Assam Govt new cabinet decisions: গাঁও পঞ্চায়তৰ প্ৰতিনিধিয়ে প্ৰতি মাহৰ ১০ তাৰিখে পাব পাৰিতোষিক

author img

By

Published : Nov 16, 2022, 8:34 PM IST

Assam Govt new cabinet decisions

আজি জনতা ভৱনত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় (Assam Government cabinet meeting)। বৈঠকৰ অন্তত সংবাদমেল যোগে কেবিনেটৰ সিদ্ধান্তসমূহ অৱগত কৰে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই (Assam Govt new cabinet decisions)।

গুৱাহাটী, 16 নৱেম্বৰ: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত আজি জনতা ভৱনত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় (Assam Government cabinet meeting)। বৈঠকৰ অন্তত সংবাদমেল যোগে কেবিনেটৰ সিদ্ধান্তসমূহ অৱগত কৰে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই (Assam Govt new cabinet decisions)।

গাঁও পঞ্চায়তৰ প্ৰতিনিধিয়ে প্ৰতি মাহৰ ১০ তাৰিখে পাব পাৰিতোষিক

কেবিনেটৰ সিদ্ধান্ত অনুসৰি :

অসমৰ থানাসমূহৰ নাগৰিক পৰ্যায়ৰ কমিটীসমূহ নতুনকৈ গঢ় দিয়া হ'ব (Civic committee of Assam police stations)। থানা কমিটীসমূহৰ এজন অধ্যক্ষ থাকিব আৰু যিজনক চৰকাৰৰ ফালৰ পৰা নিযুক্তি দিয়া হ'ব । স্থানীয় সামাজিক ব্যক্তিক এই দায়িত্ব দিয়া হ'ব । লগতে সদস্য সচিব হিচাপে থাকিব থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়াজন । তদুপৰি থাকিব চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু আন বিভাগৰ জ্যেষ্ঠ বিষয়া ।

সেইদৰে সদস্য হিচাপে পৌৰ সভা নাইবা পৌৰ নিগমৰ পাৰিষদ থাকিব । আনহাতে পাব্লিক প্ৰতিনিধিৰ উপৰি ছগৰাকী মনোনিত সদস্য থাকিব । ইয়াৰে তিনিজন উপায়ুক্তৰ ফালৰ পৰা দিয়া হ'ব আৰু তিনিজনক আৰক্ষী অধীক্ষকৰ ফালৰ পৰা দিয়া হ'ব । এইদৰে থানাৰ নাগৰিক সমিতিখন গঠন কৰা হ'ব । যাৰ ফলত জনতা আৰু আৰক্ষীৰ মাজৰ সম্পৰ্কটো আৰু অধিক ভাল হ'ব (Relation of Police and public)।

আনহাতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ নিৰ্বাচিত প্ৰতিনিধিৰ মাহিলী পাৰিতোষিক পূৰ্বতে অনিয়মীয়া আছিল । কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা নিয়মীয়া কৰা হৈছে । গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলে প্ৰতি মাহৰ ১০ তাৰিখে তেওঁলোকৰ মাহিলী পাৰিতোষিক লাভ কৰিব ।

আজিৰ কেবিনেটে আসাম চিভিল চাৰ্ভিচৰ ৭২ টা ছিনিয়ৰ গ্ৰেড ওৱানৰ অস্থায়ী পদ সৃষ্টি কৰে । প্ৰশাসনীয় কাম-কাজৰ সুবিধাৰ বাবে পদসমূহ সৃষ্টি কৰা হৈছে । ছিনিয়ৰ গ্ৰেড-২ ৰ পদোন্নতি কৰি এই পদ সৃষ্টি কৰা হৈছে ।

আনহাতে লাচিত দিৱসৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপন সন্দৰ্ভত আজিৰ কেবিনেটত বিশদভাৱে আলোচনা কৰা হয় । দিল্লীৰ বিজ্ঞান ভৱনত অহা ২৩, ২৪ আৰু ২৫ নৱেম্বৰত উদযাপন কৰিবলগীয়া লাচিত দিৱসৰ বিস্তৃত কাৰ্যসূচীৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । বীৰ লাচিত বৰফুকনৰ ত্যাগ-বলিদান আৰু পৰাক্ৰমক বিশাল পৰিসৰত দাঙি ধৰা সন্দৰ্ভত কেবিনেটত বিশদ আলোচনা কৰা হয় ।

লগতে পঢ়ক: Millet mission in Assam: এইবাৰ চৰকাৰক ধান বেচি কৃষকে পাব প্ৰতি কুইন্টলত 2040 টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.