ETV Bharat / state

"অসমীয়া"ৰ সংজ্ঞা নিৰূপণ চৰকাৰে কৰিবই: বিধানসভাত ক'লে মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Mar 30, 2022, 2:28 PM IST

বিধানসভাৰ সদনত উত্থাপন অসমীয়াৰ সংজ্ঞাৰ প্ৰসংগ । ধিঙৰ বিধায়ক আমিনুল ইছলামৰ প্ৰশ্ন মুখ্যমন্ত্ৰীলৈ । উত্তৰত মুখ্যমন্ত্ৰীয়ে কি ক'লে জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

defination of assamese assembly
"অসমীয়া"ৰ সংজ্ঞা নিৰূপন চৰকাৰে কৰিবই

গুৱাহাটী, ৩০ মাৰ্চ: "অসমীয়া" কোন ? "অসমীয়া"ৰ সংজ্ঞা কি ? বিগত কেইবা দশকজুৰি কোনো উত্তৰ নোলোৱাকৈ চৰ্চিত হৈ থকা এই বিষয়টো বুধবাৰে পুনৰ উত্থাপিত হয় অসম বিধানসভাৰ মজিয়াত । AIUDFৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে আজি সদনত বিষয়টো উত্থাপন কৰি চৰকাৰৰ পৰা জানিব বিচাৰে যে "অসমীয়া"ৰ সংজ্ঞা ইতিমধ্যে নিৰূপণ কৰা হৈছে নেকি (Question on definition of Assamese in Assam assembly) ?

বিধায়ক গৰাকীৰ এই প্ৰশ্নৰ উত্তৰত সদনত মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই স্পষ্ট কৰি দিয়ে যে, এই পৰ্যন্ত এই প্ৰশ্নৰ উত্তৰ নিৰ্দিষ্ট কৰা হোৱা নাই । কিন্তু একেসময়তে মুখ্যমন্ত্ৰীয়ে এই কথাও স্পষ্ট কৰি দিয়ে যে, বৰ্তমানৰ চৰকাৰখনে "অসমীয়া" ৰ সংজ্ঞা নিৰূপণৰ বিষয়টোক অগ্ৰাধিকাৰ ভিত্তিত লৈছে আৰু এই চৰকাৰৰ কাৰ্যকালতে সেই কাম সম্পূৰ্ণ কৰি তোলা হ’ব ।

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে, আবেগিকভাৱে অসমত দশক দশক ধৰি বসবাস কৰি অহা সকলো লোক, যিসকলে অসমৰ ভাষা, কৃষ্টি, সংস্কৃতিক নিজৰ বুলি ইতিমধ্যে আঁকোৱালি লৈছে সেই সকলোৱেই অসমীয়া । কিন্তু অসম চুক্তিৰ ছয় নম্বৰ দফা অনুসৰি সেয়া নহয় ।

গতিকে ছয় নম্বৰ দফা অনুসৰি "অসমীয়া" সংজ্ঞা কি হ’ব সেয়া এই চৰকাৰৰ কাৰ্যকালতে চূড়ান্ত কৰা হ’ব । বৰ্তমানৰ তেওঁৰ চৰকাৰখনে আন কেইবাটাও বিষয়ক যেনেদৰে অগ্ৰাধিকাৰ ভিত্তিত লৈছে ঠিক একেদৰে "অসমীয়া" ৰ সংজ্ঞা নিৰূপণৰ বিষয়টোকো অগ্ৰাধিকাৰ হিচাপে লোৱা হৈছে ।

আনহাতে, বিষয়টো সন্দৰ্ভত মন্তব্য কৰি অসম চুক্তি ৰূপায়ণ দপ্তৰৰ মন্ত্ৰী অতুল বৰাই সদনত কয় যে, ২০১৬ চনৰে পৰাই এই সংজ্ঞা নিৰ্দ্ধাৰণৰ প্ৰক্ৰিয়া চলাবলৈ মন্ত্ৰী গোট চৰকাৰে গঠন কৰি দিছিল । কিন্তু অসমৰ বহু কেইটা দল-সংগঠনে এই মন্ত্ৰী গোটৰ ওচৰত তেওঁলোকৰ প্ৰতিবেদনেই দাখিল নকৰিলে ।

যাৰ ফলত প্ৰক্ৰিয়াটো স্থৱিৰ হৈ থাকিল । তাৰো পূৰ্বে বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত প্ৰণৱ গগৈয়ে বিভিন্ন দল-সংগঠনৰ সৈতে আলোচনা কৰি "অসমীয়া"ৰ সংজ্ঞা সন্দৰ্ভত এক প্ৰতিবেদন দিছিল যদিও চৰকাৰে সেই প্ৰতিবেদন গ্ৰহণ নকৰিলে । যাৰ বাবে এতিয়াও নিৰূপণ হোৱা নাই অসমীয়াৰ সংজ্ঞা ।

লগতে পঢ়ক: মূল্যবৃদ্ধিৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদত বহিল AJYCP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.