ETV Bharat / state

LPG Price reduce: ২০১৪ৰ কংগ্ৰেছ আমোলত ৰন্ধন গেছৰ দাম কিমান আছিল ? মুখ্যমন্ত্ৰীৰ টুইটক লৈ বিভ্ৰান্তি; কংগ্ৰেছৰ আক্ৰমণ

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 7:55 PM IST

Updated : Aug 30, 2023, 8:49 PM IST

২০১৪ৰ কংগ্ৰেছ আমোলত ৰন্ধন গেছৰ দাম কিমান আছিল ? ১,২৪১ টকা নে ৪১০ টকা ? মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এটা টুইটে সৃষ্টি কৰিছে বিভ্ৰান্তি ৷ মীৰা বৰঠাকুৰৰ ক্ষুৰধাৰ সমালোচনা ।

LPC Price reduce
LPC Price reduce

গুৱাহাটী, ৩০ আগষ্ট: ৰন্ধন গেছৰ দাম ২০০ টকা কমিল ৷ তাৰ মাজতে ৰাজ্যত বিতৰ্কৰ সূত্ৰপাত ঘটিছে ৷ ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ শাসনভাৰ হাতত লওঁতে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম কিমান আছিল ? ১,২৪১ টকা নে ৪১০ টকা ? অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এটা টুইটে সৃষ্টি কৰিছে বিভ্ৰান্তিৰ ।

এই লৈ মুখ্যমন্ত্ৰীগৰাকীক ক্ষুৰধাৰ সমালোচনা অসম প্ৰদেশ কংগ্ৰেছৰ ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰন্ধন গেছৰ দামক লৈ টুইটাৰ যোগে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ তুলি তীব্ৰ সমালোচনা কৰিছে অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে ৷

কেন্দ্ৰীয় চৰকাৰে ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰত ২০০ টকাকৈ দাম হ্ৰাস কৰাৰ পিছত কংগ্ৰেছক আক্ৰমণ কৰি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এটা টুইট কৰে ৷ টুইটটোত তেওঁ ২০১৪ চনত ১ জানুৱাৰীত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ১২৪১ টকা আছিল বুলি উল্লেখ কৰে লগতে কংগ্ৰেছক আক্ৰমণ কৰি কয় যে কংগ্ৰেছৰ এতিয়া নীৰৱে থকাটোৱেই কাম হোৱা উচিত কংগ্ৰেছৰ বাবে ।

LPC Price reduce
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে পুৱা টুইটত লিখিছিল— “১৪.২ কেজি এল পি জি চিলিণ্ডাৰৰ মূল্য- ১ জানুৱাৰী ২০১৪: ১,২৪১ টকা / ২৯ আগষ্ট ২০২৩: ৯০৩ টকা ৷ কংগ্ৰেছে কৰিব পৰা আটাইতকৈ ভাল কাম হ’ল নীৰৱে থকাটো ৷”

এই টুইটটোক লৈ এতিয়া বিভ্ৰান্তিৰ সৃষ্টি হৈছে ৷ সঁচাকৈয়ে প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰ নৰেন্দ্ৰ মোদীয়ে দায়িত্ব লওঁতে ৰন্ধন গেছৰ মূল্য ১,২৪১ টকা আছিল নে ? নে ২০১৪ চনত কংগ্ৰেছৰ আমোলত ৪১০ টকা আছিল ? ৰন্ধন গেছৰ দাম ?

বিয়লিলৈ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধ সৰৱ হৈ পৰে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ ৷ বৰঠাকুৰে মন্তব্য কৰিছে—

  • " class="align-text-top noRightClick twitterSection" data="">
‘‘কেৱল তথ্য বিভ্ৰান্তি আৰু ফাঁকি ,অপপ্ৰচাৰৰে ৰাইজক বুৰ্বক সজাইছে বিজেপি চৰকাৰে ! Facebook, Google, WhatsApp সকলো বিজেপিৰ হস্তগত হ’বলৈ গৈ আছে । নিৰ্বাচনৰ আগত মিছা ,ভুৱা তথ্যৰে বিভ্ৰান্তি সৃষ্টিৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলাইছে । LPG ৰ দাম ২০১৪ চনত ৪১০ টকা আছিল । মুখ্যমন্ত্ৰীজনে টুইটযোগে মিছা প্ৰচাৰ কৰি ৰাইজক বুৰ্বক সজাব খোজা বিষয়ক গৰিহণা দিছোঁ । বাকী আৰু ফাঁকিৰে চলাইছে দেশ...৷’’

২০১৪ চনত ৰন্ধন গেছৰ দাম ৪১০ টকা আছিল বুলি উল্লেখ কৰি প্ৰমাণ স্বৰূপে এখন ৰাষ্ট্ৰীয় কাকতৰ পেপাৰ কাটিং নিজৰ টুইটত সংলগ্ন কৰি দিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷

লোকসভা নিৰ্বাচন সমাগত ৷ এনে পৰিস্থিতিত স্বাভাৱিকতে ৰন্ধন গেছৰ দাম হ্ৰাসকৰণে গৃহিণীসকলক যে প্ৰভাৱিত কৰিব সেয়া নিশ্চিত ৷ আনহাতে সামান্য পৰিমাণে হ’লেও বিৰোধীক অস্ত্ৰহীন কৰিছে ৷ তাৰ মাজতে ২০১৪ ত ৰন্ধন গেছৰ দামক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ টুইটে এতিয়া বিতৰ্কৰ বাবে বিৰোধীক নতুন ইন্ধন যোগালে ৷

লগতে পঢ়ক: Crisis in Assam Tea Industry : সংকটত অসমৰ চাহ উদ্যোগ; ৫ বছৰত বিক্ৰী ৬৮ খন চাহ বাগিচা

Last Updated :Aug 30, 2023, 8:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.