Pollution Conrtrol Board) উদ্যোগত পৰিৱেশ সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় (Pollution control board meeting) ।

গুৱাহাটী মহানগৰীৰ বিভিন্ন দুৰ্গা পূজা সমিতিৰ বিষয়ববীয়াসকলৰ উপস্থিতিত অনুষ্ঠিত হয় এই বৈঠক ৷ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এই বৈঠকত প্ৰস্তাৱিত খচৰা পানী প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ অসম (Prevention and Control of Pollution) (সংশোধনী) নিয়ম-২০২২ সম্পৰ্কীয় বিভিন্ন বিষয়সমূহৰ ওপৰত আলোকপাত কৰা হয়৷ অসম চৰকাৰৰ পৰিৱেশ তথা বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ পৌৰহিত্যত বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত সভাত পূজা উৎসৱৰ সময়ত মূৰ্তি বিসৰ্জন, নিৰ্মান তথা আটক ধুনীয়াকৈ মণ্ডপ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন পৰিৱেশ দূষিত সামগ্ৰীৰ ব্যৱহাৰ প্ৰতিৰোধ সম্পৰ্কে আলোচনা কৰা হয় ।

খানাপাৰাত অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ পৰিৱেশ সম্পৰ্কীয় বৈঠক

লগতে পঢ়ক: Union Minister Nitin Gadkari in Assam: ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ ল’বলৈ অসমত নীতিন গাডকাৰী

পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা সন্দৰ্ভতো বৈঠকত উপস্থিত দুৰ্গা পূজা সমিতিৰ বিষয়ববীয়াসমূহৰ পৰা মতামত গ্ৰহণ কৰে । বৈঠকত মূৰ্তি তথা মণ্ডপ নিৰ্মাণৰ ক্ষেত্ৰত প্লাষ্টাৰ অফ পেৰিছৰ ব্যৱহাৰ নিষিদ্ধ, চিন্থেটিক ৰঙৰ ব্যৱহাৰ নকৰা, প্ৰতিমাৰ অধিকতম দৈৰ্ঘৰ ২০ ফুটত কৈ অধিক নকৰা আদিকে ধৰি কেইবাটাও বিষয়ৰ ওপৰত খৰচি মাৰি আলোচনা কৰে ।

আজিৰ বৈঠকত পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ (Environment Minister Chandra Mohan Patowary) লগতে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ডঃ অৰূপ কুমাৰ মিশ্ৰ (Assam Pollution Control Council Chairman Arup Kumar Mishra), বৰ্ডৰ সদস্য সচিব ডঃ শান্তনু কে আৰ দত্ত আদিকে ধৰি বৰ্ডৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক: Family Planning Month : তেজপুৰত পৰিয়াল পৰিকল্পনা মাহ আৰু পুৰুষ বন্ধ্যাকৰণ পষেকৰ শুভাৰম্ভণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.