Heart Patient treatment: ২৬ জানুৱাৰীত আহমেদাবদলৈ প্ৰেৰণ কৰা হ'ব হৃদৰোগত আক্ৰান্ত শিশুৰ প্ৰথমটো দল

author img

By

Published : Jan 21, 2023, 10:40 PM IST

Heart Patient treatment

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনৰ চি এন চেণ্টাৰত জন্মগত জটিল হৃদৰোগত আক্ৰান্ত শিশুসকলৰ প্ৰাৰম্ভিক স্বাস্থ্য পৰীক্ষা শিবিৰ । স্ক্ৰীণিং কেম্প মুকলি অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ এন কোটেশ্বৰ সিঙৰ অংশ গ্ৰহণ । হৃদৰোগত আক্ৰান্ত অসমৰ পাঁচশ শিশু আৰু পাঁচশ প্ৰাপ্তবয়স্ক হৃদৰোগীক দুবছৰৰ ভিতৰত শ্ৰীসত্য সাই হাৰ্ট হাস্পতালত বিশ্বমানৰ চিকিৎসা তথা অস্ত্ৰোপচাৰৰ বিনামূলীয়া ব্যৱস্থা ।

গুৱাহাটী,21 জানুৱাৰী: জন্মগতভাৱে জটিল হৃদৰোগত আক্ৰান্ত(heart disease of child) অসমৰ শিশুৰ প্ৰথমটো দলক চিকিৎসাৰ বাবে 26 জানুৱাৰীত আহমেদাবাদস্থিত শ্ৰীসত্য সাই হাৰ্ট হাস্পতাললৈ প্ৰেৰণ কৰা হ'ব(Sri Sathya Sai Heart Hospital) । অসম চৰকাৰ আৰু শ্ৰীসত্য সাই হাৰ্ট হাস্পতালৰ মাজত 7 জানুৱাৰীত সম্পাদিত বুজাবুজি চুক্তিৰ অধীনত দেশৰ অগ্ৰণী হৃদৰোগ চিকিৎসা প্ৰতিষ্ঠানখনে অসমৰ হৃদৰোগী শিশুসকলক সম্পূৰ্ণ বিনামূলীয়াকৈ বিশ্বমানৰ চিকিৎসা সেৱা আগবঢ়াব ।

Heart Patient treatment
স্বাস্থ্য পৰীক্ষা শিবিৰৰ উদ্বোধন মন্ত্ৰী কেশৱ মহন্তৰ

জৰুৰী চিকিৎসা তথা অস্ত্ৰোপচাৰৰ প্ৰয়োজন হোৱা গুৰুতৰ হৃদৰোগী শিশুসকলক এই প্ৰথমটো দলত আহমেদাবাদলৈ প্ৰেৰণ কৰিবলৈ লোৱা হৈছে । ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ(Assam health department) উদ্যোগত আৰু শ্ৰীসত্য সাই হাৰ্ট হাস্পতালৰ সহযোগত শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ(GMCH) অধীনৰ হৃদয়, বক্ষ আৰু স্নায়ুৰোগ কেন্দ্ৰত (চি এন চেণ্টাৰ) এনে জন্মগত জটিল হৃদৰোগত আক্ৰান্ত শিশুসকলৰ এটা প্ৰাৰম্ভিক স্বাস্থ্য পৰীক্ষা শিবিৰ (স্ক্ৰীণিং কেম্প) অনুষ্ঠিত কৰা হয়(Treatment for child heart patients) ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ এন কোটেশ্বৰ সিং আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই(Minister Keshab Mahanta) শনিবাৰে চি এন চেণ্টাৰত(Cardiothoracic and Neuroscience Centre) বন্তি প্ৰজ্বলনেৰে এই স্ক্ৰীণিং শিবিৰৰ শুভাৰম্ভণি কৰে । জটিল হৃদৰোগত আক্ৰান্ত শিশুসকলক চিনাক্তকৰণৰ বাবে আয়োজিত এই স্বাস্থ্য পৰীক্ষণ শিবিৰ মুকলি কাৰ্যসূচীত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, শ্ৰীসত্য সাই হাৰ্ট হস্পিতালৰ পৰিচালন ন্যাসৰক্ষী মনোজ ভিমানী, এন এইচ এম অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰী, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য, চি এন চেণ্টাৰৰ সঞ্চালক ডাঃ বি বৈশ্য, হৃদৰোগ বিভাগৰ অধ্যাপক ডাঃ প্ৰণৱ ভট্টাচাৰ্য উপস্থিত আছিল ।

Heart Patient treatment
GMCHত জন্মগতভাৱে হৃদৰোগত আক্ৰান্ত শিশুৰ স্বাস্থ্য পৰীক্ষা শিবিৰ

এই স্ক্ৰীণিং কেম্পত আহমেদাবাদৰ শ্ৰীসত্য সাই হাৰ্ট হাস্পতালৰ পৰা অহা সাতজনীয়া হৃদৰোগ বিশেষজ্ঞৰ এটা দলে চি এন চেণ্টাৰৰ হৃদৰোগ বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ সহযোগত অসমৰ হৃদৰোগত আক্ৰান্ত শিশুসকলৰ প্ৰাৰম্ভিক স্বাস্থ্য পৰীক্ষা কৰে । আহমেদাবাদত চিকিৎসাৰ প্ৰয়োজন থকা শিশু ৰোগীসকলক প্ৰাৰম্ভিক স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে শ্ৰীসত্য সাই হাৰ্ট হাস্পতালৰ পৰা অহা হৃদৰোগ বিশেষজ্ঞৰ দলটোত আছে ডাঃ হৰিশ পাটেল, ডাঃ টি এন ৰমন, ডাঃ নীৰজ অগ্ৰৱাট, ডাঃ পৱন পাটেল, ডাঃ বৰুণ তিৱাৰী আৰু ডাঃ ভৱেশ ওজা ।

তেওঁলোকক সহযোগিতা আগবঢ়াই চি এন চেণ্টাৰৰ(CN Center GMCH) হৃদৰোগ বিশেষজ্ঞ তথা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হৃদৰোগ বিভাগৰ মূৰব্বী অধ্যাপক ডাঃ প্ৰণৱজ্যোতি ভট্টাচাৰ্য, হৃদৰোগ অস্ত্ৰোপচাৰ বিভাগৰ সহযোগী অধ্যাপক ডাঃ ফাহিম ইকবাল, ডাঃ উজ্জ্বল শৰ্মা, উপ অধীক্ষকদ্বয় ডাঃ ৰাণাদ্বীপ দাস আৰু ডাঃ ৰাজীৱ ৰয় বৰুৱাই (পেডিয়াট্ৰিক ছাৰ্জন) ।

উল্লেখ্য যে, গুৱাহাটী উচ্চ ন্যায়লয়ৰ বিদায়ী মুখ্য ন্যায়ধীশ আৰ এম ছায়াৰ বিশেষ উদ্যোগত আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত অসমৰ হৃদ ৰোগাত আক্ৰান্ত শিশুৰ(Hearth patient of Assam) লগতে দৰিদ্ৰ পৰিয়ালৰ হৃদৰোগীলৈ সম্পূৰ্ণ বিনামূলীয়াকৈ অস্ত্ৰোপচাৰসহ বিশ্বমানৰ অত্যাধুনিক চিকিৎসাসেৱা উপলব্ধ কৰাৰ বাবে হৃদৰোগ চিকিৎসাৰ ক্ষেত্ৰত সুনাম থকা দেশৰ এই আগশাৰীৰ দাতব্য চিকিৎসালয়খনৰ সৈতে অসম চৰকাৰে দ্বিপাক্ষিক সহযোগিতাৰ বুজাবুজিত স্বাক্ষৰ কৰে ।

এই বুজাবুজি চুক্তি অনুসৰি জন্মগতভাৱে জটিল হৃদৰোগত আক্ৰান্ত অসমৰ পাঁচশ শিশু আৰু পাঁচশ প্ৰাপ্তবয়স্ক হৃদৰোগীক দুবছৰৰ ভিতৰত আহমেদাবাদ আৰু ৰাজকোটৰ শ্ৰীসত্য সাই হাৰ্ট হাস্পতালত বিশ্বমানৰ চিকিৎসা তথা অস্ত্ৰোপচাৰৰ সুবিধা আগবঢ়োৱা হ’ব(Hearth patient treatment in Ahmedabad) । এই হৃদৰোগী শিশু তথা বয়সস্থ লোকসকলৰ চিকিৎসাৰ সমস্ত ব্যয়ৰ লগতে খোৱা-বোৱাৰ খৰছো শ্ৰীসত্য সাই হাস্পতাল ন্যাসে আগবঢ়াব । আনহাতে অসমৰ পৰা হৃদৰোগৰ আগশাৰীৰ দাতব্য চিকিৎসালয়খনলৈ চিকিৎসা গ্ৰহণৰ বাবে পঠিওৱা প্ৰতিগৰাকী শিশু তথা হৃদৰোগী আৰু অভিভাৱকসকলৰ যাতায়াতৰ খৰছকে ধৰি আন আনুষংগিক ব্যয় সম্পূৰ্ণ ভাৱে ৰাজ্য চৰকাৰে বহন কৰিব ।

লগতে পঢ়ক: Fetus in Fetu operation in Dibrugarh: আচৰিত ! 11মহীয়া ল’ৰাৰ পেটত কেনেকৈ ওলাল ভ্ৰুণ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.