ETV Bharat / state

ক'ভিড টেষ্ট কৰাৰ ক্ষেত্ৰত এক কোটিৰ ঘৰ অতিক্ৰম অসমৰ

author img

By

Published : May 23, 2021, 10:30 PM IST

ৰাজ্যখনত এতিয়ালৈকে ১,০০,৮৯,৭১৪ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰাৰ বিপৰীতে মুঠ ৩,৬৫,৬২০ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰিছে আৰু ইয়াৰে ৩,০৭,৫৪৮ গৰাকীয়ে আৰোগ্য লাভ কৰিছে। ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ ৫,৯৮০ গৰাকী লোক ক'ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৭৯ গৰাকী ৰোগীৰ। আক্ৰান্তৰ হাৰ ৫.৫৭ শতাংশলৈ হ্ৰাস পাইছে।

ক'ভিড টেষ্ট কৰাৰ ক্ষেত্ৰত এক কোটিৰ ঘৰ অতিক্ৰম অসমৰ
ক'ভিড টেষ্ট কৰাৰ ক্ষেত্ৰত এক কোটিৰ ঘৰ অতিক্ৰম অসমৰ

গুৱাহাটী, ২৩মে': ক'ভিড টেষ্টৰ ক্ষেত্রত অসমে এক কোটিৰ ঘৰ অতিক্ৰম কৰিলে। বিগত ২৪ ঘণ্টাত ১,০৭,৩৯৮ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰাৰ লগে লগে অসমে কোটিৰ ঘৰ অতিক্ৰম কৰিলে । ৰাজ্যখনত এতিয়ালৈকে ১,০০,৮৯,৭১৪ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰাৰ বিপৰীতে মুঠ ৩,৬৫,৬২০ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰিছে আৰু ইয়াৰে ৩,০৭,৫৪৮ গৰাকীয়ে আৰোগ্য লাভ কৰিছে ।

ক'ভিড টেষ্ট কৰাৰ ক্ষেত্ৰত এক কোটিৰ ঘৰ অতিক্ৰম অসমৰ
ক'ভিড টেষ্ট কৰাৰ ক্ষেত্ৰত এক কোটিৰ ঘৰ অতিক্ৰম অসমৰ

আনহাতে এতিয়ালৈকে ক'ভিডত ৰাজ্যৰ ২,৬৬৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। বৰ্তমান ৰাজ্যখনত সক্ৰিয় হৈ থকা ক'ভিড ৰোগীৰ সংখ্যা হৈছে ৫৪,০৫৮ গৰাকী। ইয়াৰে গৰিষ্ঠ সংখ্যাকে হBম আইছ'লেচনত আছে । ৰাজ্যখনত ক'ভিড ৰোগীৰ আৰোগ্যৰ হাৰ ৮৪.১২ শতাংশ আৰু মৃত্যুৰ হাৰ ০.৭৩ শতাংশ ।

ক'ভিড টেষ্ট কৰাৰ ক্ষেত্ৰত এক কোটিৰ ঘৰ অতিক্ৰম অসমৰ
ক'ভিড টেষ্ট কৰাৰ ক্ষেত্ৰত এক কোটিৰ ঘৰ অতিক্ৰম অসমৰ

বিগত ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ ৫,৯৮০ গৰাকী লোক ক'ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৭৯ গৰাকী ৰোগীৰ। আক্ৰান্তৰ হাৰ ৫.৫৭ শতাংশ । এটা আশাব্যঞ্জক খবৰ যে ৰাজ্যখনত আক্ৰান্তৰ হাৰ লাহে লাহে হ্ৰাস পাব ধৰিছে। কিছুদিন পূৰ্বে আক্ৰান্তৰ হাৰ প্ৰায় ১০ শতাংশলৈ বৃদ্ধি পাইছিল ।

ক'ভিড টেষ্ট কৰাৰ ক্ষেত্ৰত এক কোটিৰ ঘৰ অতিক্ৰম অসমৰ
ক'ভিড টেষ্ট কৰাৰ ক্ষেত্ৰত এক কোটিৰ ঘৰ অতিক্ৰম অসমৰ

অৱশ্যে আক্ৰান্তৰ হাৰ হ্ৰাস পালেও কিন্তু মৃত্যুৰ হাৰ হ্ৰাস পোৱা নাই। বিগত ২৪ ঘণ্টাত গুৱাহাটী মহানগৰীত সৰ্বাধিক ১৯ গৰাকী ৰোগীৰ মৃত্যু হয় । আনহাতে, আক্ৰান্তৰ হাৰো গুৱাহাটী মহানগৰীত সৰ্বাধিক ।

ক'ভিড টেষ্ট কৰাৰ ক্ষেত্ৰত এক কোটিৰ ঘৰ অতিক্ৰম অসমৰ
ক'ভিড টেষ্ট কৰাৰ ক্ষেত্ৰত এক কোটিৰ ঘৰ অতিক্ৰম অসমৰ

বিগত ২৪ ঘণ্টাত গুৱাহাটীত ৯০২ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে কাছাৰত ৫০২, নগাঁৱত ৪২২ আৰু কামৰূপত ৩৮৯ গৰাকী আক্ৰান্ত হৈছে। ইফালে বিগত ২৪ ঘণ্টাত ৪,৬৫৯ গৰাকী ক'ভিড ৰোগী সুস্থ হৈছে ।

লগতে পঢ়কঃ কৰ’ণাৰ মাজতে লাইকা-দধীয়াবাসীৰ সন্মুখত পুনৰ আন এক প্ৰত্যাহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.