Child marriage in Assam: ৰাজ্যত এইবাৰ বাল্য বিবাহৰ বিৰুদ্ধে চলিব অভিযান; ধৰা পৰিলেই জে’ল

author img

By

Published : Jan 23, 2023, 6:45 PM IST

Child marriage in Assam

বাল্য বিবাহ কৰা হ’ল সাৱধান হওক ৷ কাৰণ এতিয়া ধৰা পৰিলেই যাব লাগিব জে’ললৈ ৷ আগন্তুক 15 দিনৰ ভিতৰত বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত আৰক্ষীয়ে চলাব ব্যাপক অভিযান (Assam CM on child marriage) ৷

বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত চলিব কঠোৰ অভিযান

গুৱাহাটী, 23 জানুৱাৰী: অসম আৰক্ষীয়ে সমগ্ৰ অসমত শীঘ্ৰে চলাব এক ব্যাপক অভিযান । এই অভিযান এইবাৰ জেহাদীৰ বিৰুদ্ধে নহয় ।‌ নহয় কোনো ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে । অসম আৰক্ষীয়ে এইবাৰ বাল্য বিবাহৰ বিৰুদ্ধে ব্যাপক আৰু কঠোৰ অভিযান চলাব (Child marriage in Assam) । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) এক সংবাদমেল যোগে সদৰী কৰে এই কথা ৷

সোমবাৰে জনতা ভৱনত এক সংবাদমেল অসমত বাল্য বিবাহ কৰাসকলৰ বিৰুদ্ধে এক প্ৰকাৰ যুদ্ধ ঘোষণা কৰি কয় যে, অসমত অবৈধভাৱে কম বয়সৰ ছোৱালী বিবাহ কৰা অৰ্থাৎ বাল্য বিবাহ কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব (Operation against child marriage in Assam) । অসমত অবৈধভাৱে কম বয়সৰ ছোৱালী বিবাহ কৰা সকলক আৰু এই বিবাহত সহায় কৰা সকলক কঠোৰ হাতেৰে দমন কৰা হ’ব । কোনো লোক ধৰা পৰিলে কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব বুলিও সকীয়নি প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Assam CM strict against child marriage) ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, অসমত বাল্য বিবাহৰ উদ্বেগজনক তথ্য পোৱা গৈছে (child marriage rate in Assam) । ৰাষ্ট্ৰীয় পৰিয়াল আৰু স্বাস্থ্য সমীক্ষা 5 ৰ তথ্যৰ ( National family and health survey 5) ভিত্তিত অসমত বাল্য বিবাহৰ উদ্বেগজনক তথ্য পোৱা গৈছে । লগতে ৰাষ্ট্ৰীয় পৰিয়াল আৰু স্বাস্থ্য সমীক্ষাৰ তথ্য মতে অসমত কম বয়সতে অন্তঃসত্বা হোৱা আৰু সন্তান প্ৰসৱ কৰা কিশোৰীৰ সংখ্যা উদ্বেকজনকভাৱে বৃদ্ধি পাইছে । সেই ভিত্তিত চৰকাৰে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

POCSO (Protection of Children from Sexual Offences) আইনৰ অধীনত 14 বছৰৰ তলৰ ছোৱালীক বিয়া কৰোৱা সকলক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ’ব আৰু 14 ৰ পৰা 18 বছৰ বয়সৰ ছোৱালী বিয়া কৰোৱা সকলক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ অসমত এক লাখ বাল্য বিবাহ সম্পন্ন হোৱাৰ কথাও ৰাজহুৱা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

অসমত বাল্য বিবাহ নোহোৱা কৰিবৰ বাবেই এতিয়া আৰক্ষীয়ে POCSO আইনৰ অধীনত বাল্য বিবাহ কৰা সকলৰ বিৰুদ্ধে চলাব তীব্ৰ অভিযান ৷ উদ্বেগজনকভাৱে, ধুবুৰী জিলাত আটাইতকৈ বেছি বাল্য বিবাহ সম্পন্ন হৈছে ৷ আনহাতে, ৰাজ্যত 9 বছৰীয়া ছোৱালীও অন্তঃসত্বা হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ যি কথা সদৰী কৰিছে খোদ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে, অনাগত 15 দিনৰ ভিতৰতে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ ইংগিত প্ৰদান কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

উল্লেখ্য যে, এতিয়াৰ পৰা পঞ্চায়তৰ সচিবক বাল্য বিবাহ প্ৰতিৰোবাধৰ বিষয়া হিচাপে মনোনীত কৰা হৈছে আৰু এজাহাৰ দাখিলৰ দ্বায়িত্ব দিয়া হৈছে ৷ লগতে, অসমে বাল্য বিবাহ প্ৰতিৰোধৰ ক্ষেত্ৰত কৰ্ণাটক ৰাজ্যক উদাহৰণ হিচাপে হিচাপে লৈ কাম কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: Nilmani Phookan Closed letter: ৩১ জানুৱাৰীৰ পিচতহে খোল খাব কাব্যঋষিৰ ৰঙা চিয়াঁহীৰ চিঠি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.